বহুত্ববাদী-গণতান্ত্ৰিক ৰাষ্ট্ৰত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে: ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত আছিম ইফতিকাৰ আহমেদে নিজৰ ভাষণত জম্মু-কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰাৰ পিছতে ভাৰতে এই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
Published : January 16, 2026 at 12:28 PM IST
ৰাষ্ট্ৰসংঘ : ইছলামাবাদৰ ৰাষ্ট্ৰদূতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত জম্মু-কাশ্মীৰৰ বিষয়টো উত্থাপন কৰাৰ পিছতে ভাৰতে ৰাষ্ট্ৰসংঘৰ মঞ্চৰ অপব্যৱহাৰ কৰি নিজৰ 'বিভাজনকামী এজেণ্ডা' আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰে ।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ পৰামৰ্শদাতা এলডোছ মেথিউ পুনুছে বৃহস্পতিবাৰে কয় যে বহুত্ববাদী আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ অপব্যৱহাৰ কৰিব নালাগে ।
পুনুছে কয়, "যিসময়ত সদস্য ৰাষ্ট্ৰসমূহে নিজৰ সংকীৰ্ণ বিবেচনাৰ বাহিৰলৈ ওলাই আহিব লাগে, সেই সময়ত পাকিস্তানে ৰাষ্ট্ৰসংঘৰ সকলো মঞ্চ আৰু প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰি তেওঁলোকৰ বিভাজনকাৰী এজেণ্ডাক আগুৱাই লৈ গৈছে ।"
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পূৰ্ণাংগ সভাত ‘সংগঠনৰ কাম-কাজৰ ওপৰত সচিবপ্ৰধানৰ প্ৰতিবেদন’ সন্দৰ্ভত ৰাষ্ট্ৰীয় বিবৃতি প্ৰদান কৰি পুনুছে কয়, "এই মঞ্চও কোনো ব্যতিক্ৰম নহয় আৰু পাকিস্তানে ভাৰতৰ অবিচ্ছেদ্য আৰু অভিন্ন অংগ জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ কথা অযুক্তিকৰভাৱে উল্লেখ কৰিছে ।"
তেওঁ কয়, "আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ৰাষ্ট্ৰসংঘৰ চনদত সন্নিৱিষ্ট এক মৌলিক নীতি । কিন্তু বহুত্ববাদী আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ এই অধিকাৰৰ অপব্যৱহাৰ কৰিব নালাগে । অৱশ্যে পাকিস্তানৰ এইটো অভ্যাসত পৰিণত হৈছে, কিন্তু পাকিস্তানে যদি ভিত্তিহীন অভিযোগ আৰু মিছা কথাৰ আশ্ৰয় নলয় আৰু বাস্তৱৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন ছবি এখন চিত্ৰিত নকৰে তেন্তে ভাল হ’ব ।"
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছিম ইফতিকাৰ আহমেদে সাধাৰণ পৰিষদত দিয়া ভাষণত জম্মু-কাশ্মীৰৰ কথা উল্লেখ কৰাৰ পিছতে ভাৰতে এই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিভিন্ন মঞ্চত পাকিস্তানে বাৰে বাৰে জম্মু-কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে যদিও এই বিষয়ত সামগ্ৰিক আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা কোনো ধৰণৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয় । পুনুছে তেওঁৰ ভাষণত এইটোও দৃঢ়তাৰে কয় যে গ্ল’বেল ছাউথৰ সন্মুখত উন্নয়ন সম্পৰ্কীয় নিজৰে কঠোৰ প্ৰত্যাহ্বান আছে, যিয়ে উন্নয়নৰ বিত্তীয় সাহায্য আৰু জলবায়ু ন্যায় আৰু বিত্তীয় সাহায্যৰ দৰে অন্যান্য ক্ষেত্ৰসমূহক প্ৰভাৱিত কৰে ।
তেওঁ কয়, "ভাৰতে ৰাষ্ট্ৰসংঘৰ সকলো মঞ্চতে এই বিষয়বোৰক নিৰন্তৰ আগস্থান দিবলৈ চেষ্টা কৰি আহিছে । এই বিষয়ত একত্ৰিত আৰু কেন্দ্ৰীভূত কাৰ্যব্যৱস্থাৰ প্ৰয়োজন । আগলৈ গৈ গ্ল’বেল ছাউথৰ আৱেগক সুনিৰ্দিষ্ট আৰু স্পষ্ট পদক্ষেপলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজন আছে ।"
ৰাষ্ট্ৰসংঘৰ সদস্য দেশসকলৰ দ্বাৰা পূৰ্বৰ পৰিস্থিতিৰ বুজ লৈ বৰ্তমানৰ প্ৰেক্ষাপট আৰু সৰ্ববৃহৎ বহুপক্ষীয় সংস্থা ৰাষ্ট্ৰসংঘৰ বাবে আগন্তুক পথৰ ওপৰত চিন্তা কৰাটো গুৰুত্বপূৰ্ণ । তেওঁ কয়, "ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে, কিয়নো ই বিভিন্ন জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বিশ্ব নাগৰিকে আশা কৰে যে ৰাষ্ট্ৰসংঘই তিনিটা স্তম্ভ– শান্তি আৰু নিৰাপত্তা, উন্নয়ন আৰু মানৱ অধিকাৰৰ প্ৰতিটো স্তম্ভৰ ওপৰত কাম কৰিব ।"
ভাৰতে এই কথাত গুৰুত্ব আৰোপ কৰে যে ৰাষ্ট্ৰসংঘই নিজৰ জটিল কাম-কাজত উদ্দেশ্যপ্ৰণোদিতভাৱে হস্তক্ষেপ কৰিব নোৱৰাৰ ফলত কাৰ্যকাৰিতা, বৈধতা আৰু বিশ্বাসযোগ্যতাৰ সৈতে জড়িত প্ৰশ্ন উত্থাপন হয় । পুনুছে কয়, "আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত এই কথা বিশেষভাৱে গুৰুত্বপূৰ্ণ । বিশ্বৰ বিভিন্ন স্থানত সংঘাতৰ সৃষ্টি হোৱাৰ লগে লগে বিশ্বই আশা কৰিছে যে ৰাষ্ট্ৰসংঘই মানৱ দুখ আৰু দুৰ্দশাৰ অন্ত পেলাবলৈ সহায়ক হ'ব ।"