অসম

assam

ৰাষ্ট্ৰসংঘৰ মজিয়াত মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় অপৰাধী ঘোষণাৰ আবেদন আমেৰিকাৰ

By

Published : Feb 28, 2019, 1:16 PM IST

নিৰাপত্তা সমিতিৰ আগত এই প্ৰস্তাৱ যুটীয়াভাৱে দাখিল কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে

etv bharat

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ জইছ-ই-মহম্মদৰ প্ৰধান মাচুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ মৰ্য্যদা প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সমিতিলৈ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ তিনি শ্ৰেষ্ঠ ৰাষ্ট্ৰই । বুধবাৰে নিৰাপত্তা সমিতিৰ আগত এই প্ৰস্তাৱ যুটীয়াভাৱে দাখিল কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে ।

ৰাষ্ট্ৰসংঘৰ এই তিনি ভেটো সদস্যই দাখিল কৰা প্ৰস্তাৱ ফঁহিয়াই চাবলৈ নিৰাপত্তা সমিতিৰ হাতত আছে 10 দিনৰ সময়সীয়া । মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা প্ৰদান কৰিবলৈ বিগত 10 বছৰৰ ভিতৰত এয়া চতুৰ্থটো প্ৰস্তাৱ । এই প্ৰস্তাৱ গৃহীত হ'লে যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সম্ভৱ নহ'ব মাচুদ আজহাৰৰ পক্ষে । তেওঁৰ ব্যক্তিগত সম্পদ বাজেয়াপ্ত হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰও ব্যৱহাৰ কৰিব নোৱাৰিব জইচ-ই-মহম্মদৰ প্ৰধানগৰাকীয়ে।

masood azhar

ইয়াৰ পূৰ্বেও 2009 চনত ভাৰতে মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আখ্যা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল প্ৰস্তাৱ। 2016 চনত ভাৰতে P-৩ দেশসমূহৰ সৈতে লগ লাগি মাচুদ আজহাৰৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন । ৰাষ্ট্ৰসংঘৰ P-৩ দেশসমূহ হৈছে আমেৰিকা, ইংলেণ্ড আৰু ফ্ৰান্স । 2017 চনত ৰাষ্ট্ৰসংঘত মজিয়াত আজহাৰৰ বিৰুদ্ধে পুনৰবাৰ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল আবেদন। কিন্তু ভাৰতৰ প্ৰস্তাৱ গৃহীত হোৱাত চীনে বাধা আৰোপ কৰিছিল।

US, UK, France ask UNSC to ban Azhar in fresh proposal

ৰাষ্ট্ৰসংঘৰ মজিয়াত মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় অপৰাধী ঘোষণাৰ আবেদন আমেৰিকাৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ জইছ-ই-মহম্মদৰ প্ৰধান মাচুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ মৰ্য্যদা প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সমিতিলৈ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ তিনি শ্ৰেষ্ঠ ৰাষ্ট্ৰই । বুধবাৰে নিৰাপত্তা সমিতিৰ আগত এই প্ৰস্তাৱ যুটীয়াভাৱে দাখিল কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে ।

ৰাষ্ট্ৰসংঘৰ এই তিনি ভেটো সদস্যই দাখিল কৰা প্ৰস্তাৱ ফঁহিয়াই চাবলৈ নিৰাপত্তা সমিতিৰ হাতত আছে 10 দিনৰ সময়সীয়া । মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা প্ৰদান কৰিবলৈ বিগত 10 বছৰৰ ভিতৰত এয়া চতুৰ্থটো প্ৰস্তাৱ । এই প্ৰস্তাৱ গৃহীত হ'লে যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সম্ভৱ নহ'ব মাচুদ আজহাৰৰ পক্ষে । তেওঁৰ ব্যক্তিগত সম্পদ বাজেয়াপ্ত হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰও ব্যৱহাৰ কৰিব নোৱাৰিব জইচ-ই-মহম্মদৰ প্ৰধানগৰাকীয়ে।

ইয়াৰ পূৰ্বেও 2009 চনত ভাৰতে মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আখ্যা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল প্ৰস্তাৱ । 2016 চনত ভাৰতে P-৩ দেশসমূহৰ সৈতে লগ লাগি মাচুদ আজহাৰৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন । ৰাষ্ট্ৰসংঘৰ P-৩ দেশসমূহ হৈছে আমেৰিকা, ইংলেণ্ড আৰু ফ্ৰান্স । 2017 চনত ৰাষ্ট্ৰসংঘত মজিয়াত আজহাৰৰ বিৰুদ্দে পুনৰবাৰ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল আবেদন । কিন্তু ভাৰতৰ প্ৰস্তাৱ গৃহীত হোৱাত চীনে বাধা আৰোপ কৰিছিল।
768-512-2569001-85-6f4c53e5-fcfb-4e53-b945-dbc7c61c1fd9.jpg

ABOUT THE AUTHOR

...view details