অসম

assam

ETV Bharat / state

বানত ক্ষতিগ্ৰস্ত অংগনৱাড়ী কেন্দ্ৰৰ শীঘ্ৰে পুনৰ নিৰ্মাণৰ বাবে পুঁজি মুকলি : অজন্তা নেওগ

চাৰি জিলাৰ ৪৯৫ টা অংগনৱাড়ী কেন্দ্ৰৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মুকলি ।

minister Ajanta Neog
মন্ত্ৰী অজন্তা নেওগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 16, 2026 at 5:10 PM IST

Updated : August 17, 2026 at 9:47 AM IST

শিৱসাগৰ:শেহতীয়া বানত বিধ্বস্ত হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ শীঘ্ৰে মেৰামতিৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ বাবে ইতিমধ্য়ে পুঁজি মুকলি কৰি দিয়া হৈছে । এই কথা সদৰী কৰিছে মন্ত্ৰী অজন্তা নেওগে ।

দেওবাৰে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বান পৰিস্থিতিৰ পাছত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত মহিলা আৰু শিশু কল্যাণ বিভাগৰ ক্ষয়-ক্ষতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে মিলিত হৈ অংগনবাড়ী কেন্দ্ৰসমূহৰ ক্ষতিৰ খতিয়ান লয় ।

মন্ত্ৰী অজন্তা নেওগ (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "শিৱসাগৰ আৰু চৰাইদেউ জিলাত ৩৪৫ টা অংগনৱাড়ী কেন্দ্ৰৰ ক্ষতিসাধন হৈছে । ইতিমধ্য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰিখন জিলাৰ মুঠ ৪৯৫ টা কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মুকলি কৰি দিছে । সেই পুঁজিৰ শিৱসাগৰত প্ৰায় ৮ কোটিৰো বেছি আৰু চৰাইদেউ জিলাত ২ কোটিৰো অধিক মোকলাই দিয়া হৈছে । কামখিনি কেনেদৰে কৰা হ'ব সেইবিষয়ে নিৰ্দেশ দিবলৈ ইয়াত উপস্থিত হৈছো ।

বানত ক্ষতি হোৱা অংগনৱাড়ী কেন্দ্ৰৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "এখন পাঁচজনীয়া নিৰ্মাণ সমিতি গঠন কৰা হ'ব । এই সমিতিয়ে অংগনবাড়ী কেন্দ্ৰৰ ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব । নিৰ্মাণ সমিতিৰ দ্বাৰা কাম কৰা হ'ব বাবে ইয়াত কোনো ঠিকাদাৰৰ লাভ নাথাকিব ।"

তেওঁ কয়, ‘‘এই জিলা দুখনত ১১০০ৰো অধিক অংনৱাড়ী কেন্দ্ৰ আছে । ইয়াৰে প্ৰায় ১০০ টা কেন্দ্ৰত এতিয়াও পানী আছে । অংনৱাড়ীৰ শিশুসকলক পুনৰ কেন্দ্ৰলৈ আহিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।"

সেইদৰে জিলাখনত বানত আক্ৰান্ত হোৱা প্ৰায় ৫০০ গৰাকী প্ৰসূতি আৰু ৫০০ গৰাকী দুগ্ধদাত্ৰী মাতৃৰ লগতে দুগ্ধপোষ্য শিশুৰ বাবে চিকিৎসা বিভাগৰ সহযোগত স্বাস্থ্যৰ শিৱিৰ অনুষ্ঠিত কৰা হৈছে যদিও এই দিশত অধিক মনোযোগ দিয়াৰ পোষকতা কৰে মন্ত্ৰী নেওগে ।

সেইদৰে বানত শিৱসাগৰ জিলাখনৰ বহুকেইটা প্ৰাচীন কীৰ্তিচিহ্নৰ ক্ষতি হৈছে । এই সমূহৰ সম্পূৰ্ণ খতিয়ান এতিয়াও হোৱা নাই; কিন্তু অনতিপলমে এই সমূহৰ বুজ লৈ মেৰামতিৰ ব্যৱস্থা কৰিব বুলিও পৰ্যটন মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে । ইয়াৰ পূৰ্বে দেওবাৰে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ নৱ-নিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰে ।

লগতে পঢ়ক:বানপীড়িত অঞ্চলৰ চৰ্মৰোগত আক্ৰান্তৰ বাবে স্বাস্থ্য মন্ত্ৰীৰ বিশেষ ঘোষণা

উজনি অসমৰ বানৰ মূল কাৰণ অবৈধ শিল আৰু কয়লা খনন: অনুসূচিত জাতি ছাত্ৰ সন্থা

Last Updated : August 17, 2026 at 9:47 AM IST