অসম

assam

ETV Bharat / state

অভিৰুচি ক্ৰীড়া দিৱস : বান পৰিস্থিতিৰ বাবে শিৱসাগৰত অনুষ্টুপীয়াকৈ উদযাপন

শিল্পী দিগন্ত মাধৱ গোস্বামীৰ দ্বাৰা পৰিচালিত পূৰ্ণশিল্পম নামৰ এক শিল্প প্ৰতিষ্ঠানে অৰ্জুনগৰাকীৰ হাত আৰু ভৰিৰ সাঁচ ভৱিষ্যতে সংৰক্ষণ কৰিবৰ বাবে বাবে সংগ্ৰহ কৰে ।

ABHIRUCHI SPORTS DAY 2026
পত্নীৰ সৈতে কেক কাটি ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন পালন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 3, 2026 at 1:10 PM IST

শিৱসাগৰ: আজি ৩ ছেপ্টেম্বৰ অৰ্থাৎ অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৷ এই দিনটিক ৰাজ্যবাসীয়ে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।

ৰাজ্যৰ একমাত্ৰ ক্ৰীড়া আলোচনী অভিৰুচিয়ে আজিৰে পৰা প্ৰায় ৪৩ বছৰ পূৰ্বে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটি এইদৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তেতিয়াৰে পৰাই এই দিনটোক প্ৰতিবছৰে অভিৰুচি ক্ৰীড়া দিৱসৰূপে উদযাপন কৰি অহা হৈছে ।

আজি অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (ETV Bharat Assam)

অৱশ্যে এইবাৰৰ পৰিস্থিতি কিছু সুকীয়া ৷ বিধ্বংসী বানে শিৱসাগৰক কোঙা কৰি যোৱাৰ পিছত বিশিষ্ট ক্ৰীড়াবিদগৰাকীৰ এইবেলি প্ৰথমটো জন্মদিন ৷

জন্মদিন পালনৰ বাবে সকলোৱে একেমুখে আগবাঢ়ি আহিলেও পূৰ্বৰ দৰে জাকজমকতা নাই ৷ যাৰ বাবে তেনেই কিছুসংখ্যক লোকৰ উপস্থিতিত বৰ্ষীয়ান ক্ৰীড়াবিদগৰাকীৰ ৮৭ সংখ্যক ওপজা দিনটো জয়সাগৰৰ বাসগৃহত অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

শিৱসাগৰ পুখুৰীৰ পাৰত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত গামোচা পিন্ধাই সন্মান জনালে আয়োজকসকলে (ETV Bharat Assam)

বৃহস্পতিবাৰে পুৱা শিৱসাগৰ পুখুৰীৰ পাৰত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত গামোচা পিন্ধাই আয়োজকসকলে তেওঁৰ জন্মদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । তাৰপিছতে জয়সাগৰস্থিত অৰ্জুনগৰাকীৰ নিজা বাসভৱনত তেওঁলোক উপস্থিত হৈ ৮৭ সংখ্যক ওপজা দিনৰ কেক কাটি অসমৰ গৌৰৱ তথা ধ্বজাবাহক ভোগেশ্বৰ বৰুৱাক শুভেচ্ছা প্ৰদান কৰে ।

আনহাতে, জন্মদিনৰ এই বিশেষ পুৱাটোত ক্ৰীড়াবিদগৰাকীৰ বাসগৃহত গুৱাহাটীস্থিত শিল্পী দিগন্ত মাধৱ গোস্বামীৰ দ্বাৰা পৰিচালিত পূৰ্ণশিল্পম নামৰ এক শিল্প প্ৰতিষ্ঠানৰ সদস্যসকল উপস্থিত হয় ৷ এই দলটোৱে অৰ্জুনগৰাকীৰ হাত আৰু ভৰিৰ সাঁচ সংৰক্ষণৰ বাবে সংগ্ৰহ কৰে ।

উল্লেখ্য যে, ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ৮০০ মিটাৰৰ দৌৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বৰ্ণপদক লাভ কৰিছিল । সেই একেটা বছৰতে ভাৰত চৰকাৰে তেওঁক অৰ্জুন সন্মানেৰে বিভূষিত কৰে ৷ ভাৰতৰ এথলেটিকছ ক্ৰীড়াক্ষেত্ৰত দেশৰ হৈ বহু সফলতা লাভ কৰা এইগৰাকী ক্ৰীড়াবিদলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল জন্মদিনৰ একুঁকি শুভকামনা ।

লগতে পঢ়ক:অভিৰুচি ক্ৰীড়া দিৱস: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ শুভেচ্ছা, ৰাজ্য়জুৰি পালন

গুৱাহাটীৰ সমীপৰ সোণাপুৰত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ চোৰ ধৰাশায়ী