অসম

assam

Delhi Saket Court Firing : 25 লাখ টকীয়া লেন দেনৰ বাবেই অধিবক্তাৰ ওপৰত আক্ৰমণ; আটক অভিযুক্ত

By

Published : Apr 22, 2023, 3:08 PM IST

দিল্লীৰ সাকেট আদালতত দিন-দুপৰতে মহিলা অধিবক্তাক গুলীয়াই হত্যাৰ চেষ্টা কৰা অভিযুক্তক গ্ৰেপ্তাৰ (Saket Court Firing case accused arrested)। শুকুৰবাৰে দিল্লী অপৰাধ শাখাই ফৰিদাবাদৰ পৰা আটক কৰে অভিযুক্ত কামেশ্বৰ সিঙক । অভিযুক্তই স্কুটীৰে ফৰিদাবাদলৈ পলায়ন কৰিছিল ।

Delhi Saket Court Firing
সাকেট আদালতৰ গুলীচালনা ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল :দিল্লীৰ সাকেট আদালত চৌহদত অধিবক্তাৰ পোছাকত আহি মহিলাক লক্ষ্য কৰি গুলীচালনা কৰা অভিযুক্তক ইতিমধ্যে অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে (Police arrests Saket Court Firing case accused)। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন কামেশ্বৰ সিং বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে অভিযুক্তজনক সোধাপোছা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, যোৱা ২১ এপ্ৰিলত এগৰাকী মহিলা অধিবক্তাক কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে সাকেট আদালতত গুলীয়াই হত্যাৰ চেষ্টা কৰা হৈছিল (Delhi Saket Court Firing)। মহিলাগৰাকী গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হৈছিল । অধিবক্তাৰ বেশত অহা অভিযুক্তজনে এই ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰিছিল । দিল্লী আৰক্ষীয়ে অভিযুক্তক আটক কৰাৰ বাবে দুটাকৈ দল গঠন কৰিছিল ।

বিভিন্ন স্থানত আৰক্ষীৰ দলে অভিযান চলাই আছিল । তাৰ মাজতে অভিযুক্তজনে স্কুটীৰে দিল্লীৰ পৰা ফৰিদাবাদলৈ পলায়ন কৰিছিল । দিল্লী অপৰাধ শাখাই এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে ফৰিদাবাদৰ সূৰ্য নগৰত উপস্থিত হয় । তথ্য লাভ কৰাৰ লগে লগে অপৰাধ শাখাৰ দলটোৱে শুকুৰবাৰে নিশা ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তজনক স্কুটীৰ সৈতে গ্ৰেপ্তাৰ কৰে ।

আচলতে, দিল্লীৰ বসন্ত কুঞ্জৰ বাসিন্দা মহিলা অধিবক্তা আৰু অভিযুক্তৰ মাজত ২৫ লাখ টকাৰ লেনদেনৰ এক গোচৰ আদালতত বিচাৰাধীন হৈ আছে । ছত্ৰপুৰৰ বাসিন্দা কামেশ্বৰ সিঙে অধিবক্তা মহিলাগৰাকীৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল । শুকুৰবাৰে পুৱা, মহিলা অধিবক্তা এম ৰাধাই সাকেট আদালতত একেটা গোচৰৰ শুনানিৰ বাবে গৈছিল । সূত্ৰৰ মতে আদালত চৌহদত কামেশ্বৰ আৰু অধিবক্তা ৰাধা তৰ্কত লিপ্ত হৈছিল ।

দুয়োজনৰ মাজত তৰ্ক ইমানেই বাঢ়ি গৈছিল যে কামেশ্বৰে নিৰাপত্তাৰক্ষীৰ অনুজ্ঞাপ্ৰাপ্ত থকা ৰিভলভাৰটো উলিয়াই মহিলাগৰাকীক গুলীয়াইছিল । মহিলাগৰাকীয়ে তাৰ পৰা চিঞৰি পলাই যাবলৈ চেষ্টা কৰোতে অভিযুক্ত কামেশ্বৰে পুনৰ দুটাকৈ গুলীচালনা কৰে । দ্বিতীয় গুলীটো মহিলাগৰাকীৰ পেটত লাগে আৰু তৃতীয়টোৱে হাতত আঘাত কৰে । গুলীচালনাৰ পাছতে আদালতত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । ঘটনাটোৰ পাছতে অভিযুক্ত কামেশ্বৰে পলায়ন কৰে যদিও নিশা দিল্লী আৰক্ষীয়ে তেওঁক ফৰিদাবাদৰ সূৰ্য নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :Firing in Saket court: অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক

ABOUT THE AUTHOR

...view details