ETV Bharat / politics

এছআইআৰৰ ভূমিকাৰ বাবে জ্ঞানেশ কুমাৰক ভাৰতৰত্ন দিব লাগেঃ হিমন্ত বিশ্ব শৰ্মা

অসম আৰু পশ্চিম বংগত বিজেপি জয়ী হ’ব বুলি দাবী কৰি ড৹ শৰ্মাই কয় যে অসমত ১০০ খন আৰু বংগত ২০০ খন আসন লাভ কৰিব ।

Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মা (X handle Assam CM)
author img

By ANI

Published : April 24, 2026 at 7:15 AM IST

|

Updated : April 24, 2026 at 10:34 AM IST

3 Min Read
Choose ETV Bharat

কমাৰহাটি (পশ্চিম বংগ): দুই এটা বিক্ষিপ্ত ঘটনাক বাদ দি বৃহস্পতিবাৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয় পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । নিশা ৭ বজালৈকে হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি বংগত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ প্ৰায় ৯২ শতাংশ ।

মুঠ ২৯৪ খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৫২ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৯ এপ্ৰিলত । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ হাৰে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰা দেখা গৈছে ৷ ভোটগ্ৰহণৰ সময়ত দুই এটা স্থানত সংঘাত সৃষ্টি হৈছিল যদিও প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণ বুলিয়েই উল্লেখ কৰিছে আয়োগে ৷

ভোটগ্ৰহণৰ মাজতে বৃহস্পতিবাৰে মুৰ্শিদাবাদত প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী ৷ তৃণমূলৰ কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ তুলিছে গেৰুৱা বাহিনীয়ে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পশ্চিম বংগত বিজেপি ক্ষমতালৈ অহাৰ পাছত দলৰ কাৰ্য-কৰ্তাক আক্ৰমণ কৰা সকলক উচিত শিক্ষা দিয়া হ’ব ৷

অসম আৰু পশ্চিম বংগ দুয়োখন ৰাজ্যতে বিজেপি জয়ী হ’ব বুলি দাবী কৰি ড৹ শৰ্মাই কয় যে অসমত বিজেপিয়ে ১০০ খন আৰু পশ্চিম বংগত ২০০ খন আসন লাভ কৰিব ।

‘‘পশ্চিম বংগত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত, আমাৰ দলীয় কৰ্মীক আক্ৰমণ কৰা সকলক আমি উচিত শিক্ষা দিম ৷ বিজেপিয়ে অসমত ১০০ খন আৰু পশ্চিম বংগত ২০০ খন আসন লাভ কৰিব ।’’ -শৰ্মাই কয় ৷

বৃহস্পতিবাৰে সন্ধিয়া ভোটগ্ৰহণ অন্ত পৰাৰ পাছতেই পশ্চিম বংগত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে তেওঁ বিগত কিছুদিন ধৰি বাহৰ পাতি আছে পশ্চিম বংগত ৷ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ যথেষ্ট বেছি । প্ৰায় ৯২ শতাংশ ভোটদান হৈছে ১৫২ টা সমষ্টিত । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটদানৰ অন্ত পৰাৰ লগে লগে ভোটদানৰ উচ্চ পৰিসংখ্যাই সক্ৰিয় নিৰ্বাচনী অনুশীলনৰ সূচনা কৰিছে ।

পশ্চিম বংগৰ কেইবাখনো জিলাত ৯০ শতাংশতকৈ অধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে । দক্ষিণ দিনাজপুৰত ৯৪.৮৫%, কোচবিহাৰত ৯৪.৫৪%, বীৰভূমত ৯৩.৭০%, জলপাইগুৰিত ৯৩.২৩% আৰু মুৰ্শিদাবাদত ৯২.৯৩% ভোটদান হয় । এই পৰিসংখ্যাই সমগ্ৰ ৰাজ্যতে ধাৰাবাহিকভাৱে ব্যাপক সংখ্যক ভোটাৰৰ অংশগ্ৰহণ প্ৰতিফলিত কৰে, সকলো ডাঙৰ জিলাতেই আৰামত ৯০% তকৈ অধিক ভোটগ্ৰহণ হোৱা দেখা গৈছে ।

তদুপৰি বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ সময়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকাৰ বাবে তেওঁক প্ৰশংসা কৰে হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, ‘‘ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰত ৰত্ন দিয়া উচিত, কিয়নো SIR সম্পন্ন কৰাত তেওঁৰ অৱদান জাতিটোৱে পাহৰিব নোৱাৰে । অসমতো SIR সম্পন্ন কৰা উচিত ।’’

উল্লেখ্য যে পশ্চিম বংগত দ্বিতীয় পৰ্যায়ত অহা ২৯ এপ্ৰিলত বাকী ১৪২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ তাৰ পাছতেই ৪ মে’ত হ’ব ভোটগণনা । একেটা দিনতে অসম, কেৰালাম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰো ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব ৷

লগতে পঢ়ক: বহু জিলাত টিএমচিয়ে এটাও ভোট লাভ নকৰে : প্ৰধানমন্ত্ৰী মোদী

Last Updated : April 24, 2026 at 10:34 AM IST