অসম

assam

বাসভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ অমিত শ্বাহৰ

By

Published : Oct 19, 2021, 1:51 PM IST

Home Minister Amit Shah arrives at PMs residence
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনত উপস্থিত অমিত শ্বাহ ()

মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ বাসভৱনত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah) । বৰ্তমান প্ৰধানমন্ত্ৰীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আলোচনা অব্যাহত আছে । কাশ্মীৰকে ধৰি আন কেইবাটাও ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ।

নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ: কেবিনেট বৈঠকৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে(Amit Shah) । মঙলবাৰে পুৱাই প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী । বৰ্তমান দুয়োগৰাকী আলোচনাত মিলিত হৈছে । এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে, কাশ্মীৰকে ধৰি আন কেইবাটাও ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ।

ইয়াৰ পূৰ্বে সোমবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয়ক লৈ প্ৰায় ছয় ঘণ্টা জোৰা বৈঠকত অংশগ্ৰহণ কৰিছিল অমিত শ্বাহে । এই বৈঠকখনত আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । সূত্ৰটোৱে জনোৱা অনুসৰি, শ্বাহে একো একোটা সৰু তথ্যৰ ওপৰতো সতৰ্কতামূলক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ।

আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ মুৰব্বী, চোৰাংচোৱা সংস্থা আৰু সকলো আৰক্ষী সংগঠনে এই বৈঠকত অংশগ্ৰহণ কৰে ।

গৃহ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনায় যে, বিভিন্ন আভ্যন্তৰীণ সুৰক্ষা প্ৰত্যাহ্বান আৰু সেইবোৰৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰি সেই বিষয়ে এই বৈঠকত আলোচনা কৰা হয় ।

বৈঠকত দেশৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি আৰু কাশ্মীৰত সাধাৰণ লোকক সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা আদি ঘটনাকে ধৰি আইন-শৃংখলাজনিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । বৈঠকত গৃহ মন্ত্ৰীয়ে মাওবাদী প্ৰভাৱিত বিভিন্ন ৰাজ্যত মাওবাদীৰ (LWE) সমস্যাৰ পৰা ৰক্ষা পোৱাৰ বিষয়ে পৰ্যালোচনা কৰে । গৃহ মন্ত্ৰীয়ে ৬ মাহত এবাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰে আলোচনাত মিলিত হোৱাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰ এক অংশ হৈছে এই বৈঠকখন ।

লগতে পঢ়ক: বাংলাদেশত মন্দিৰত কৰা আক্ৰমণৰ গৰিহণা আমেৰিকাৰ

ABOUT THE AUTHOR

...view details