ETV Bharat / politics

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ অভিলেখ : সংখ্যালঘু প্রধান সমষ্টিত ৯০ৰ পৰা ৯৭ শতাংশ ভোটদান

নির্বাচন আয়োগে প্রকাশ কৰা অনুসৰি অধিকাংশ সংখ্যালঘু বসতিপ্রধান সমষ্টিতে ৯০ শতাংশৰ পৰা ৯৭ শতাংশ পর্যন্ত ভোটদান হৈছে ।

Assam Assembly Election 2026
সংখ্যালঘু প্রধান সমষ্টিত ৯০ৰ পৰা ৯৭ শতাংশ ভোটদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 6:53 PM IST

9 Min Read
Choose ETV Bharat

গুৱাহাটী : সদ্যসমাপ্ত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰাজ্যৰ ৮৫.৯৬ শতাংশ ভোটাৰে ভোটদান কৰি অভিলেখ ৰচনা কৰিছে । অহা ৪ মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব ভোটগণনা আৰু ১২৬ টা সমষ্টিত অৱতীৰ্ণ হোৱা ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । ভোটদানৰ পিছত এতিয়া শাসক আৰু বিৰোধীৰ লগতে প্ৰাৰ্থীসকলো জয়-পৰাজয়ৰ অংকত ব্যস্ত হৈ আছে । এইবাৰৰ নিৰ্বাচনত ৰাজ্যৰ সকলো সমষ্টিতে ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সংখ্যালঘু অধ্যুষিত সমষ্টিত ভোটদানৰ হাৰ আছিল অভূতপূৰ্ব । সেই কথা নির্বাচন আয়োগৰ তথ্যতেই উন্মোচিত হৈছে ।

৯ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৫.৯৬ শতাংশ । ইয়াৰ ভিতৰত খিলঞ্জীয়া, নগৰাঞ্চল আৰু জনজাতীয় লোকৰ বসতিপ্ৰধান ১৭ সমষ্টিত ৮০ শতাংশৰ তলত ভোটদান সাব্যস্ত হৈছিল । আনহাতে যি ২৪ টা সমষ্টিত ৯০ শতাংশৰ পৰা ৯৭ শতাংশ পর্যন্ত ভোটদান হোৱাৰ তথ্য নির্বাচন আয়োগে প্রকাশ কৰিছে সেই সমষ্টিসমূহৰ দুই এটাৰ বাদে অধিকাংশ সমষ্টিয়েই সংখ্যালঘু বসতিপ্রধান সমষ্টি । লক্ষণীয় বিষয় যে স্বাধীনতাৰ পাছত অনুষ্ঠিত বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনসমূহৰ ভিতৰত এইবাৰেই সর্বাধিক ভোটদান হয় । সংখ্যালঘু ভোটাৰ থকা সমষ্টিসমূহৰ বিপৰীতে খিলঞ্জীয়া, নগৰীয়া অঞ্চল আৰু জনজাতীয় ভোটাৰ থকা সমষ্টিসমূহত ভোটদানৰ হাৰ তুলনামূলকভাৱে কম ।

Assam Assembly Election 2026
অসমৰ সমষ্টিভিত্তিক ভোটদানৰ হাৰ (ETV Bharat)
Assam Assembly Election 2026
অসমৰ সমষ্টিভিত্তিক ভোটদানৰ হাৰ (ETV Bharat)

উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ ৫ টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৭.৪৬ শতাংশ । ইয়াৰ ভিতৰত দিছপুৰ সমষ্টিত ৭৫.০৪ শতাংশ, ডিমৰীয়া সমষ্টিত ৮১.৭৯ শতাংশ, নিউ গুৱাহাটী সমষ্টিত ৭২.৩৭ শতাংশ, মধ্য গুৱাহাটী সমষ্টিত ৭৬.০৭ শতাংশ আৰু জালুকবাৰী সমষ্টিত ৮২.০৪ শতাংশ ভোটদান হয় । সামগ্রিকভাৱে ৰাজ্যৰ ১২৬ টা সমষ্টিত প্রায় ৮৬ শতাংশ ভোটদান সম্পন্ন হয় যদিও ১৭ টা সমষ্টিত ভোটদানৰ হাৰ ৮০ শতাংশৰ তলত আছিল । ৮০ ৰ পৰা ৮৫ শতাংশৰ ভিতৰত ভোটদান হোৱা সমষ্টিৰ সংখ্যা ৫৭ টা, ৮৫ শতাংশৰ পৰা ৯০ শতাংশ ভোটদান হোৱা সমষ্টিৰ সংখ্যা ৪০ টা আৰু ১৭ টা সমষ্টিত ৯০ৰ পৰা ৯৭ শতাংশ পর্যন্ত ভোটদান হৈছিল ।

৯০ ৰ পৰা ৯৭ শতাংশ ভোটদান হোৱা সমষ্টিসমূহৰ ভিতৰত আছে পৰ্বতঝোৰা, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, গোলোকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং জাৰুৱা, বিলাসীপাৰা, মানকাচৰ, জলেশ্বৰ, সৃজনগ্ৰাম, বঙাইগাঁও, দলগাঁও, লাহৰীঘাট, ধিং, ৰূপহীহাট আৰু চামগুৰি । এই সমষ্টিসমূহৰ ভিতৰত দুই-এটাৰ বাদে অধিক সমষ্টিয়ে সংখ্যালঘু ভোটাৰ বসতিপ্রধান । আনহাতে ৮০ শতাংশৰ তলত ভোটদান হোৱা সমষ্টিসমূহৰ ভিতৰত আছে ডিব্ৰুগড়, নাহৰকটীয়া, যোৰহাট, সৰুপথাৰ, খুমটাই, ডিফু, ৰংখং, আমৰি, দিছপুৰ, নিউ গুৱাহাটী, মধ্য গুৱাহাটী, ধেমাজি, চিচিবৰগাঁও, শদিয়া, মাৰ্ঘেৰিটা, ডিগবৈ আৰু তিনিচুকীয়া ।

৯০ ৰ পৰা ৯৭ শতাংশ ভোটদান হোৱা একাংশ সমষ্টি -

পৰ্বতঝোৰা সমষ্টি :

বড়োভূমিৰ পৰ্বতঝোৰা সমষ্টিত ভোটদানৰ হাৰ আছিল ৯৩.২৩ শতাংশ । এই সমষ্টিটো সংখ্যালঘু অধ্যুষিত সমষ্টি । সমষ্টিটোৰ ৯৮,১৮০ গৰাকী ভোটাৰ সংখ্যালঘু সম্প্ৰদায়ৰ । সমষ্টিটোত কংগ্ৰেছৰ হৈ অৱতীৰ্ণ হোৱা আশ্ৰাফুল ইছলাম শ্বেখ, বিপিএফৰ ড৹ ৰেজাউল কৰিম আৰু ইউপিপিএলৰ আয়ুব হুছেইন মণ্ডলৰ মাজত মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে ।

Assam Assembly Election 2026
২৪ টা সমষ্টিত ৯০ শতাংশৰ পৰা ৯৭ শতাংশ পর্যন্ত ভোটদান (ETV Bharat)

পূব-গোৱালপাৰা সমষ্টি :

গোৱালপাৰা পূব-বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৪.৭৯ শতাংশ । সমষ্টিটোত সংখ্যালঘু সম্প্ৰদায়ৰ আধিপত্য থকাৰ বাবে ইয়াৰ প্ৰায় প্ৰতিটো নিৰ্বাচনতে সংখ্যালঘু ভোটাৰৰ মতামতক গুৰুত্ব দিয়া হয় । সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ সংখ্যা ডেৰ লাখৰো অধিক । এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত এআইইউডিএফ, কংগ্ৰেছ, ৰাইজৰ দল, অগপৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে । ১৪ নং গোৱালপাৰা পূব সমষ্টিত অগপৰ আব্দুৰ ৰহিম জিব্রান, ৰাইজৰ দলৰ আব্দুৰ ৰছিদ মণ্ডল, কংগ্ৰেছৰ এ কে ৰছিদ আলম, এআইইউডিএফৰ হাফিজ বছিৰ আহমেদ কাছিমী অৱতীৰ্ণ হৈছে । ৪ মে'ত সমষ্টিটোৱে পাব ইয়াৰ জনপ্ৰতিনিধি ।

গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি :

গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯০.৮৯ শতাংশ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই সমষ্টিটোৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হয় । সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ সংখ্যা হৈছে ৩১ হাজাৰ । সমষ্টিটো পূৰ্বতে সংখ্যালঘু প্ৰধান আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰেক্ষাপট সলনি হ'ল ।

Assam Assembly Election 2026
অসম বিধানসভা নিৰ্বাচনত ভোটদানৰ অভিলেখ (ETV Bharat)

গোলোকগঞ্জ বিধানসভা সমষ্টি :

ধুবুৰীৰ গোলোকগঞ্জ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৪.৫২ শতাংশ । এই সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ যথেষ্ট প্ৰাধান্য আছে ।

গৌৰীপুৰ বিধানসভা সমষ্টি :

গৌৰীপুৰ সমষ্টিটোৰ ভোটদানৰ হাৰ হৈছে ৯৬.০৭ শতাংশ । সমষ্টিটোৰ হিন্দু ভোটাৰ হৈছে ৪৬ হাজাৰ ৭৪৯ গৰাকী । দেশী মুছলমান ভোটাৰ হৈছে ১ লাখ ৫১ হাজাৰ ৪৯৭ গৰাকী আৰু মিঞা মুছলমান ভোটাৰ হৈছে ১ লাখ ৪ হাজাৰ ৮৯৯ গৰাকী ।

ধুবুৰী বিধানসভা সমষ্টি :

ধুবুৰী বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৪.৬১ শতাংশ । সমষ্টিটোত হিন্দু ভোটাৰ হৈছে ৫৩ হাজাৰ । আনহাতে দেশী মুছলিম ভোটাৰ হৈছে ১ লাখ ২ হাজাৰ আৰু মিঞা মুছলিম ভোটাৰ হৈছে ৭৬ হাজাৰ ।

Assam Assembly Election 2026
সংখ্যালঘু প্রধান সমষ্টিত ৯০ৰ পৰা ৯৭ শতাংশ ভোটদান (ETV Bharat)

বীৰসিং জাৰুৱা বিধানসভা সমষ্টি :

বীৰসিং জাৰুৱা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে সৰ্বাধিক ৯৬.৫৪ শতাংশ । বীৰসিং জাৰুৱা বিধানসভা সমষ্টিৰ ৯৯ শতাংশই সংখ্যালঘু মুছলমান ভোটাৰ । ইয়াৰ ভিতৰত ৮০ শতাংশ মিঞা মুছলমান ভোটাৰ আৰু সামান্য সংখ্যকেই দেশী মুছলমান আৰু হিন্দু ভোট ।

বিলাসীপাৰা বিধানসভা সমষ্টি :

বিলাসীপাৰা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৩.২৬ শতাংশ । সমষ্টিটোৰ মুঠ ভোটাৰৰ গৰিষ্ঠ সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ ।

মানকাচৰ বিধানসভা সমষ্টি :

মানকাচৰ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৫.৬১ শতাংশ । এই সমষ্টিটো এটা সংখ্যালঘু অধ্যুষিত সমষ্টি ।

জলেশ্বৰ বিধানসভা সমষ্টি :

জলেশ্বৰ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৬.২৮ শতাংশ । জলেশ্বৰ এক সংখ্যালঘু প্ৰধান সমষ্টি আৰু য'ত মুছলমান ভোটাৰৰ প্ৰভাৱ যথেষ্ট বেছি ।

Assam Assembly Election 2026
৮০ ৰ পৰা ৮৫ শতাংশৰ ভিতৰত ভোটদান হোৱা সমষ্টিৰ সংখ্যা ৫৭ টা (ETV Bharat)

সৃজনগ্ৰাম বিধানসভা সমষ্টি :

সৃজনগ্ৰাম বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৯৫.৮২ শতাংশ । ধুবুৰী লোকসভা সমষ্টিৰ অধীনৰ এই বিধানসভা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা সমষ্টি । এই সমষ্টিটোও সংখ্যালঘু ভোটাৰৰ প্ৰাধান্য থকা সমষ্টি ।

বঙাইগাঁও বিধানসভা সমষ্টি :

বঙাইগাঁও বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯০.৭২ শতাংশ । নামনি অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বঙাইগাঁও মূলতঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ বসতি প্ৰধান হিচাপে পৰিচিত এক ঐতিহাসিক অঞ্চল । কোচ ৰাজবংশী জনগোষ্ঠীৰ উপৰিও বঙাইগাঁও বড়ো, ৰাভা, গাৰো, মাৰোৱাৰী, কলিতা, নাথ-যোগী, বঙালী, বিহাৰী, চাওতাল আৰু ভাষিক সংখ্যালঘু লোকৰ বসতিস্থল ।

দলগাঁও বিধানসভা সমষ্টি :

দলগাঁও বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৫.৫৬ শতাংশ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগতে দলগাঁও সমষ্টিটোত সংখ্যালঘু ভোটাৰেই বেছি আছিল । সমষ্টিটোত প্ৰায় ৩০ শতাংশ হিন্দু ভোটাৰ আছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিটোৰ অন্তৰ্গত হিন্দু প্ৰধান এলেকা আন সমষ্টিৰ অধীনলৈ যায় আৰু আন সমষ্টিৰ সংখ্যালঘু এলেকা সমষ্টিটোৰ ভিতৰত পৰে । যাৰ বাবে দলগাঁও সমষ্টিটো মুখ্যত সংখ্যালঘু অধ্যুষিত সমষ্টিৰূপে পৰিগণিত হয় ।

লাহৰীঘাট বিধানসভা সমষ্টি :

লাহৰীঘাট বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৪.৭২ শতাংশ । মূলত সংখ্যালঘু অধ্যুষিত সমষ্টিটোত বান-খহনীয়াৰ সমস্যা আছে আৰু বহু লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত ।

ধিং বিধানসভা সমষ্টি :

ধিং বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯২.৫৫ শতাংশ । সংখ্যালঘূ অধ্যুষিত সমষ্টি হিচাপে ৰাজ্যৰ ৰাজনীতিত অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে চিহ্নিত নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টি ।

ৰূপহীহাট বিধানসভা সমষ্টি :

ৰূপহীহাট বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৪.২৮ শতাংশ । সমষ্টিটোত ভোটাৰৰ জনগাঁথনিৰ ভিত্তিত প্ৰায় ২ লাখ ৭ হাজাৰ ৭০০ গৰাকী সংখ্যালঘু ভোটাৰ আছে । সমষ্টিটোত শতকৰা হাৰত প্ৰায় ৯৫ শতাংশ সংখ্যালঘু ভোটাৰ আছে ।

চামগুৰি বিধানসভা সমষ্টি :

চামগুৰি বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৯৩.৪৭ শতাংশ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ গঠিত চামগুৰি সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২ লাখ ১৭ হাজাৰ । সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ হাৰ হৈছে প্ৰায় ৯২ শতাংশ । আনহাতে ৯০ শতাংশৰ বেছি ভোটদান হোৱা আন সমষ্টি হৈছে ক্ৰমে অভয়াপুৰীত ৯০.৮০ শতাংশ, মন্দিয়াত ৯৩.৮৭ শতাংশ, চেঙাত ৯৫.৩৩ শতাংশ, পাকা বেতবাৰীত ৯৪.৭৬ শতাংশ, ছমৰীয়াত ৯৪.৫৩ শতাংশ, বৰক্ষেত্ৰীত ৯১ শতাংশ আৰু নলবাৰীত ৯০.৪৬ শতাংশ ।

খিলঞ্জীয়াৰ প্ৰভুত্ব থকা বহু সমষ্টিত ভোটদানৰ হাৰ তুলনামূলকভাৱে কম :

ৰাজ্যত সামগ্ৰিকভাৱে ৮৫.৯৬ শতাংশ ভোটদানেৰে সৰ্বকালৰ অভিলেখ সৃষ্টি হৈছে যদিও ১৫ টা সমষ্টিত তুলনামূলকভাৱে সৰ্বনিম্ন ভোটদান হৈছে । খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টিকেইটাত ৭২ শতাংশৰ পৰা ৭৯ শতাংশ ভোটদান হৈছে ৷ ইয়াৰ ভিতৰত আটাইতকৈ কম ভোটদান ৭২.৩৭ শতাংশ নিউ গুৱাহাটীত হৈছে । বাকী ১৪ টা সমষ্টি ক্ৰমে দিছপুৰ ৭৫.০৪ শতাংশ, মধ্য গুৱাহাটীত ৭৬.০৭ শতাংশ, চিচিবৰগাঁৱত ৭৯.৪০ শতাংশ, ধেমাজিত ৭৯.৩২ শতাংশ, শদিয়াত ৭৮.৪৫ শতাংশ, মাৰ্ঘেৰিটাত ৭৮.৭৮ শতাংশ, ডিগবৈত ৭৮.৭৬ শতাংশ, তিনিচুকীয়াত ৭৮.১২ শতাংশ, ডিব্ৰুগড়ত ৭৯.০৭ শতাংশ, নাহৰকটীয়াত ৭৯.৩৩ শতাংশ, যোৰহাটত ৭৮.৬৪ শতাংশ, সৰুপথাৰত ৭৯.৬২ শতাংশ, ডিফুত ৭৮.১৮ শতাংশ, আমৰিত ৭৮.৯৭ শতাংশ ভোটদান হৈছে ।

৮৭ সমষ্টিত ৮০ পৰা ৮৯ শতাংশ ভোটদান :

ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত ৮৭ টা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৮০ শতাংশৰ পৰা ৮৯.৮০ শতাংশ হৈছে । তুলনামূলকভাৱে এই সমষ্টিকেইটাত ভোটৰ হাৰ বেছি । কিন্তু সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহৰ তুলনাত এই সমষ্টিকেইটাত ভোটৰ হাৰ কম । লক্ষণীয় বিষয় যে ভোটদানৰ হাৰৰ ভিত্তিত নিৰ্বাচনৰ ফলাফল বহুখিনি নিৰ্ভৰ কৰে । অৱশ্যে এই অভিলেখ ভোটদানৰ ফলাফল ৪ মে'ৰ ভোট গণনাতহে জানিব পৰা যাব ।

লগতে পঢ়ক :

পৱন খেড়াক আত্মসমৰ্পণ কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ