অসম

assam

HIV positive at Haldwani: হালদৱানী কাৰাগাৰত ৫৪ কয়দীৰ দেহত HIVৰ সংক্ৰমণ

By

Published : Apr 9, 2023, 1:27 PM IST

হালদৱানী কাৰাগাৰত HIV আক্ৰান্ত কয়দী (prisoners tested positive for HIV in Haldwani)। সংক্ৰমিত কয়েদী সকলৰ বেছিভাগেই ড্ৰাগছ আসক্ত বুলি সদৰী কৰিছে সুশীলা তিৱাৰী চিকিৎসালয়ৰ চিকিৎসকে ।

Haldwani jail in Uttarakhand
উত্তৰাখণ্ডৰ হালদৱানী কাৰাগাৰ

নেশ্য়নেল ডেস্ক, ৯ এপ্ৰিল :উত্তৰাখণ্ডৰ হালদৱানী কাৰাগাৰত এগৰাকী মহিলাকে ধৰি কমেও ৫৪ গৰাকী কয়দী হিউমেন ইমিউনো ডেফিচিয়েন্সি ভাইৰাছত (HIV) আক্ৰান্ত হৈছে (Haldwani jail in Uttarakhand)। এইচআইভি সংক্ৰমিত কাৰাগাৰৰ কয়দীসকলে সুশীলা তিৱাৰী চিকিৎসালয়ৰ এণ্টিৰেট্ৰ'ভাইৰেল থেৰাপী (ART centre) কেন্দ্ৰত চিকিৎসাধীন হৈ আছে । এই সন্দৰ্ভত চিকিৎসকসকলে কয় যে সংক্ৰমিত কয়দী সকলৰ বেছিভাগেই ড্ৰাগছ আসক্ত ।

হালদৱানী কাৰাগাৰত প্ৰায় ১,৬২৯ জন পুৰুষ আৰু ৭০ গৰাকী মহিলা কয়দী আছে (HIV positive in Haldwani jail)। এই কাৰাগাৰখনত কয়দী ৰাখিব পৰা সংখ্য়াতকৈ অধিক কয়দীক ৰখা হৈছে । সুশীলা তিৱাৰী চিকিৎসালয়ৰ ডাঃ অৰুণ যোশীয়ে কয় যে এইচআইভি আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে এটা এণ্টি-ৰেট্ৰ'ভাইৰেল থেৰাপী (ART) কেন্দ্ৰ স্থাপন কৰা হৈছে (Sushila Tiwari Hospital)। তেওঁলোকক এই কেন্দ্ৰটোত বিনামূলীয়া চিকিৎসা আৰু ঔষধ প্ৰদান কৰা হ'ব । ইপিনে,ডাঃ অৰুণ যোশীয়ে ৰোগী আৰু সহবন্দীসকলে আতংকিত হোৱা উচিত নহয় বুলি কয় । বৰং তাৰ পৰিৱৰ্তে তেওঁলোকে সতৰ্ক হোৱা উচিত আৰু সংক্ৰমণৰ পৰা সাৱধান হ'বলৈ তেওঁ আহ্বান জনায় ।

ডাঃ অৰুণ যোশীয়ে কয়,"কেনেকৈ আৰু কেতিয়া বন্দীসকলৰ মাজত সংক্ৰমণ বিয়পি পৰিছিল সেই বিষয়ে আমি নিশ্চিত নহয় । অৱশ্যে ড্ৰাগছৰ জৰিয়তে বিয়পাৰ এটা মুখ্য কাৰণ হ'ব পাৰে । ডিচপোজেবল আৰু পৰিচ্ছন্নতাৰ ব্যৱহাৰে সংক্ৰমণ বিয়পাত সহায় কৰিব পাৰে । কয়দীসকলে তেজৰ সংস্পৰ্শলৈ আহিছে নাই সেই বিষয়ে নিশ্চিত হ'ব লাগিব ।" আনহাতে, হালদৱানী কাৰাগাৰৰ অধীক্ষক প্ৰমোদ পাণ্ডেই সংক্ৰমিত বন্দীসকলক কাৰাগাৰত আয়োজিত এইচআইভি পৰীক্ষা শিবিৰ এটাত ধৰা পৰিছিল বুলি কয় ।

উল্লেখ্য় যে এইচআইভি হৈছে এক ভাইৰেল ৰোগ যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত আক্ৰমণ কৰে । যদি সময়মতে চিকিৎসা কৰা নহয় তেতিয়াহ'লে এইচআইভিৰ ফলত ইমিউনো ডেফিচিয়েন্সি চিণ্ড্ৰোম (এইডছ) হোৱাৰ আশংকা থাকে । সংক্ৰমিত তেজ, বীৰ্য বা যোনিৰ তৰলৰ সংস্পৰ্শৰ জৰিয়তে এইচআইভি বিয়পিব পাৰে। এইচআইভি/এইডছৰ কোনো চিকিৎসা নাই, কিন্তু ঔষধেৰে সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰে ।

লগতে পঢ়ক;Kerala Covid Cases : কেৰালাত বৃদ্ধি দৈনিক ক’ভিড সংক্ৰমণ; মাস্ক ব্যৱহাৰৰ নিৰ্দেশনা জাৰি

ABOUT THE AUTHOR

...view details