অসম

assam

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং গৃহবন্দী ? বিজেপি নেতা সুব্ৰমনিয়াম স্বামীৰ টুইট

By

Published : Sep 24, 2022, 4:12 PM IST

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং বেইজিঙত গৃহবন্দী হৈ থকাৰ উৰাবাতৰিয়ে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়েও টুইট কৰিছে (Chinese president Xi Jinping house arrest rumours)।

china
china

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং বেইজিঙত গৃহবন্দী হৈ থকাৰ উৰাবাতৰিয়ে (Chinese president Xi Jinping house arrest rumours) ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়েও টুইট কৰিছে (BJP leader Subramanian Swamy tweeted abuot Jinping) ।

"নতুন উৰাবাতৰি পৰীক্ষা কৰা হ'ব : জি জিনপিং বেইজিঙত গৃহবন্দী হৈ আছে নেকি (Xi Jinping under house arrest in Beijing) ? যেতিয়া জি অলপতে সমৰকন্দত আছিল, চীনা কমিউনিষ্ট পাৰ্টীৰ (Chinese Communist Party) নেতাসকলে জিক দলৰ সেনাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা আঁতৰাই দিয়াৰ কথা আছিল । তাৰ পিছত তেওঁ গৃহবন্দী হয় । তেনেদৰেই উৰাবাতৰিটো ওলাইছে ।" তেওঁৰ টুইটত এনেদৰে উল্লেখ কৰা হৈছে ।

উল্লেখ্য, এই উৰাবাতৰিটোৱে বেছি ইন্ধন লাভ কৰে যেতিয়া চীনা কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলে তেওঁক পিপলছ লিবাৰেচন আৰ্মীৰ (Peoples Liberation Army) মুৰব্বী পদৰ পৰা আঁতৰাই দিয়াৰ পিছত তেওঁক গৃহবন্দী কৰা বুলি কেইবাটাও চীনা ছ'চিয়েল মিডিয়া হেণ্ডেলে টুইট কৰে । অৱশ্যে এতিয়ালৈকে এই উৰাবাতৰিবোৰৰ কোনো সত্যতা প্ৰমাণ হোৱা নাই ।

উল্লেখ্য, শনিবাৰে ইণ্টাৰনেটত এটা দাবী কৰা হয় যে ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী ৰাষ্ট্ৰনেতা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক গৃহবন্দী কৰি ৰখা হৈছে (Chinese president Xi Jinping rumours) । কেইবাটাও ছ'চিয়েল মিডিয়া হেণ্ডেলে দাবী কৰে যে ১০০ বছৰতকৈ অধিক পুৰণি চীনা কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলে তেওঁক পিপলছ লিবাৰেচন আৰ্মীৰ (PLA) মুৰব্বী হিচাপে অপসাৰণ কৰাৰ পিছত তেওঁক গৃহবন্দী কৰি ৰখা হৈছে ।

লগতে এইটোও দাবী কৰা হয় যে বেইজিং সামৰিক বাহিনীৰ কব্জাত আছে আৰু চীনৰ কেইজনমান প্ৰাক্তন নেতাই চীনা কমিউনিষ্ট পাৰ্টীৰ পলিটব্যুৰোৰ স্থায়ী সমিতিৰ প্ৰাক্তন সদস্য চং পিঙক কেন্দ্ৰীয় গাৰ্ড ব্যুৰোৰ নিয়ন্ত্ৰণ ৰাখিবলৈ প্ৰেৰণ কৰিছে ।

প্ৰতিবেদনত এইটোও কোৱা হয় যে যোৱা সপ্তাহত উজবেকিস্তানৰ সমৰকণ্ডত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ (Shanghai Cooperation Organisation summit) পৰা চীনলৈ উভতি অহাৰ পিছত জিক বিমানবন্দৰত আটক কৰা হয় আৰু সম্ভৱত গৃহবন্দী হৈ আছে । এটা টুইটাৰ পোষ্টত আনকি কোৱা হয় যে পিএলএ কমাণ্ডাৰ জেনেৰেল লি কিয়াওমিং চীনৰ নতুন ৰাষ্ট্ৰপতি হৈছে । আন এটা পোষ্টত কোৱা হয় যে চীনৰ পৰা কেইবাখনো বিমান বাতিল কৰা হৈছে ।

প্ৰাক্তন উপ সুৰক্ষা মন্ত্ৰী চান লিজুনক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ পিছতে এই উৰাবাতৰি প্ৰচাৰ আৰম্ভ হয় । উল্লেখ কৰিব পাৰি যে চীনৰ প্ৰাক্তন উপ নিৰাপত্তা মন্ত্ৰী চান লিজুন, যিয়ে "ৰাজনৈতিক গোট"ৰ নেতৃত্ব দিছিল আৰু জিৰ প্ৰতি সামান্য আনুগত্য দেখুৱাইছিল, শুকুৰবাৰে তেওঁক আজীৱন কাৰাদণ্ড বিহা হয় । তেওঁৰ বিৰুদ্ধে দলৰ ঐক্যক গৰিহণা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

লগতে পঢ়ক :ৰাষ্ট্ৰসংঘত পুনৰ পাকিস্তানক সকীয়নি ভাৰতৰ

ABOUT THE AUTHOR

...view details