অসম

assam

ৰাহুল গান্ধীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন জে পি নাড্ডাৰ

By

Published : Jan 19, 2021, 8:02 PM IST

চীনে অৰুণাচলৰ ভূমিত গাওঁ স্থাপন কৰাকলৈ প্ৰধানমন্ত্ৰীক কটাক্ষ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এইবাৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উভতি ধৰিলে । লগতে কৃষি আইন আৰু কৰ'ণা ভাইৰাছকলৈ বিভিন্ন সময়ত কংগ্ৰেছ চৰকাৰে কৰা কটু মন্তব্য়কলৈও প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে জে পি নাড্ডাই ।

ৰাহুল গান্ধীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন জে পি নাড্ডাৰ
ৰাহুল গান্ধীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন জে পি নাড্ডাৰ

নিউজ ডেস্ক , ১৯ জানুৱাৰী :চীনে অৰুণাচলৰ ভূমিত গাওঁ স্থাপন কৰাকলৈ দেশজুৰি চৰ্চা অব্য়াহত আছে । এই ঘটনাৰ পিছতে শাসনত থকা বিজেপি চৰকাৰক বিভিন্ন ভাষাৰে কটাক্ষ কৰিছে বিৰোধী দল কংগ্ৰেছে । ইফালে কংগ্ৰেছৰ অভিযোগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধেও বাক্য়বাণ বিজেপি চৰকাৰৰ ।

চীনে গাওঁ স্থাপন কৰাকলৈ প্ৰধানমন্ত্ৰীক কটাক্ষ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এইবাৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উভতি ধৰিলে । নাড্ডাই টুইটযোগে প্ৰশ্ন কৰি কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, তেওঁৰ ৰাজবংশ আৰু কংগ্ৰেছ দলে চীনকলৈ মিথ্য়াচাৰ কৰা কেতিয়া বন্ধ কৰিব ? অৰুণাচলৰ বৃহৎ ভূমি খণ্ডক কংগ্ৰেছৰ এসময়ৰ নেতা পণ্ডিত নেহৰুৱে চীনক উপহাৰ দিয়া কথা অস্বীকাৰ কৰিব পাৰিব নে বুলিও নাড্ডাই প্ৰশ্ন কৰে ৰাহুল গান্ধীক । লগতে কংগ্ৰেছে বাৰে বাৰে চীনৰ হাতত আত্ম সমৰ্পন কৰে বুলিও টুইট যোগে দাবী কৰা দেখা গ'ল তেওঁক । তাৰ মাজতে কংগ্ৰেছ দল আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে হোৱা এমওইউ চুক্তি প্ৰত্য়াহাৰ কৰাৰ কথা চিন্তা কৰিছে নেকি বুলিও ৰাহুল গান্ধীক প্ৰশ্ন কৰিলে নেতাগৰাকীয়ে ।

ইয়াৰোপৰি কৃষি আইন আৰু কৰ'ণা ভাইৰাছকলৈ বিভিন্ন সময়ত কংগ্ৰেছ চৰকাৰে কৰা কটু মন্তব্য়কলৈও প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে জে পি নাড্ডাই । নেতা গৰাকীৰ মতে ৰাহুল গান্ধীয়ে কৃষকসকলক উচটনি দিয়াৰ লগতে বিপথে পৰিচালিত কৰিছে । কংগ্ৰেছৰ শাসনকালত কৃষকসকলে বছৰ বছৰ ধৰি কিয় দৰিদ্ৰতাৰ মুখ দেখিছিল সেয়াও প্ৰশ্ন কৰে নেতাগৰাকীয়ে ।

কেৱল ইয়াতে শান্ত নাথাকি নাড্ডাৰ এইবাৰ প্ৰশ্ন তামিলনাডুৰ জালিকাট্টু উৎসৱকলৈও । শেহতীয়াকৈ এই উৎসৱত উপস্থিত থকা ৰাহুল গান্ধীক টুইটযোগে নাড্ডাই সুধিলে কংগ্ৰেছৰ শাসন কালত তামিলনাডুৰ এই পৰম্পৰাৰ ক্ষেত্ৰত কিয় নিষেধাজ্ঞা জাৰি কৰা হৈছিল ? লগতে এই সকলো প্ৰশ্নৰ ৰাহুল গান্ধীৰ পৰা উত্তৰো বিছাৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক :অৰুণাচলত চীনে গাওঁ নিৰ্মাণ কৰাকলৈ মোডীক কটাক্ষ ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details