জাগীৰোডত গোভা তিৱা বিহুৰ উছাহ: থলুৱা গামোচাৰ বিশেষ বিপণি মুকলি
জনগোষ্ঠীৰ তাঁতশালত বোৱা গামোচা উপলব্ধ হ’ব 'হাতে কামে'ত ।

Published : April 20, 2026 at 7:42 PM IST
মৰিগাঁও: ৰজাদিনীয়া পৰম্পৰাৰে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰে গোভা তিৱা বিহু । অসমৰ লোক-সংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন হ’ল তিৱা সমাজৰ এই গোভা তিৱা বিহু । গোভা দেওৰজা ৰাজপাৰিষদবৰ্গ আৰু সীতাজখলাৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই বিহু অনুষ্ঠিত হয় ।
উল্লেখ্য় যে গোভা তিৱা বিহুৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক বিশ্বাস, ফা-মহাদেউ আৰু বদলমাজি, বাঘদেউ আদি ইষ্টদেৱতাক পূজা কৰি নিজৰ পৰিয়াল তথা সমাজৰ মংগল কামনা কৰাৰ পৰম্পৰা । বাঁহৰ চিকনী দুফাল কৰি 'মঙল চোৱা' অসমীয়া সমাজৰ লোক-বিশ্বাসৰ প্ৰতিফলন । ভৱিষ্যতৰ শুভ-অশুভ নিৰ্ণয়ৰ এনে থলুৱা পদ্ধতিসমূহে আমাৰ সমাজতন্ত্ৰক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে ।
বাৰীৰ চুকত ইষ্টদেৱতাক কুকুৰা উছৰ্গা কৰি কৰা এই পূজাই প্ৰকৃতি আৰু সমাজৰ মাজৰ এক নিবিড় সম্পৰ্কৰ কথাকে সূচায় । লোকবিশ্বাস অনুসৰি গোভা ৰাজ্যৰ এই বিহুৱে সকলোৰে মাজলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে । এনে ধৰণৰ পৰম্পৰাৰ চৰ্চাই নতুন প্ৰজন্মক আমাৰ শিপাৰ সৈতে চিনাকি কৰি দিয়াত সহায় কৰি আহিছে । গোভা বিহুৰ এই পৰম্পৰাই সকলোৰে মাজত এক ভাতৃত্ববোধৰ সূচনা কৰি আহিছে ।

আইৰ তাঁত আমাৰ হাত :
জাগীৰোডৰ সীতাজখলাত গোভা তিৱা বিহুৰ সৈতে সংগতি ৰাখি মুকলি কৰা হৈছে থলুৱা গামোচাৰ বিশেষ বিপণি ‘হাতে কামে’ । গোভা তিৱা বিহুৰ কাৰ্যসূচীৰ আৰম্ভণিতে সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় । এই বিহুৰ সৈতে সংগতি ৰাখি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে । 'আইৰ তাঁত আমাৰ হাত' শ্লোগানেৰে সীতাজখলাৰ বাকৰিত 'হাতে কামে' নামৰ এখন গামোচা বিপণি মুকলি কৰা হয় । এই বিপণিখনত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ তাঁতশালত বোৱা গামোচা উপলব্ধ হ’ব । এই বিশেষ বিপণিখন উদ্বোধন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ।

এই সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "হাতে কামে বিপণিখনৰ জৰিয়তে আমাৰ থলুৱা শিপিনীসকলৰ কষ্টক এক উচিত মৰ্যাদা আৰু বজাৰ দিয়াৰ চেষ্টা কৰা হৈছে । অসমৰ সকলো জনগোষ্ঠীৰ গামোচা একেখন চালিৰ তলতে পোৱাটো এক ব্যতিক্ৰমী চিন্তা ।" আনহাতে সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই কয়, "গোভা দেওৰজাৰ এই পৰম্পৰা আমি ৰক্ষা কৰি আহিছো । এইবাৰ আমি বিচাৰিছো যাতে বিহুৰ আনন্দৰ লগতে আমাৰ থলুৱা শিল্পটোৱে প্ৰসাৰ লাভ কৰক। সেই উদ্দেশ্যেই 'হাতে কামে' বিপণিখন স্থাপন কৰা হৈছে ।"
লগতে পঢ়ক:প্ৰাণৰ শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি দৃষ্টিহীন বিহু হুঁচৰি দলৰ
এনাজৰীৰে বান্ধ খোৱা চেনেহী বিহুক কিয় কয় 'জীয়ৰী বিহু' বুলি ?

