নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : শিয়ালদহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত চাঞ্চল্যকৰ ঘটনা । এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানে ৰে'লৰ ভিতৰত গুলীচালনা কৰে । সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই । কোডাৰ্মা চৰকাৰী ৰে'ল আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত প্ৰাক্তন সেনা জোৱানজনক । জোৱানজন নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু বেলেগ ৰে'লত প্ৰৱেশ কৰিছিল বুলি অভিযোগ উঠিছে ।
জানিব পৰা মতে অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে শিয়ালদহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ ডবা নম্বৰ বি-৮ত তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীচালনা কৰে । লগে লগে ৰে'লখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অভিযোগ ভিত্তিত অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীক কোডাৰ্মা জিআৰপিয়ে আটক কৰে আৰু চিকিৎসা পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ লৈ যায় । অৱসৰপ্ৰাপ্ত সেনা জোৱানজন হৰপিন্দৰ সিং বুলি জানিব পৰা গৈছে । জিআৰপিয়ে জনোৱা মতে অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে তৃতীয় এচিৰ ডবাৰ বাথৰুমৰ সমীপত গুলীচালনা কৰে ।