অসম

assam

Samantha Temple : অন্ধ্ৰপ্ৰদেশত সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে তেওঁৰ মন্দিৰ; আজি হ’ব উদ্বোধন

By

Published : Apr 28, 2023, 11:43 AM IST

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ এগৰাকী অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বাবে নিৰ্মাণ কৰিছে মন্দিৰ (Samantha Ruth Prabhu)। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Samantha Ruth Prabhu fan built a temple in Andhra Pradesh
সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

চিটাৰা ডেস্ক, 28 এপ্ৰিল:দক্ষিণৰ চলচ্চিত্ৰ জগতখনে আজি কেৱল দক্ষিণতে নহয়, সমগ্ৰ বিশ্বতে নিজৰ নাম বনাবলৈ সক্ষম হৈছে ৷ এই উদ্যোগটোৰ ছুপাৰষ্টাৰসকলে অভিনয় আৰু সুন্দৰ কামৰ দ্বাৰা অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । দক্ষিণৰ অভিনেতা-অভিনেত্ৰীসকলৰ প্ৰতি অনুৰাগীসকলৰ উন্মাদনা ইমানেই বেছি যে তেওঁলোকে নিজৰ প্ৰিয় তাৰকাৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ পৰে ৷ এনে বহু উদাহৰণ নোহোৱা নহয় ৷ বহু সময়ত দেখা যায় অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাৰ বাবে সকলো সীমাও অতিক্ৰম কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ এইবাৰ পুনৰ সংঘটিত হৈছে তেনে এক ঘটনা ৷

সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

শেহতীয়া খবৰ অনুসৰি এজন অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেত্ৰীৰ বাবে নিৰ্মাণ কৰিছে মন্দিৰ (Fan built a temple for the actress Samantha) ৷ এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ ৷ নিজৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা প্ৰেমৰ বাবেই অনুৰাগীজনে অন্ধ্ৰপ্ৰদেশত তেওঁৰ বাবে নিৰ্মাণ কৰিছে মন্দিৰ (Samantha ruth prabhu) ।

সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ বাবে মন্দিৰ নিৰ্মাণ কৰিছে অনুৰাগীয়ে । অন্ধ্ৰ প্ৰদেশৰ বাপাটলা জিলাৰ মণ্ডলৰ আলাপডুৰ বাসিন্দা সন্দীপ নামৰ এজন ব্যক্তিজনে কয় যে তেওঁ সামন্থাক বহুত ভাল পায় । সন্দীপ কয় যে সামন্থাৰ অভিনয়ৰ লগতে সামাজিক কাম-কাজৰ বাবেই তেওঁক ভাল পায় ৷ প্ৰত্যুষ ফাউণ্ডেশ্যনৰ জৰিয়তে শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ সামন্থাই লোৱা পদক্ষেপত বিশেষভাৱে আপ্লুত হৈছিল সন্দীপ ।

সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

সন্দীপে বিশ্বাস কৰে যে তেওঁ সামন্থাৰ যিমান প্ৰশংসা কৰে সেয়া কম আৰু এই ধৰণৰ কামৰ বাবে তেওঁৰ প্ৰশংসাও দুগুণ হয় । কাৰণ নিজৰ জীৱনৰ সৈতে যুঁজি থকা সেই শিশুসকলক অভিনেত্ৰীগৰাকীয়ে পুনৰ জনম দিয়ে । সেইবাবে অভিনেত্ৰীগৰাকীৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লে সন্দীপে (Samantha Ruth Prabhu temple) ৷ সন্দীপে কয় যে তেওঁ এতিয়ালৈকে সামন্থাক দেখা নাই আৰু কিন্তু সামান্থাৰ ভাল কামৰ বাবেই মন্দিৰটো নিৰ্মাণ কৰিছে (Samantha Temple in AP) ।

লগতে পঢ়ক:Filmfare Awards 2023: কোনে কোনে লাভ কৰিলে ২০২৩ চনৰ ফিল্মফেয়াৰ এৱাৰ্ড ? সম্পূৰ্ণ বিজয়ীৰ তালিকা চাওক

ABOUT THE AUTHOR

...view details