সুশাসনৰ নতুন যুগৰ ৰেঙনি: বংগৰ ভোটাৰক ধন্যবাদ জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
এইবাৰ বংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত মন কৰিবলগীয়া এটা বিষয় হৈছে মহিলা ভোটাৰসকলে দেখুওৱা আগ্ৰহ, যিয়ে পুৰুষকো চেৰ পেলাইছে ।
By ANI
Published : April 24, 2026 at 11:52 AM IST
নতুন দিল্লী:পশ্চিম বংগ নিৰ্বাচনৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ১৫২ টা সমষ্টিত হোৱা ভোটদানৰ হাৰে ব্যাপক চৰ্চা লাভ কৰিছে দেশৰ ৰাজনৈতিক মহলত । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ সন্ধিয়া ৭ বজাত অন্ত পৰে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ প্ৰায় ৯২ শতাংশ ।
শুকুৰবাৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অভিলেখ সংখ্যক ভোটদানৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে । লগতে নিৰ্বাচন আয়োগ আৰু নিৰাপত্তা বাহিনীসমূহে শান্তিপূৰ্ণ ভোটগ্ৰহণত অৰিহণা যোগোৱাৰ বাবে উচ্চ প্ৰশংসা কৰে শ্বাহে ।
নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত শ্বাহে ভাৰতীয় নিৰ্বাচন আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক বৃহস্পতিবাৰে শান্তিপূৰ্ণ আৰু সুৰক্ষিভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্ভৱ কৰি তোলাৰ বাবে অভিনন্দন জনায় । এই নিৰ্বাচনত বিজেপিৰ জয়ৰ ইংগিত প্ৰদান কৰি শ্বাহে কয় যে শান্তিপূৰ্ণ ভোটগ্ৰহণ আৰু ভোটাৰৰ ব্যাপক অংশগ্ৰহণে এই কথা প্ৰতিফলিত কৰিছে যে পশ্চিম বংগত সুশাসনৰ এক নতুন অধ্যায় আৰম্ভ হ’ব ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা শ্বাহে লিখে, ‘‘প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ঐতিহাসিক ভোটদানৰ জৰিয়তে গণতন্ত্ৰৰ এই মহোৎসৱত অভিলেখ সৃষ্টি কৰাৰ বাবে পশ্চিম বংগৰ সন্মানীয় ভোটাৰসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।’’
‘‘বংগৰ ইতিহাসৰ অন্যতম শান্তিপূৰ্ণ আৰু নিৰাপদ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে সন্মানীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) বীৰ জোৱানসকল আৰু আমাৰ পশ্চিম বংগ আৰক্ষীক গভীৰ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ । ই বংগত সুশাসনৰ নতুন যুগৰ আৰম্ভণিৰ স্পষ্ট আগজাননী প্ৰদান কৰিছে ৷’’ শ্বাহে লগতে লিখে ৷
এইবাৰ বংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত মন কৰিবলগীয়া এটা বিষয় হৈছে মহিলা ভোটাৰসকলে দেখুওৱা আগ্ৰহ, যিয়ে পুৰুষকো চেৰ পেলাইছে । পশ্চিম বংগত মহিলাৰ ভোটদানৰ হাৰ অভূতপূৰ্ব ৯২.৬৯ শতাংশত উপনীত হোৱাৰ বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ ৯০.৯২ শতাংশ । নিৰ্বাচন আয়োগে তৃতীয় লিংগৰ ভোটাৰৰো উল্লেখযোগ্য অংশগ্ৰহণৰ কথা প্ৰকাশ কৰিছে, তেওঁলোকৰ ভোটদানৰ হাৰ ৫৬.৭৯ শতাংশ ।
পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব । বিগত নিৰ্বাচনত আঠটা পৰ্যায়ত ভোটগ্ৰহণ হৈছিল যদিও এইবাৰ মাত্ৰ দুটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে ৷ পশ্চিম বংগত মুঠ আসনৰ সংখ্যা হৈছে ২৯৪ খন ৷
লগতে পঢ়ক:
এছআইআৰৰ ভূমিকাৰ বাবে জ্ঞানেশ কুমাৰক ভাৰতৰত্ন দিব লাগেঃ হিমন্ত বিশ্ব শৰ্মা