অসম

assam

ধোনীৰ পিতৃ-মাতৃ কৰ'ণাত আক্ৰান্ত

By

Published : Apr 21, 2021, 3:37 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ পিতৃ-মাতৃ কৰ'ণাত আক্ৰান্ত হৈছে । দুয়োগৰাকীকে ৰাঁচীৰ পালচ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

ধোনীৰ পিতৃ আৰু মাতৃ আক্ৰান্ত কৰ'ণাত
ধোনীৰ পিতৃ আৰু মাতৃ আক্ৰান্ত কৰ'ণাত

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল:ক'ভিড-১৯ ত আক্ৰান্ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ পিতৃ-মাতৃ । ক’ভিডৰ পৰীক্ষাত দুয়োগৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দুয়োকে ৰাঁচীৰ পালচ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

চিকিৎসালয়খনৰ সঞ্চালক ডাঃ অভিষেক ঝাই জনোৱা মতে, ধোনীৰ পিতৃ-মাতৃৰ অৱস্থা সম্প্ৰতি স্থিৰ হৈ থকাৰ লগতে অক্সিজেনৰ স্তৰ সঠিক অৱস্থাত আছে । যদি তেওঁলোকৰ স্বাস্থ্য এনেদৰে থাকে, তেনেহ'লে দুই এদিনতে হাস্পতালৰ পৰা দুয়োগৰাকীকে অব্যাহতি দিয়া হ'ব ৷

ইফালে মঙলবাৰৰ দিনটোত ঝাৰখণ্ডত নতুনকৈ ৫,০৮০ টা ক'ভিডৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ লাখ ৭২ হাজাৰ ৩১৫ গৰাকী ।

লগতে পঢ়ক:গুজৰাটত লকডাউনৰ দাবী বহু প্ৰতিষ্ঠান আৰু সংগঠনৰ

ABOUT THE AUTHOR

...view details