অসম

assam

ডুবাইত আবদ্ধ লোকক লৈ কান্নুৰত উপস্থিত বিমান

By

Published : May 13, 2020, 6:30 PM IST

ডুবাইত আবদ্ধ হৈ থকা 177 গৰাকী লোকক উদ্ধাৰ কৰি মঙলবাৰে সন্ধিয়া 7.24 বজাত কান্নুৰত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান ।

ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কান্নুৰত উপস্থিত বিমান
ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কান্নুৰত উপস্থিত বিমান

নিউজ ডেস্ক, 13 মে':এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান এখনে ডুবাইত আবদ্ধ হৈ থকা 177 জন লোকক কঢ়িয়াই ভাৰতত উপস্থিত হয় । কান্নুৰ বিমান বন্দৰত বিমানখনে অৱতৰণ কৰে মঙলবাৰৰ সন্ধিয়া 7.24 বজাত ।

আনহাতে আন এখন বিমানে বাৰহিনৰ পৰা সোমবাৰে 182 জন লোকক উদ্ধাৰ কৰি ভাৰতৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণ কৰে ।

ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কানপুৰত উপস্থিত বিমান

ইফালে থিৰুৱনন্তমপুৰম আৰু দোহাৰ মাজত দেওবাৰে চলিব লগীয়া বিমানখনৰ উৰণ বাতিল কৰা হৈছিল । উক্ত বিমানখনৰ বাবে বুধবাৰলৈ নতুন সূচী নিৰ্ধাৰণ কৰা হৈছে । বুধবাৰে ভাৰতত উপস্থিত হ'ব বিমানখন ।

বিমান বন্দৰ সমূহত থাৰ্মেল স্কেনিং স্থাপন কৰা হৈছে । যি সমূহ লোকৰ দেহত কোনো লক্ষণে দেখা দিব, সেই লোক জনক ততাতৈয়াকৈ বিমানবন্দৰৰ পৰাই নিয়া হ'ব হাস্পতাললৈ । আনহাতে আন লোক সকলক কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ।

ABOUT THE AUTHOR

...view details