তীব্ৰবেগী বলেৰ’ৰ খুন্দাত নিহত দুজন যুৱক, কাকপথাৰত ৰাইজৰ প্ৰতিবাদ
পথ দুৰ্ঘটনাত কাকপথাৰৰ উদীয়মান খেলুৱৈসহ মৃত্যু দুজন যুৱকৰ ৷ পুৱাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ । কাকপথাৰত উন্নতমানৰ চিকিৎসালয় নথকাৰ অভিযোগ ৷

Published : April 18, 2026 at 1:06 PM IST
তিনিচুকীয়া: এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাই উত্তপ্ত হৈ পৰে কাকপথাৰ ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ লাজুমত ৰঙালী বিহুৰ আনন্দৰ মাজতেই যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই দুগৰাকীকৈ স্থানীয় যুৱকে ৷ এই ঘটনাই সমগ্ৰ কাকপথাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
স্থানীয় সূত্ৰ অনুসৰি এখন মটৰ চাইকেলত পথৰ দাঁতিত ৰৈ থকা অৱস্থাত দুই যুৱকক মহতিয়াই নিয়ে AS 01 V 0399 নম্বৰৰ এখন তীব্ৰবেগী বলেৰ' বাহনে । ফলত থিতাতে নিহত হয় কাকপথাৰৰ প্ৰাণজিৎ দাস আৰু তেজী গাঁৱৰ শশাংক মৰাণ ৷ কাকপথাৰ ফুটবল কচিং চেণ্টাৰৰ গ'ল ৰক্ষক আছিল শশাংক ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন । সম্প্ৰতি বলেৰ' বাহনখনৰ চালকজন ডুমডুমা আৰক্ষীৰ জিম্মাত আছে । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে ৷
তাৰ পাছতেই কাকপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে । উক্ত ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰে পৰা কাকপথাৰত ৰাইজে ৰাজপথ অৱৰোধ কৰে । ৰাজপথত টায়াৰ জ্বলাই স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰী ৰাইজে কয় যে, কাকপথাৰত এখন উন্নতমানৰ চিকিৎসালয় নাই । যদিহে কাকপথাৰত এখন উন্নতমানৰ চিকিৎসালয় থাকিলহেঁতেন তেতিয়া যুৱক দুজনক বচোৱাৰ সামান্যতম হ’লেও আশা থাকিলহেতেন ।
সমান্তৰালভাৱে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পোহৰৰ ব্যৱস্থাও নাই বুলি তেওঁলোকে অভিযোগ কৰে । গতিকে মৃত দুয়োগৰাকী যুৱকৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে কাকপথাৰত এখন উন্নতমানৰ চিকিৎসালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে । যেতিয়ালৈকে এই দাবীসমূহ মানি নলয় তেতিয়ালৈকে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত থাকিব বুলিও তেওঁলোকে হুংকাৰ দিয়ে ।
লগতে পঢ়ক: সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ অভিলেখ : সংখ্যালঘু প্রধান সমষ্টিত ৯০ৰ পৰা ৯৭ শতাংশ ভোটদান

