অসম

assam

Mira road murder case : এইডছত আক্ৰান্ত অভিযুক্ত মনোজ চানে !

By

Published : Jun 10, 2023, 2:29 PM IST

মুম্বাইৰ হত্যাকাণ্ডৰ নতুন মোৰ (Mumbai murder case)। অভিযুক্ত মনোজ চানে দাবী কৰা মতে তেওঁ এইডছত আক্ৰান্ত । প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহ কেনেকৈ ধ্বংস কৰিব পাৰি সেই সম্পৰ্কে গুগলত অনুসন্ধান কৰিছিল মনোজে ।

Mira road murder case
এইডছত আক্ৰান্ত অভিযুক্ত মনোজ চানে

নেশ্যনেল ডেস্ক,১০ জুন :মুম্বাইৰ মীৰা ৰোডৰ হত্যাকাণ্ডক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Mumbai Mira road murder case)। বহুতে এই ঘটনাক শ্ৰদ্ধা হত্যাকাণ্ডৰ ২.০ আখ্যা দিছে । ইয়াৰ মাজতে ৩২ বছৰীয়া সৰস্বতী বৈদ্যৰ হত্যাৰ অভিযুক্ত মনোজ চানেৰ বিস্ফোৰক স্বীকাৰোক্তি । মনোজ চানেয়ে দাবী কৰা মতে তেওঁ এইডছত আক্ৰান্ত (Accused claims he was HIV infected)। সেয়ে তেওঁ কেতিয়াও সৰস্বতীৰ সৈতে যৌন সম্ভোগ কৰা নাছিল বুলি দাবী কৰিছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে বৰিৱালিৰ এখন দোকানত কাম কৰা ৫৬ বছৰীয়া চানেক জেৰাৰ সময়তে এই দাবী কৰিছে । মনোজে আৰক্ষীক কয় যে তেওঁ এইচআইভি সংক্ৰমিত আছিল আৰু ২০০৮ চনৰ পৰা ইয়াৰ ঔষধ গ্ৰহণ কৰি আছে । অৱশ্যে অভিযুক্তজনে সঁচা কৈছে নে মিছা সেয়া তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ পাছতহে নিশ্চিত হ'ব ।

জেৰাৰ সময়ত মনোজে আৰক্ষীক কৈছে যে তেওঁ অপৰাধটো কৰাৰ পূৰ্বে গুগলত অনুসন্ধান কৰিছিল । ইফালে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে মনোজে ২৯ মে'ৰ পৰা কামলৈ যোৱা নাছিল । তেওঁ মৃতদেহটো কেনেদৰে ধ্বংস কৰিব লাগে আৰু কি কৰিলে দুৰ্গন্ধ নোলায় তাৰ বাবে গুগল অনুসন্ধান কৰিছিল । সেই অনুসৰি, মনোজে যুৱতীগৰাকীৰ শৰীৰটো টুকুৰা টুকুৰা কৰি কাটি প্ৰেছাৰ কুকাৰত সিজাইছিল আৰু পৰৱৰ্তী সময়ত সেইবোৰ বাচন আৰু বাল্টিত ৰাখিছিল (Man killed his live in partner)।

আৰক্ষীৰ মতে, মনোজে সৰস্বতীক হত্যা কৰাৰ পাছত তেওঁৰ মোবাইল ফোনৰ কেমেৰা ব্যৱহাৰ কৰি মৃতদেহটোৰ ফটো তুলিছিল । আৰক্ষীয়ে প্ৰকাশ কৰিছে যে সৰস্বতী ঔৰঙ্গবাদৰ পৰা মুম্বাইলৈ চাকৰিৰ সন্ধানত অহাৰ পাছত মনোজক লগ পাইছিল । দুয়োগৰাকীয়ে দুবছৰ ধৰি বৰিৱালিৰ এটা ফ্লেটত একেলগে আছিল ।

ইয়াৰ পূৰ্বে, উপ আৰক্ষী আয়ুক্ত জয়ন্ত বাজবালে কৈছিল যে তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে সৰস্বতী আৰু চানে বিবাহিত আছিল । যিটো তেওঁৰ ভগ্নীয়ে জানিছিল । কিন্তু, দুয়োগৰাকীয়ে তেওঁলোকৰ বয়সৰ পাৰ্থক্যৰ বাবে এয়া আনৰ পৰা লুকুৱাই ৰাখিছিল ।

উল্লেখ্য যে থানে জিলাৰ মীৰা ৰোডৰ গীতা নগৰৰ আকাশদীপ চ'ছাইটিৰ ৭০৪ নম্বৰ ফ্লেটৰ ভিতৰত সৰস্বতীৰ মৃতদেহ পোৱা গৈছিল । ইতিমধ্যে ঘটনাৰ অভিযুক্ত মনোজ চানেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Mumbai murder case : সংগীক কাটি, টুকুৰা কৰি মৃতদেহ সিজালে কুকাৰত

ABOUT THE AUTHOR

...view details