অসম

assam

ইন্দোৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

By

Published : Jan 6, 2021, 10:52 AM IST

ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চৰ বৃহৎ সাফল্য । ৭০ কিলোগ্ৰাম নিচাযুক্ত সামগ্ৰী জব্দ ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চৰ । জব্দ কৰা সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৭০ কোটি টকা ।

ইন্দোৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
ইন্দোৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক, ৬ জানুৱাৰী: মংগলবাৰে ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চে চলোৱা এক অভিযানত ৭০ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছসহ পাঁচজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৭০ কোটি টকা আৰু ভাৰতত আজিলৈকে এইটোৱে আটাইতকৈ বৃহৎ ড্ৰাগছ জব্দৰ ঘটনা বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত ইন্দোৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান যোগেশ দেশমুখে জনোৱা অনুসৰি হায়দৰাবাদৰ নিবাসী বেদ প্ৰকাশ ব্যাসে তেওঁৰ চালক ভেংকটেশ্বৰ সহযোগত ড্ৰাগছখিনি হায়দৰাবাদৰ পৰা ইন্দোৰলৈ লৈ গৈ থকাৰ খবৰ লাভ কৰিছিল ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুৰু প্ৰসাদ পৰাশৰে । তাৰ পাচতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছসহ পাঁচ সৰবৰাহকাৰীক । লগতে নগদ ধন ১৩ লাখ টকা আৰু দুখন চাৰিচকীয়া বাহনো জব্দ কৰে পাঁচ সৰবৰাহকাৰীৰ পৰা ইন্দোৰ আৰক্ষীয়ে ।

সম্প্ৰতি আটাকেইজনক ইন্দোৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে । পাঁচ সৰবৰাহকাৰীৰ স্বীকাৰোক্তি মতে, নিচাযুক্ত সামগ্ৰীখিনি ইন্দোৰৰ পৰা দক্ষিণ আফ্ৰিকালৈ সৰবৰাহ কৰিবলৈ নিয়া হৈছিল । উল্লেখ্য যে, বেদ প্ৰকাশৰ ঔষধ নিৰ্মাণৰ এটা কাৰখানা আছে । কিন্তু তেওঁৰ কাৰখানাত এই নিচাযুক্ত সামগ্ৰীখিনি নিৰ্মাণ কৰা হোৱা নাছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক:দুৰ্ঘটনাত পতিত বায়ুসেনাৰ Mig 21 বাইচন:সুৰক্ষিত অৱস্থাত 2 পাইলট

ABOUT THE AUTHOR

...view details