অসম

assam

DRI Report : উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তত আন্তৰাষ্ট্ৰীয় সোণৰ চোৰাং সৰবৰাহৰ সহজ পথ

By

Published : Oct 6, 2022, 1:22 PM IST

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (DRI) দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ সোণ জব্দ কৰা সন্দৰ্ভত এক প্ৰেছ বিবৃতিত বাংলাদেশ আৰু ম্যানমাৰৰ উত্তৰ-পূব সীমান্তৰ (Bangladesh and Myanmar border of Northeast) মাজেৰে সোণৰ চোৰাং ব্যৱসায় (smuggling of gold through NE borders) বৃদ্ধি হোৱাৰ ইঙ্গিত দিয়া হৈছে ।

DRI
DRI

আগৰতলা, ৬ অক্টোবৰ : ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (Directorate of Revenue Intelligence) জনাইছে যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আন্তৰাষ্ট্ৰীয় সীমা, বিশেষকৈ ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে মিজোৰামক সোণৰ চোৰাং ব্যৱসায়ৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় (NE borders used for gold smuggling) ।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (DRI) দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ সোণ জব্দ কৰা সন্দৰ্ভত এক প্ৰেছ বিবৃতিত বাংলাদেশ আৰু ম্যানমাৰৰ উত্তৰ-পূব সীমান্তৰ (Bangladesh and Myanmar border of Northeast) মাজেৰে সোণৰ চোৰাং ব্যৱসায় (smuggling of gold through NE borders) বৃদ্ধি হোৱাৰ ইঙ্গিত দিয়া হৈছে । বিবৃতিটোত কোৱা হৈছে, "অতীতত আন্তৰাষ্ট্ৰীয় সীমাবোৰ চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল । কেৱল 2022 চনৰ ছেপ্টেম্বৰ মাহতে 121 কিলোগ্ৰাম সোণ জব্দ কৰাৰ 11 টা ঘটনাই দেখুৱাইছে যে উত্তৰ-পূবৰ কৰিডৰটো এতিয়াও চোৰাং ব্যৱসায়ীসকলে গোপনে আৰু বুদ্ধিমত্তাৰে চোৰাং সৰবৰাহৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে ।"

নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্য আৰু পাটনা, দিল্লী আৰু মুম্বাইত তিনিটা সমন্বিত অভিযানত ডিআৰআইয়ে ৩৩.৪০ কোটি টকা মূল্যৰ ৬৫.৪৬ কিলোগ্ৰাম বিদেশী মূলৰ সোণ জব্দ কৰিছে । সোণখিনি আইজলৰ পৰা মুম্বাইলৈ ঘৰুৱা কুৰিয়াৰৰ সামগ্ৰী হিচাবে প্ৰেৰণ কৰা হৈছিল । সোণখিনি কাপোৰ হিচাপে মুগা বৰণীয়া মোনাত লুকুৱাই ৰখা হৈছিল ।

একেটা পথৰ মাজেৰে চোৰাং ব্যৱসায়ৰ আন এটা ঘটনাত ডিআৰআইয়ে প্ৰায় 23.23 কিলোগ্ৰাম ওজনৰ আৰু প্ৰায় 11.65 কোটি টকা মূল্যৰ আন এক ডাঙৰ চোৰাং বিদেশী মূলৰ সোণ জব্দ কৰে (DRI seized smuggled foreign origin gold) । যিটো ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল । "নিৰ্দিষ্ট চোৰাংচোৱাই ইংগিত দিছিল যে চম্ফাই-আইজলেৰে মিজোৰামৰ পৰা পশ্চিমবংগৰ কলকাতালৈ যথেষ্ট পৰিমাণৰ বিদেশী মূলৰ সোণ বাহনত কঢ়িয়াই/লুকুৱাই চোৰাংকৈ সৰবৰাহ কৰাৰ চেষ্টা কৰা হ'ব ।নিষিদ্ধ সামগ্ৰীৰ আন্তঃসংযোগৰ বাবে 2022 চনৰ 28-29 ছেপ্টেম্বৰ তাৰিখে এক সমন্বিত পদক্ষেপ লোৱা হৈছিল । ডিআৰআই বিষয়াসকলে শিলিগুৰি- গুৱাহাটী সংযোগী ঘাইপথত নিৰীক্ষণ চলাইছিল ।" ডিআৰআইয়ে কয় । লগতে কয় যে ২খন সন্দেহজনক বাহনত যাত্ৰা কৰা চাৰিজন যাত্ৰীক চিনাক্ত কৰা হয় আৰু তেওঁলোকক আটক কৰা হয় ।

"... উদ্ধাৰ হোৱা সোণখিনি ম্যানমাৰৰ পৰা মিজোৰামৰ জোখাৱথাৰ সীমান্তৰ মাজেৰে ভাৰতলৈ চোৰাংকৈ অনা হৈছিল । এতিয়ালৈকে তাৎক্ষণিক গোচৰটোত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । মাহটোৰ আন 9 টা ঘটনাত, ডিআৰআইয়ে দেশৰ উত্তৰ-পূব অংশৰ পৰা দেশৰ বাকী অংশলৈ অহা বিভিন্ন বাহকৰ পৰা 27 কিলোগ্ৰাম চোৰাং সোণ উদ্ধাৰ কৰে আৰু জব্দ কৰে । এই শৃংখলাবদ্ধ চিনাক্তকৰণে দেশৰ উত্তৰ-পূব অংশৰ পৰা ভাৰতলৈ বিদেশী মূলৰ সোণ চোৰাং সৰবৰাহ কৰাৰ নতুন পদ্ধতি উদ্ঘাটন কৰাত সহায় কৰিছে ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :এই মাহত পূৰ্ণিমাৰ সময়ত নিশাও খোলা থাকিব তাজমহল

ABOUT THE AUTHOR

...view details