অসম

assam

পৃথিৱীত পৰুৱাৰ সংখ্যা কিমান ?

By

Published : Sep 21, 2022, 1:35 PM IST

Ant
পৃথিৱীত পৰুৱাৰ সংখ্যা কিমান ()

আপোনাক যদি কোৱা হয় এই পৃথিৱীত কিমান পৰুৱা আছে গণিব লাগে ? আপুনি অনুমান কৰিব পাৰিব নে পৰুৱাৰ সংখ্যা কিমান আছে ? আচৰিত কথাটো হ'ল যে হংকঙৰ গৱেষকৰ এটা দলে দাবী কৰিছে যে তেওঁলোকে পৰুৱাৰ সংখ্যা গণিবলৈ আৰম্ভ কৰিছে (Hong Kong researchers count ant population)। কিন্তু তেওঁলোকে দিয়া হিচাপ মতে পৃথিৱীত কিমান পৰুৱা আছে ?

নিউজ ডেস্ক,২১ ছেপ্টেম্বৰ :আমি সকলোৱে জানো যে এই পৃথিৱীত মানুহতকৈও বহু গুণ বেছি আছে পৰুৱা । কিন্তু পৰুৱাৰ সংখ্যা কিমান সেইটো কোৱাটোহে অসম্ভৱ । কাৰণ পৰুৱাবোৰৰ গণনা কৰাটো সহজ কথা নহয় । কিন্তু আপুনি শুনি আচৰিত হ'ব যে হংকঙৰ একাংশ গৱেষকে এই দুঃসাহসিক কাম আৰম্ভ কৰিছে ।

তেওঁলোকে পৰুৱাৰ সংখ্যা হিচাপ কৰিবলৈ আৰম্ভ কৰিছে (Hong Kong researchers count ant population)। ৪৮৯ টা অধ্যয়নৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত তেওঁলোকে এই কথা প্ৰকাশ কৰিছে । অনুমান কৰা হৈছে যে পৃথিৱীত ২০,০০০,০০০,০০০,০০০,০০০ বা ২০ কোৱাড্ৰিলিয়ন টা পৰুৱা আছে (Ant Population In World)। কিন্তু গৱেষকৰ দলটোৱে উল্লেখ কৰা মতে পৰুৱাৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকে সঠিক সংখ্যাটো ক'বলৈ সক্ষম নহয় ।

এই গৱেষণাৰ কথা প্ৰচিডিংছ অফ দ্য নেচনেল একাডেমী অফ চাইন্সেছ (Proceedings of the National Academy of Sciences) আলোচনীত প্ৰকাশ পাইছে ।

গৱেষকৰ দলটোৱে আলোচনীত উল্লেখ কৰা মতে অত্যাধিক সংখ্যাৰ বাবে পৃথিৱীত পৰুৱাৰ সঠিক সংখ্যা অনুমান কৰাত বহু প্ৰকৃতিবিদ বিফল হোৱা দেখা যায় । কিন্তু পৃথিৱীৰ বিভিন্ন প্ৰান্তত পৰুৱাৰ ঘনত্ব জোখা ৪৮৯ টা অধ্যয়নৰ তথ্য সংকলন কৰি ইয়াৰ সংখ্যাবোৰ গৱেষকৰ দলটোৱে অনুমান কৰিছিল । আলোচনীখনত এই গৱেষণাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ বিশ্বতে বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।

গৱেষকৰ দলটোৱে পৃথিৱীত পৰুৱাৰ বায়োমাছও প্ৰকাশ কৰিছে (Ant biomass in World)। ইয়াৰ মায়োমাছ ১২ নিযুত টন (বায়োমাছ মানে হৈছে মুঠ আকাৰ কিন্তু এই ক্ষেত্ৰত কোনো এলেকা বা আয়তনত জীৱিত বস্তুৰ ওজন) । উল্লেখ্য যে অৰণ্যত বাস কৰা চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ মুঠ ওজন প্ৰায় ২ নিযুত টন বুলি কোৱা হয় । অৰ্থাৎ অৰণ্যত বাস কৰা চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ মুঠ ওজনতকৈও পৰুৱাৰ পৰিমাণ বেছি ।

লগতে পঢ়ক :শীঘ্ৰেই দেশত মুকলি হোৱাৰ দিশে 5G সেৱা

ABOUT THE AUTHOR

...view details