ETV Bharat / state

বছৰটোলৈ বিদায় ! চেৰা বিহুৰে সাত বিহুৰ সামৰণি

একেৰাহে ছয় দিনৰ আনন্দ-উছাহৰ পিছত এই দিনটোত পৰম্পৰাগতভাৱে বিহুক বিদায় জনোৱা হয় ৷

BOHAG BIHU 2026
চিলাপথাৰ শ্ৰীপাণি ৰূপহীপথাৰ গাঁৱত ৰাজহুৱাভাৱে পালন চেৰা বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 8:55 PM IST

2 Min Read
Choose ETV Bharat

জোনাই : আজি চেৰা বিহু ৷ ব'হাগ বিহুৰ সপ্তম দিনটোত প্ৰতিজন অসমীয়াই পালন কৰে চেৰা বিহু ৷ চেৰা বিহু সাত বিহুৰ সপ্তম তথা অন্তিম দিন হিচাপে পৰিচিত ৷ ‘চেৰা’ শব্দটোৰ অৰ্থ হৈছে অৱসান বা সমাপ্তি আৰু এই দিনটোতেই ব'হাগ বিহুৰ আনন্দ-উল্লাসৰ আনুষ্ঠানিক অন্ত পৰে ৷

বিহুৰ আৰম্ভণিৰে পৰা ডেকা-গাভৰুৱে নাচ-গীত, হুঁচৰি আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আনন্দত মতলীয়া হৈ পৰে যদিও সপ্তম দিনত সেই উৎসৱৰ উছাহ লাহে লাহে ম্লান হৈ আহে আৰু বিহুক বিদায় জনোৱাৰ সময় আহি পৰে ৷

চিলাপথাৰ শ্ৰীপাণি ৰূপহীপথাৰ গাঁৱত ৰাজহুৱাভাৱে পালন চেৰা বিহু (ETV Bharat Assam)

ঠায়ে ঠায়ে আজিৰ দিনটো ব’হাগী বিদায় হিচাপেও পালন কৰে ৷ ইয়াৰ সমান্তৰালকৈ ধেমাজি জিলাৰ চিলাপথাৰ শ্ৰীপাণি ৰূপহীপথাৰ গাঁৱত ৰাজহুৱাভাৱে পালন কৰা হৈছে চেৰা বিহু ৷ পূৰ্বৰ পৰম্পৰা, ঐতিহ্য ৰক্ষা কৰাৰ অৰ্থে যুৱ প্ৰজন্মই আঁহত গছৰ তলত চেৰা বিহু পালন কৰাৰ সমান্তৰালভাৱে সমূহীয়াকৈ এসাজ ভোজভাত খায় ৷ অৱশ্যে চেৰা বিহু বট গছৰ তলত পালন কৰে যদিও এই স্থানত বট গছ নথকা বাবে শ্ৰীপাণি ৰূপহীপথাৰ গাঁৱৰ ৰাইজে আঁহত গছৰ তলতে পালন কৰা বুলি জানিবলৈ দিয়ে ৷

BOHAG BIHU 2026
চিলাপথাৰ শ্ৰীপাণি ৰূপহীপথাৰ গাঁৱত ৰাজহুৱাভাৱে পালন চেৰা বিহু (ETV Bharat Assam)
BOHAG BIHU 2026
চিলাপথাৰ শ্ৰীপাণি ৰূপহীপথাৰ গাঁৱত ৰাজহুৱাভাৱে পালন চেৰা বিহু (ETV Bharat Assam)

চেৰা বিহুৰ মূল বৈশিষ্ট্যসমূহ :

বিদায় অনুষ্ঠান : এই দিনটোত ব’হাগৰ বিহুক বিদায় জনোৱা হয়, যাৰ বাবে ইয়াক ‘ব'হাগী বিদায়’ বুলিও কোৱা হয় ৷

সাতশাকী ভক্ষণ : চেৰা বিহুৰ অন্যতম প্ৰধান নিয়ম হ’ল সাতবিধ শাক (সাতশাকী) মিহলাই খোৱা, যি পৰম্পৰা আজিও প্ৰচলিত ৷

হাঁচতি উৰুওৱা : উজনিত কোনো কোনোৱে বিহুৰ বাবে ব্যৱহাৰ কৰা হাঁচতিবোৰ ধুই-পখালি গছৰ ডালত বা বৰগছৰ গুৰিত উৰুৱাই দিয়ে ৷

পৰিৱেশ : সাত দিনৰ আনন্দ-উলাহৰ অন্তত এই দিনটোত এক শান্ত-সমাহিত পৰিৱেশত পৰৱৰ্তী বছৰৰ বাবে আশীৰ্বাদ বিচৰা হয় ৷

সংক্ষেপে, চেৰা বিহু হ’ল ৰঙালী বিহুৰ আৱেগিক সামৰণি আৰু নতুন আশাৰে স্বাভাৱিক জীৱনলৈ উভতি অহাৰ পৰ্ব ৷

লগতে পঢ়ক : ঢোলৰ মাৰি নদীত উটুৱাই দিয়াৰ পৰম্পৰাৰে মিচিংসকলে পালন কৰিলে ৰঙালী বিহু