অসম

assam

ড‘নাল্ড ট্ৰাম্পে উদ্বোধন নকৰে গুজৰাটৰ ম’টেৰা ষ্টেডিয়াম

By

Published : Feb 22, 2020, 2:41 PM IST

দুই বছৰত গুজৰাট ক্ৰিকেট এছোচিয়েছনে নিৰ্মাণ কৰি উলিয়ালে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই ষ্টেডিয়ামতেই ভাৰতলৈ আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হ’ব ড’নাল্ড ট্ৰাম্পক ৷

donald trump will not innaugurate motera stadium
সোমবাৰে ভাৰতত উপস্থিত হ’ব ড’নাল্ড ট্ৰাম্প

আহমেদাবাদ , 22 ফেব্ৰুৱাৰীঃ সোমবাৰে ভাৰতত প্ৰথমবাৰৰ বাবে উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ আগমুহূৰ্তত গুজৰাট ক্ৰিকেট এছোচিয়েছনে স্পষ্ট কৰিছে কৰিছে যে গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত অনুষ্ঠিত হ’ব লগা "নমষ্টে ট্ৰাম্প" শীৰ্ষক অনুষ্ঠানটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীক ভাৰতলৈ স্বাগত জনাবৰ বাবেহে অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠিনৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ "ম’টেৰা ষ্টেডিয়াম" উদ্বোধন কৰা নহয় ৷

ট্ৰাম্পৰ গুজৰাট আগমনৰ বাতৰি নিশ্চিত কৰাৰ সময়তে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনৰ লগতে প্ৰশাসনেও আশা প্ৰকাশ কৰিছিল যে , প্ৰায় 1 লাখ দৰ্শকৰ উপস্থিতিত ড’নাল্ড ট্ৰাম্পে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন উদ্বোধন কৰিব ৷ কিন্তু গুজৰাট ক্ৰিকেট এছ'চিয়েছনৰ উপ-সভাপতি ধনৰাজ নাথৱানিয়ে সাংবাদ মাধ্যমৰ সমুখত মন্তব্য কৰিছে যে , কেৱল ৰাষ্ট্ৰপতিগৰাকীক আদৰিবৰ বাবেহে এই অনুষ্ঠান ৷ ম’টেৰা ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠান পাছত অনুষ্ঠিত হ’ব ৷

সূচী অনুসৰি ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছতেই ড’নাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোডীয়ে ম’টেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ বিগত বছৰত আমেৰিকাত অনুষ্ঠিত "হাউডি মোডী" অনুষ্ঠানৰ আৰ্হিত "নমষ্টে ট্ৰাম্প" অনুষ্ঠানটি আয়োজন কৰা হৈছে ৷

উল্লেখযোগ্য যে , 1982 চনত গুজৰাটত নিৰ্মাণ কৰা 49000 আসনযুক্ত ষ্টেডিয়ামখৰ স্থানত গুজৰাট ক্ৰিকেট এছোচিয়েছনে সম্পূৰ্ণৰূপে নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে 1,10,000 আসনযুক্ত বিশ্বৰ সৰ্ববৃহৎ ম’টেৰা ষ্টেডিয়াম ৷ প্ৰায় 700 কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ দুটা বছৰৰ ভিতৰতে গুজৰাট ক্ৰিকেট এছোচিয়েছনে নিৰ্মাণ কৰি উলিয়াইছে ষ্টেডিয়ামখন ৷

লগতে পঢ়কঃ পাকিস্তানৰ বাবে বিপদ : পুনৰ এফএটিএফৰ গ্ৰে লিষ্টত অন্তৰ্ভুক্ত

ABOUT THE AUTHOR

...view details