ETV Bharat / international

ট্ৰাম্পৰ শুল্ক নীতি : মুদ্ৰাস্ফীতি অবিহনে শ শ কোটি ডলাৰৰ ৰাজহ সংগ্ৰহ আমেৰিকাৰ

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰভাৱ । দেশখন যথেষ্ট লাভান্বিত হোৱাৰ ইংগিত দিছে ৰাষ্ট্ৰপতিয়ে ।

Donald Trump
আমেৰিকাৰ অৰ্থনীতিত ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰভাৱ (ANI)
author img

By ANI

Published : January 16, 2026 at 8:06 AM IST

3 Min Read
Choose ETV Bharat

ৱাশ্বিংটন (আমেৰিকা) : আমেৰিকাই বিভিন্ন দেশৰ ওপৰত জাপি দিয়া অধিক শুল্কই বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে । ভাৰতৰ দৰে দেশতো ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া তথা প্ৰভাৱ পৰা দেখা গৈছে । কিন্তু তাৰ মাজতে লাভান্বিত হৈছে আমেৰিকা ! 'কাৰ্যতঃ কোনো মূদ্ৰাস্ফীতি নোহোৱাকৈ' শ শ কোটি ডলাৰৰ ৰাজহ সংগ্ৰহ কৰিছে বুলি ঘোষণা কৰিছে ড'নাল্ড ট্ৰাম্পে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে তেওঁৰ প্ৰশাসনৰ শুল্ক নীতিক 'অভিলেখ বিত্তীয় প্ৰদৰ্শন'ৰ বাবে কৃতিত্ব দি কয় যে দেশখনে কোনো মুদ্ৰাস্ফীতি অবিহনে শ শ কোটি ডলাৰৰ ৰাজহ সংগ্ৰহ কৰিছে ।

সামাজিক মাধ্যমৰ পোষ্টত ট্ৰাম্পে লিখিছে, "আজি গ্ৰেট ফাইনেন্সিয়েল নম্বৰ মুকলি কৰা হ'ল -- আমাৰ দেশখনে কেতিয়াও ইয়াতকৈ ভাল প্ৰদৰ্শন কৰা নাই ! গতিকে বহুতে মোক ইয়াৰ কাৰণ সুধিছে, আৰু মই তেওঁলোকক মাত্ৰ এটা শব্দতে কওঁ -- TARIFFS ! আমি শ শ বিলিয়ন ডলাৰ লৈছোঁ, কাৰ্যতঃ কোনো মুদ্ৰাস্ফীতিৰ অবিহনে আৰু আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আজিৰ দৰে শক্তিশালী হোৱা নাছিল ।"

শুল্ক নীতি, মুদ্ৰাস্ফীতিৰ ধাৰা আৰু গ্ৰাহক আৰু বিশ্ব বজাৰত শুল্কৰ বহল প্ৰভাৱক লৈ আমেৰিকাৰ ভিতৰত চলি থকা বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিয়ে এই মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে মঙলবাৰে ট্ৰাম্পে কয় যে তেওঁৰ প্ৰশাসনৰ শুল্ক নীতি দেশখনৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু দ্ৰুততম অৰ্থনৈতিক পৰিৱৰ্তনৰ মূল শিলাস্তম্ভ । তেওঁ দৃঢ়তাৰে কয় যে ই আমেৰিকাৰ কোষাগাৰলৈ শ শ কোটি ডলাৰ আনিছে আৰু মুদ্ৰাস্ফীতি ৰোধ কৰাত সহায় কৰিছে ।

ফ'ৰ্ড মটৰ কোম্পানীৰ ঐতিহাসিক ৰিভাৰ ৰুজ কমপ্লেক্স ভ্ৰমণ কৰাৰ পিছত ডেট্ৰাইট ইক'ন'মিক ক্লাবত ভাষণ দি ট্ৰাম্পে কয়, "আমাৰ দেশৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু দ্ৰুততম অৰ্থনৈতিক পৰিৱৰ্তনৰ বিষয়ে আপোনালোকক জনাবলৈ মই পুনৰ মিচিগানলৈ আহিছোঁ । আমাৰ প্ৰশাসনৰ অধীনত উন্নয়নৰ বিস্ফোৰণ ঘটিছে, উৎপাদনশীলতা আকাশলংঘী হৈছে, বিনিয়োগৰ উত্থান ঘটিছে, আয় বৃদ্ধি পাইছে, মুদ্ৰাস্ফীতি পৰাস্ত হৈছে আৰু আমেৰিকাক পুনৰ সন্মান জনোৱা হৈছে । ঠিক যেনেকৈ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো । সকলো বিদেশী অটোম'বাইলৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিলোঁ ।" এই পদক্ষেপে ঘৰুৱা অটো খণ্ডৰ ৰূপান্তৰ ঘটাইছে বুলিও তেওঁ দাবী কৰে ।

তেওঁ কয় যে আমেৰিকাৰ অটো কাৰখানাসমূহে এতিয়া ৭০ বিলিয়ন ডলাৰতকৈ অধিক নতুন বিনিয়োগৰ মুখ দেখিছে আৰু সেই ধনৰ বহুখিনি ইয়াতেই বিশ্বৰ গাড়ী নিৰ্মাণৰ ৰাজধানী ডেট্ৰাইটলৈ আহিছে ।

শুল্ক নীতিৰ প্ৰশংসা কৰি ট্ৰাম্পে দাবী কৰে যে ইয়াৰ দ্বাৰা যথেষ্ট বিত্তীয় লাভ হৈছে । তেওঁ কয় যে তেওঁলোকে আমেৰিকাৰ কোষাগাৰলৈ শ শ কোটি ডলাৰ আনিছে, মুদ্ৰাস্ফীতি ৰোধ কৰাত সহায় হৈছে আৰু ফেডাৰেল বাজেটৰ ঘাটি ২৭ শতাংশ আচৰিত ধৰণে হ্ৰাস কৰাত সহায় কৰিছে আৰু সেয়া মাত্ৰ কম সময়ৰ ভিতৰতে ।

শুল্কই গ্ৰাহকৰ বাবে মূল্য বৃদ্ধি কৰে বুলি কৰা সমালোচনাক নাকচ কৰি ট্ৰাম্পে লগতে কয়, "আমাৰ শুল্ক নীতি সন্দৰ্ভত সমালোচকসকলে কৰা প্ৰতিটো ভৱিষ্যদ্বাণী বাস্তৱায়িত হ'ব পৰা নাই । প্ৰমাণসমূহে দেখুৱাইছে যে শুল্কসমূহ আমেৰিকাৰ গ্ৰাহকে নিদিয়ে । এই শুল্কসমূহ বিদেশী ৰাষ্ট্ৰ আৰু মধ্যভোগীয়ে প্ৰদান কৰে । আকৌ এবাৰ ক'ব পাৰি যে তথাকথিত বিশেষজ্ঞসকল ১০০ শতাংশ ভুল আছিল আৰু ট্ৰাম্প সঠিক আছিল ।"

লগতে পঢ়ক :৭৫ 'অতি বিপজ্জনক' দেশৰ ব্যক্তিৰ বাবে প্ৰব্ৰজনকাৰী ভিছা স্থগিত আমেৰিকাৰ; ৰেহাই পৰ্যটক, অস্থায়ী ভিছাত