গুৱাহাটীৰ সমীপৰ সোণাপুৰত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ চোৰ ধৰাশায়ী
অস্ত্ৰধাৰী গাড়ীচোৰৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীয়ে বুধবাৰ নিশাৰ পৰা অভিযান চলাইছিল । ঘন জংঘলৰ সুযোগ লৈ এটা চোৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰি যদিও দুটা চোৰ ধৰাশায়ী...

Published : September 3, 2026 at 9:51 AM IST
|Updated : September 3, 2026 at 1:03 PM IST
সোণাপুৰ: গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী এলেকা সোণাপুৰত গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ সোণাপুৰ থানাৰ অন্তৰ্গত মৰকদোলাত বৃহস্পতিবাৰে পুৱা এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷
আৰক্ষীৰ গুলীত দুটাকৈ গাড়ীচোৰ থিতাতে নিহত হোৱাৰ খবৰ পোৱা গৈছে । অস্ত্ৰধাৰী গাড়ীচোৰৰ বিৰুদ্ধে আৰক্ষীয়ে এই অভিযান চলাই সফলতা লাভ কৰে ।
নিহত চোৰ দুটা ক্ৰমে ছাইদুল আলম লস্কৰ আৰু বাবুল সিং বুলি চিনাক্ত কৰা হৈছে ৷ ছাইদুল আলম লস্কৰৰ ঘৰ কাছাৰত হোৱাৰ বিপৰীতে বাবু সিঙৰ ঘৰ মণিপুৰৰ ইম্ফলত ৷ জানিব পৰা মতে, নিহত ছাহিদুল আলম এটা দুৰ্ধৰ্ষ গাড়ীচোৰ । শেহতীয়াকৈ মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰত চোৰটোৱে কাৰাবাস খাটিছিল । মাথোঁ ১০ দিন পূৰ্বেহে কাৰাগাৰৰ পৰা এই চোৰটো মুকলি হৈছিল । চোৰটোৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দহটাৰো অধিক গাড়ী চুৰিৰ গোচৰ ৰুজু হৈ থকাৰ বিপৰীতে ওচৰ-চুবুৰীয়া ৰাজ্যসমূহতো ৩৯ টাতকৈ অধিক গোচৰ ৰুজু হৈ আছিল ।

চোৰ দুটাৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, ম’বাইল ফোনৰ লগতে গাড়ী চুৰি কাৰ্যত ব্যৱহৃত একাংশ সামগ্ৰী জব্দ কৰিছে ৷ সম্প্ৰতি চোৰ দুটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়ত ৰখা হৈছে । ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ এটা দলক লক্ষ্য কৰি এটা তিনিজনীয়া গাড়ীচোৰৰ দলে প্ৰথমে গুলী চলাইছিল ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী চলোৱাত দলটোৰ দুটা চোৰৰ থিতাতে মৃত্যু ঘটে ৷ আনহাতে, ঘন জংঘলৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা এটা চোৰে সহজে পলায়ন কৰিবলৈ সক্ষম হয় ।

পাণবজাৰৰ পৰা আৰম্ভ হৈছিল চোৰ-পুলিচ খেলঃ
সোণাপুৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সমগ্ৰ ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য সদৰী কৰিছে ৷ অৱশ্যে তদন্ত অব্যাহত ৰখাৰ স্বাৰ্থত বিষয়াগৰাকীয়ে অধিক তথ্য সংবাদ মাধ্যমক অৱগত কৰা নাই ৷
জানিব পৰা মতে, বুধবাৰে নিশা পাণবজাৰ থানাৰ সমীপৰ পৰা তিনিজনীয়া এটা গাড়ীচোৰৰ দলে এএছ-০১ কেচি-৩১২৮ নম্বৰৰ এখন টাটা এচি(TATA Ace) বাহন চুৰি কৰাৰ চেষ্টা চলাইছিল ৷
এই কথাটো পাণবজাৰ আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীৰ এটা দলে চোৰৰ দলটোক খেদি যায় ৷ ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি চোৰৰ দলটোৱে আমচিং-ডিগাৰু পথৰে সোণাপুৰ অভিমুখে পলায়ন কৰে ।
আনহাতে, পাণবজাৰ আৰক্ষীয়ে বিষয় সন্দৰ্ভত সোণাপুৰ আৰক্ষীক যোগাযোগ কৰে ৷ সোণাপুৰ আৰক্ষীয়ে এই তথ্য লাভৰ পিছতে উক্ত পথছোৱাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ৷ সন্মুখত আৰক্ষীক দেখি তীব্ৰগতিত আহি থকা চোৰৰ দলটোৱে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দুৰ্ঘটনাত পতিত হয় ৷
সেই সময়ত উপস্থিত থকা আৰক্ষীৰ দলটোৱে চোৰকেইটাক ধৰিবলৈ আগবাঢ়োতে চোৰৰ দলটোৱে গুলীচালনা কৰে ৷ আৰক্ষীয়েও আত্মৰক্ষাত গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিয়ে ৷ যাৰ ফলত দুটাকৈ চোৰ থিতাতে নিহত হয় ৷ আনটো চোৰে ঘন জংঘলৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷
অস্ত্ৰ-শস্ত্ৰৰ লগতে অন্যান্য সঁজুলি জব্দ
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা স্বয়ংক্ৰিয় পিষ্টল, কেইবাটাও ম’বাইল ফোন আৰু বাহন চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন অত্যাধুনিক সঁজুলি জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, পুৱতি নিশাৰ আলমত পলাই যোৱা তৃতীয়টো চোৰৰ সন্ধানত আৰক্ষীয়ে চিআৰপিএফ আৰু স্নিফাৰ কুকুৰ (আৰক্ষীৰ বিশেষ দল) লগত লৈ মৰকদোলা আৰু সমীপৱৰ্তী অঞ্চলত ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু, মৃতকৰ সংখ্যা ১০৮ জনলৈ বৃদ্ধি

