অসম

assam

ইন্টাৰনেটৰ সমস্যাঃ অনলাইন শিক্ষা গ্ৰহণত বাধা শিক্ষাৰ্থীৰ

By

Published : Sep 28, 2020, 8:32 PM IST

মাহমুদৰ পিতৃ মাতৃয়ে পুত্ৰ‌ই যাতে ইন্টাৰনেটৰ কোনো অসুবিধা নোহোৱাকৈ অনলাইন ক্লাছ সমূহত উপস্থিত থাকিব পাৰে তাৰ বাবে উক্ত স্থানত কিছু ওখকৈ এখন চাং নিৰ্মাণ কৰি বিছনাৰ ব্যৱস্থা কৰি দিছে ।

ONLINE CLASSES THRES UP NETWORK ISSUES TO STUDENTS
ইন্টাৰনেটৰ সমস্যাঃ অনলাইন শিক্ষা গ্ৰহণত বাধা শিক্ষাৰ্থীৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: চলিত বৰ্ষৰ মাৰ্চ মাহৰ শেষৰ পৰা চলি থকা লক্ ডাউনৰ ফলত বিদ্যালয় সমূহক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ নিমিত্তে শিক্ষাদানৰ প্ৰক্ৰিয়াক অনলাইনৰ মাধ্যমলৈ স্থানান্তৰ কৰিবলৈ বাধ্য কৰিছে।

কিন্তু এতিয়া উক্ত শ্ৰেণী সমূহৰ অনলাইন শিক্ষাৰ ক্ষেত্ৰত ম'বাইল আৰু কম্পিউটাৰৰ প্ৰয়োগৰ ক্ষেত্ৰত নতুন সমস্যাৰ সৃষ্টি কৰিছে ।

অনলাইন শিক্ষাই শিক্ষাৰ্থীৰ বাবে বহু পৰিমাণে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে । বিশেষকৈ দুৰ্বল ইন্টাৰনেট সেৱাই এই ক্ষেত্ৰত অন্যতম সমস্যা হিচাপে পৰিগণিত হৈছে । ইন্টাৰনেটৰ উপলব্ধতাৰ অভাৱত অধিকাংশ শিক্ষাৰ্থীয়ে অনলাইন ক্লাছ সমূহত উপস্থিত থকাৰ পৰা বিৰত থাকিবলগীয়া হৈছে ।

ইন্টাৰনেটৰ বাবে শিক্ষা গ্ৰহণত বাধাৰ সন্মুখীন হোৱা এজন ছাত্ৰ মাহমুদ আফমে নিজৰ ঘৰত ইন্টাৰনেটৰ সমস্যা থকাৰ বাবে শিক্ষা গ্ৰহণৰ নিমিত্তে নিজৰ ঘৰত থকা একমাত্ৰ স্মাৰ্টফোনটো লৈ গাঁৱৰ সীমাত যাবলগীয়া হয়। মাহমুদৰ পিতৃ মাতৃয়ে পুত্ৰ‌ই যাতে ইন্টাৰনেটৰ কোনো অসুবিধা নোহোৱাকৈ অনলাইন ক্লাছ সমূহত উপস্থিত থাকিব পাৰে তাৰ বাবে উক্ত স্থানত কিছু ওখকৈ এখন চাং নিৰ্মাণ কৰি বিছনাৰ ব্যৱস্থা কৰি দিছে ।

লগতে পঢ়ক: স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details