অসম

assam

ETV Bharat / state

১৯৯৫ চনত বিলমুখত প্ৰাণ আহুতি দিয়া মিচিং আন্দোলনৰ শ্বহীদক স্মৰণ

মিচিং জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণ । জোনাইত তিনি জাতীয় সংগঠনৰ উদ্যোগত জাতীয় শ্বহীদ দিৱস পালন ।

Observance of National Martyrs' Day in Jonai initiative of three organizations
১৯৯৫ চনত বিলমুখত প্ৰাণ আহুতি দিয়া মিচিং আন্দোলনৰ শ্বহীদক স্মৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 21, 2026 at 2:56 PM IST

জোনাই: আজি ২১ এপ্ৰিল ৷ এই দিনটোতে ১৯৯৫ চনত বিলমুখত মিচিং সমাজে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত আন্দোলন কৰোতে চৰকাৰী পক্ষৰ গুলীত তিনিগৰাকী আন্দোলনকাৰী শ্বহীদ হৈছিল ৷ এই দিনটোক সুঁৱৰি মিচিং জাতীয় সংগঠনে ২১ এপ্ৰিলৰ দিনটো সমগ্ৰ অসমতে মিচিং জনবসতি প্ৰধান অঞ্চলত শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ৷

ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ নায্য প্ৰাপ্য বিচৰা জাতীয় সংগ্ৰামখনৰ অক্লান্ত যোদ্ধা, মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাঙৰ তিনি প্ৰাতঃস্মৰণীয় সংগ্ৰামী সত্বাৰ সশ্ৰদ্ধ স্মৰণেৰে মংগলবাৰে মিচিং অধ্যুষিত অঞ্চলত পালন কৰা হৈছে জাতীয় শ্বহীদ দিৱস ।

১৯৯৫ চনত বিলমুখত প্ৰাণ আহুতি দিয়া মিচিং আন্দোলনৰ শ্বহীদক স্মৰণ (ETV Bharat Assam)

ইয়াৰ সমান্তৰালকৈ জোনাইতো টি এম পি কে, এম এম কে টি এম এম কে জোনাই জিলা সমিতিৰ উদ্যোগত মিচিং জনগোষ্ঠীয় ৰাইজ আৰু মিচিং জাতীয় সংগঠনে এই তিনিগৰাকী জাতীয় শ্বহীদৰ আত্মবলিদান স্মৰণৰে পবিত্ৰ পুণ্যাত্মাৰ সদগতি কামনা কৰি মিচিং কৃষ্টি ভৱন প্ৰাংগণত মঙলবাৰে পালন কৰে জাতীয় শ্বহীদ দিৱস । উক্ত অনুষ্ঠানত উপস্থিত থাকি তিনি সংগঠনৰ নেতা-কৰ্মীসকলে পুষ্পাঞ্জলিৰে তিনি শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন টি এম পি কেৰ কৰ্মকৰ্তাৰ (ETV Bharat Assam)

স্মৰ্তব্য যে ১৯৯৫ চনৰ ২১ এপ্ৰিলত ঢকুৱাখনা মহকুমাৰ বিলমুখত অনুষ্ঠিত হোৱা মিচিং বানে কৌবাঙৰ অধিৱেশনলৈ মিচিং জনগোষ্ঠীক ভুৱা, প্ৰতাৰণামূলক আৰু পুতলা স্বায়ত্ত শাসন প্ৰদানৰ ঘোষণা কৰিবলৈ তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আগমনৰ প্ৰতিবাদ জনাই তিনি মিচিং জাতীয় সংগঠনৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ জনগোষ্ঠীয় ৰাইজ ।

শ্ৰদ্ধাৰে সুঁৱৰিলে মিচিং জনগোষ্ঠীৰ জাতীয় শ্বহীদক (ETV Bharat Assam)

উক্ত অনুষ্ঠানত উপস্থিত থাকি টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে কয়,"আজি মিচিং জনগোষ্ঠীৰ কাৰণে ঐতিহাসিক দিন । আজিৰ দিনটোতে, অৰ্থাৎ ১৯৯৫ চনৰ ২১ এপ্ৰিল তাৰিখে, মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দাবীত অবিৰতভাৱে আন্দোলন চলাই আহিছিল । সেই প্ৰতিবাদতে আজিৰ দিনটোতে বগা মেদক, নৰেশ টাইড, অঞ্জনা পেগুক গুলীয়াই হত্যা কৰিছিল ।"

লগতে পঢ়ক:বছৰটোলৈ বিদায় ! চেৰা বিহুৰে সাত বিহুৰ সামৰণি

জাগীৰোডত গোভা তিৱা বিহুৰ উছাহ: থলুৱা গামোচাৰ বিশেষ বিপণি মুকলি