অসম

assam

অমিত শ্বাহ আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি

By

Published : Apr 6, 2021, 4:45 PM IST

কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী(চিআৰপিএফ)ৰ মুম্বাইস্থিত কাৰ্যালয়লৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি প্ৰদান কৰি মেইল প্ৰেৰণ কৰা হৈছে ।

অমিত শ্বাহ আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি
অমিত শ্বাহ আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি

নেশ্যনেল ডেস্ক, ৬ এপ্ৰিল: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ ভাবুকি । ভয়ংকৰ আক্ৰমণৰ জৰিয়তে দুয়োগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰি কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী(চিআৰপিএফ) লৈ বিশেষ মেইল প্ৰেৰণ ।

অমিত শ্বাহ আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি

মঙলবাৰে পুৱা চিআৰপএফলৈ অহা মেইলৰ দ্বাৰা আত্মঘাতী বোমাৰে দুয়োগৰাকী নেতাক হত্যাৰ ভাবুকি প্ৰদান কৰা হয় । লগতে উপাসনাস্থলী আৰু নিৰাপত্তা বেষ্টনীৰ ভিতৰত এই আক্ৰমণ কৰা হ'ব বুলিও দাবী কৰা হৈছে মেইলটোত । ইয়াৰ পিছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ দেশতে ।

লগতে পঢ়ক:অসম বিজেপি আৰু নিৰ্বাচন আয়োগক তীব্ৰ সমাোলচনা প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

...view details