ধেমাজিত-জোনাইত মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠা দিৱস উদযাপন
মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠা দিৱস । ধেমাজি তথা জোনাইৰ বিভিন্ন প্ৰান্তত মিচিং আগম কেবাঙৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ।
Published : April 18, 2026 at 3:56 PM IST
জোনাই:এটা দুটাকৈ ৫৫ টা বছৰত ভৰি থ'লে মিচিং আগম কেবাঙে (মিচিং সাহিত্য সভাই)। মিচিং ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশ আৰু মিচিং ভাষাটোক সৱলীকৰণৰ হেতু ১৯৭২ চনৰ ১৮ এপ্ৰিল তাৰিখে অৰ্থাৎ আজিৰ দিনটোতেই আগম মিগাং টাবুৰাম টাইদক সভাপতি আৰু আগম মিগাং ডঃ নাহেন্দ্ৰ পাদুনক প্ৰতিষ্ঠাপক সচিব হিচাপে লৈ দিচাংমুখত মিচিং আগম কেবাঙে প্ৰতিষ্ঠা লাভ কৰিছিল ।
শনিবাৰে মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠা দিৱস সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১৫০ খন আঞ্চলিকৰ সমান্তৰালভাৱে ধেমাজি কাড়িচুকস্থিত কেন্দ্ৰীয় কাৰ্যালয় চৌহদত সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্টাকে পতাকা উত্তোলন কৰে । অনুষ্টুপীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সদস্য য়কচা কুলিকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷
তদুপৰি জোনাইস্থিত মূৰ্কংচেলেক আগম কেবাং কাৰ্যালয় চৌহদত মূৰ্কংচেলেক বাংকে মিচিং আগম কেবাঙৰ সভাপতি চেনীৰাম পাংগিং আৰু দিবাকৰ মিলিয়ে শ্বহীদ তৰ্পণ কৰে । ইয়াৰ পিছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মিচিং আগম কেবাঙৰ প্ৰাক্তন সম্পাদক তথা মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ দলে আৰু মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা লেখক বিজয় বৰিয়ে মিচিং ভাষা সংৰক্ষণ, বিকাশ আৰু উত্তৰণৰ সম্পৰ্কে বহুমূলীয়া বক্তব্য প্ৰদান কৰে ।
ইয়াৰোপৰিও জোনাইৰ বিভিন্ন শাখাত পালন কৰা হয় আগম কেবাঙৰ প্ৰতিষ্ঠা দিৱস । ইফালে ৰাজ্য চৰকাৰে মিচিং ভাষাৰ মাধ্যমৰ প্ৰাথমিক বিদ্যালয় দুশখনৰ পৰা চাৰিশখনলৈ বৃদ্ধি কৰাৰ পোষকতা কৰিছে । ইয়াৰ বাবে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাক সোমেশ্বৰ কপ্টাকে ৰাজ্য চৰকাৰক ধন্যবাদ জনায় ।
উল্লেখ্য যে ১৯৭২ চনৰ ১৮ এপ্ৰিলত শিৱসাগৰৰ দিচাংমুখত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৱে মাতৃভাষা মিচিং ভাষা সংৰক্ষণ, বিকাশ আৰু উত্তৰণৰ পবিত্ৰ লক্ষ্যৰে ত্যাগ, সাধনা আৰু অবিৰাম সংগ্ৰাম আৰু মিচিং ভাষাৰ বাবে ৰোমাণ লিপি গ্ৰহণ কৰি প্ৰাথমিক শিক্ষাত ইয়াৰ প্ৰচলনৰ বাবে যুঁজ দি আহিছে ৷ তদুপৰি সংগঠনটোৱে মিচিং ভাষাৰ লগতে মিচিং জাতিৰ পৰম্পৰাগত সংস্কৃতি আৰু লোক-সাহিত্যৰ সংৰক্ষণৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।