অসম

assam

অচিৰেই কৰণা মুক্ত হ'ব ভাৰতঃ অশ্বিনী চৌৱে

By

Published : Jan 3, 2021, 10:50 PM IST

ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰণকাৰী সংস্থা ডিজিচিআইয়ে দুটাকৈ ভাৰতীয় প্ৰতিষেধকৰ টীকাকৰণত জৰুৰীকালীন অনুমোদন জনোৱাৰ পাচতেই ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি বিজেপি নেতা অশ্বিনী চৌৱেৰ ৷

india-will-become-corona-free-says-ashwini-choubey
অচিৰেই কৰণা মুক্ত হ'ব ভাৰতঃ অশ্বিনী চৌৱে

নিউজ ডেস্ক,3 জানুৱাৰী:অচিৰেই কৰণা মুক্ত হ'ব ভাৰত ৷ কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত শনিবাৰে দেশজুৰি নিৰ্বাচিত স্বাস্থ্যকৰ্মী সকলৰ দেহত কৰ'ণা ভেকচিনৰ পৰীক্ষণ কৰাৰ পাছতে এই মন্তব্য প্ৰকাশ কৰিছে বিহাৰৰ বুস্কাৰ লোকসভা সমষ্টিৰ সাংসদ অশ্বিনী চৌৱেয়ে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত দেশত আৰম্ভ হোৱা কৰ'ণা ভেকচিন পৰীক্ষণ কাৰ্যসূচীক প্ৰশংসা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক শলাগ লৈছে বিজেপিৰ সাংসদ গৰাকীয়ে ৷ উল্লেখ্য যে,সাধাৰণ নাগৰিক সকলৰ দেহত প্ৰদানৰ পূৰ্বে স্বাস্থ্যকৰ্মী সকলৰ দেহত কৰ'ণা প্ৰতিষেধক ভেকচিন প্ৰদান এক বৃহৎ সফলতা বুলি উল্লেখ কৰি দেশৰ সকলো স্বাস্থ্যকৰ্মী আৰু নাগৰিকক অভিনন্দন জ্ঞাপন কৰিছে অশ্বিনী চৌৱেয়ে ৷

উল্লেখ্য যে, জানুৱাৰীৰ 1 তাৰিখে ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰণ সংস্থাই দেওবাৰে অক্সফ'ৰ্ডৰ কোভিড-19 প্ৰতিষেধক তথা চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা Covishiled আৰু ভাৰত বায়’টেকৰ Covaxin ৰ জৰুৰীকালীন ব্যৱহাৰত পূৰ্ণ অনুমতি প্ৰদান কৰিছে ৷ ভাৰতে ইতিমধ্যে কোভিড-19ৰ প্ৰতিষেধক টীকাকৰণৰ কাম আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 83 কোটি প্ৰতিষেধকৰ অৰ্ডাৰ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ আনহাতে, জানুৱাৰীৰ ২ তাৰিখে হায়দৰাবাদৰ ভাৰত বায়টেক আৰু ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰে মিলি উদ্ভাৱন কৰা দেশীয় প্ৰতিষেধক Covaxin ক প্ৰয়োজন সাপেক্ষে সীমিত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ কাৰণে পৰামৰ্শ দিছিল ৷ ইয়াৰ পাছতে 3 জানুৱাৰী তাৰিখে দেশৰ স্বাস্থ্যকৰ্মীৰ দেহত পৰীক্ষণ কৰা হৈছিল Covishiled আৰু Covaxin নামৰ দুই কৰণা প্ৰতিষেধক ভেকচিন ৷ ভাৰত বায়’টেকৰ দ্বাৰা নিৰ্মিত কোভিড-19 প্ৰতিষেধক কোভাক্সিনলৈ কেন্দ্ৰই জৰুৰীকালীন ব্যৱহাৰৰ বাবে শনিবাৰে অনুমোদন জনাইছিল ৷

অচিৰেই কৰণা মুক্ত হ'ব ভাৰতঃ অশ্বিনী চৌৱে

লগতে পঢ়কঃকোভিড প্ৰতিষেধকঃ ভাৰতৰ সিদ্ধান্তক প্ৰশংসা বিশ্ব স্বাস্থ্য় সংস্থাৰ

ABOUT THE AUTHOR

...view details