অসম

assam

Human Monkey conflict : বান্দৰৰ উপদ্ৰৱৰ বাবেই পৰম্পৰাগত কৃষি পদ্ধতি সলনি কৰিলে কৃষকে

By

Published : Feb 21, 2022, 7:49 PM IST

সলনি হৈছে বান্দৰ আৰু মানুহৰ সংঘৰ্ষৰ পৰিৱেশ (Human Monkey conflict) । বান্দৰৰ উপদ্ৰৱৰ বাবেই পূৰ্বতে কৰা খেতি সলনি কৰি এতিয়া অন্য শস্য উৎপাদন কৰিবলৈ লৈছে এক বৃহৎ অঞ্চলৰ কৃষকে ৷

Human Monkey conflict in Tripura causing change in farmers practices of crop
বান্দৰৰ উপদ্ৰৱৰ বাবেই পৰম্পৰাগত কৃষি পদ্ধতি সলনি কৰিলে কৃষকে

আগৰতলা, ১৩ ফেব্ৰুৱাৰী:ব্যাপক বনধ্বংস (Massive deforestation in Tripura) আৰু ৰবৰখেতি বৃদ্ধিৰ ফলতত্ৰিপুৰাৰ চেপাহিজালা জিলাত বান্দৰ আৰু মানুহৰ সংঘৰ্ষৰ পৰিৱেশ সলনি হৈছে (Human Monkey conflict) । উল্লেখ্য যে, ২০২১ জানুৱাৰীৰ পৰা এপ্ৰিললৈ চেপাহিজালা জিলাৰ ৬ খন গাঁৱত এক জৰীপ চলোৱা হৈছিল ৷ এই ছয়খন গাঁৱৰ বেছিভাগ লোকেই আছিল মধ্যবৃত্ত ।

জৰীপটোত গুৰু সংখ্যক উত্তৰদাতাই দাবী কৰিছিল যে, অঞ্চলটোৰ ভিন্ন প্ৰকাৰৰ বান্দৰৰ দলে শস্য, ঘৰুৱা সামগ্ৰী আৰু ফল-মূল এফালৰ গ্ৰাস কৰি আহিছে । বান্দৰৰ এই উপদ্ৰৱ সমগ্ৰ অঞ্চলটোত গোটেই বছৰটো চলে ৷ অধ্যয়নটো মুখ্যত চেপাহিজালা বন্যপ্ৰাণী অভয়াৰণ্য , অচাবাৰী আৰু কাথালিয়া বনাঞ্চলৰ ওচৰত কৰা হৈছিল ।

মন কৰিব লগীয়া যে, চেপাহিজালা জিলাত সৰহ সংখ্যক লোকে ৰবৰ খেতি কৰে (Rubber plantation in Tripura) ইয়াৰ ফলত থলুৱা জনজাতীয় সম্প্ৰদায়ৰ লোক সকল অৰ্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে ৷

বেছিভাগ কৃষকে বান্দৰৰ দলৰ পৰা অহা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতে এতিয়া তেওঁলোকৰ শস্য উৎপাদনৰ পৰম্পৰাগত অভ্যাস সলনি কৰা দেখা গৈছে (farmers changing their practices of crop) ৷ অধ্যয়নটোৰ সময়ত দেখা গৈছিল যে জৰীপৰ অংশ হোৱা প্ৰতিগৰাকী লোকে বান্দৰৰ উপদ্ৰৱৰ বাবেই পূৰ্বতে কৰা খেতি সলনি কৰি এতিয়া অন্য শস্য উৎপাদন কৰিবলৈ লৈছে ৷

লগতে পঢ়ক :Tripura Tea Development Corporation: চাহ উৎপাদনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ

ABOUT THE AUTHOR

...view details