অসম

assam

New Parliament Building : উদ্বোধনী অনুষ্ঠানত কোন কেইটা দল থাকিব উপস্থিত ?

By

Published : May 25, 2023, 4:40 PM IST

New Parliament Building
উদ্বোধনী অনুষ্ঠানত কোন কেইটা দল থাকিব উপস্থিত ()

বহু প্ৰত্যাশিত সংসদ ভৱন অহা ২৮ মে'ত উদ্বোধন কৰা হ'ব (New Parliament Building inauguration)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব অত্যাধুনিক সংসদ ভৱন । বহু কেইটা বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিছে ।

নেশ্যনেল ডেস্ক,২৫ মে':২৮ মে'ত উদ্বোধন কৰা হ'ব দেশৰ নৱনিৰ্মিত সংসদ ভৱন (New Parliament Building inauguration)। উদ্বোধনী অনুষ্ঠানত বিজেপিৰ লগতে ৱাইএছআৰচিপি দলে উপস্থিত থকাৰ কথা ঘোষণা কৰিছে । লগে লগে এনডিএ চৰকাৰৰ প্ৰায় ১৩ টাকৈ ৰাজনৈতিক দলে নতুন সংসগ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে (13 political parties to be present in inauguration)।

বিজেপিৰ উপৰিও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলগীয়া দলবোৰৰ ভিতৰত আছে শিৱসেনা (একনাথ শিন্দে গোট), নেচনেল পিপলছ পাৰ্টি (NPP), নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (NDPP), ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM), ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টি (RLJP), আপনা দল (সোনেইলাল), ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (RPI), তামিল মানিলা কংগ্ৰেছ, অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (AIADMK), সদৌ ঝাড়খণ্ড ছাত্ৰ সন্থা (AJSU), মিজো নেচনেল ফ্ৰণ্ট (MNF), যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টি (YSRCP), তেলেগু দেশম পাৰ্টি (TDP), শিৰোমণি আকালি দল (SAD), আৰু বিজু জনতা দল (Biju Janata Dal)।

ইয়াৰোপৰি দেৱনাথন যাদৱে প্ৰতিষ্ঠা কৰা তামিলনাডুৰ ইন্ধিয়া মাক্কাল কালভি মুন্নেত্ৰা কাঝাগম (IMKMK)য়েও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে নতুন সংসদ ভৱনৰ উদ্বোধনক লৈ বিভিন্ন মহলত বিতৰ্কৰ সৃষ্টি হৈছিল (New Parliament Building controversy)। কংগ্ৰেছ, আম আদমি পাৰ্টী (আপ) আৰু তৃণমূল কংগ্ৰেছ (TMC)কে ধৰি ১৯ টা বিৰোধী ৰাজনৈতিক দলে উদ্বোধনী অনুষ্ঠান বৰ্জনৰ ঘোষণা কৰি ইতিমধ্যে এক যুটীয়া বিবৃতি জাৰি কৰিছে । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সিদ্ধান্তৰ ওপৰত অসন্তুষ্ট হৈছে ।

অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰত এনডিএয়ে বিৰোধী দলসমূহৰ সিদ্ধান্তক গৰিহণা দিয়ে । সংসদীয় প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ ঐতিহাসিক অৱজ্ঞাক সমালোচনা কৰে । এন ডি এয়ে যুক্তি দিছে যে যোৱা ৯ বছৰত বিৰোধীৰ কাৰ্যকলাপে প্ৰতিষ্ঠিত প্ৰট'কলৰ প্ৰতি সন্মানৰ অভাৱ ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিছে ।

শেহতীয়াকৈ জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয় (PM Modi foreign visit)। ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ছিডনীত এক অনুষ্ঠানত দেশৰ বিৰোধী দলবোৰক সমালোচনা কৰা দেখা গৈছে । হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকে অংশগ্ৰহণ ৰক্ষা কৰা ছিডনীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী দুয়োগৰাকীয়ে আন বিৰোধী নেতাসকলৰ সৈতে তেওঁলোকৰ ৰাষ্ট্ৰৰ হিতৰ বাবে একত্ৰিত হৈছে ।

লগতে পঢ়ক :PM Modi Fitness: ৭২ বছৰ বয়সতো কেনেকৈ ইমান সংক্ৰিয় প্ৰধানমন্ত্ৰী মোডী, এয়া হৈছে তেওঁৰ ফিটনেছৰ ৰহস্য

ABOUT THE AUTHOR

...view details