মাচুল নোলোৱাকৈ প্ৰতি সপ্তাহত ২ ঘণ্টাকৈ বিশেষজ্ঞ চিকিৎসকে আগবঢ়াব সেৱা
দিল্লীৰ চিকিৎসকে হাত মিলাই আৰম্ভ কৰিছে "২ ঘণ্টে দেশ কে নাম" স্বাস্থ্যসেৱা আন্দোলন ।
Published : August 16, 2026 at 11:06 AM IST
নতুন দিল্লী: দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক বিনামূলীয়াকৈ চিকিৎসা পৰামৰ্শ সেৱা আগবঢ়াবলৈ দিল্লীৰ এদল চিকিৎসক আগবাঢ়ি আহিছে । চলিত সপ্তাহৰ পৰা সমগ্ৰ দিল্লীৰ চিকিৎসকে স্বাস্থ্যসেৱা আন্দোলন আৰম্ভ কৰাৰ লগে লগে এইসকল দুখীয়া আৰু অভাৱগ্ৰস্ত ৰোগীয়ে কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব ।
সমগ্ৰ দিল্লীৰ চিকিৎসকে হাত মিলাই "২ ঘণ্টে দেশ কে নাম" স্বাস্থ্যসেৱা আন্দোলন আৰম্ভ কৰিছে । দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক বিভিন্ন ৰোগ বিশেষজ্ঞৰ চিকিৎসা পেছাদাৰীসকলে প্ৰতি সপ্তাহত দুঘণ্টাকৈ বিনামূলীয়া পৰামৰ্শৰ সেৱা আগবঢ়াইছে । চলিত সপ্তাহত আৰম্ভ কৰা এই অভিযানত চকু, অস্থিৰোগ, কৰ্কটৰোগ বিশেষজ্ঞ, মনোৰোগ, শিশু চিকিৎসা, হৃদৰোগ, স্ত্ৰীৰোগ আৰু মেডিচিনৰ চিকিৎসকে অংশগ্ৰহণ কৰিছে ।
দিল্লী চকু চিকিৎসা কেন্দ্ৰৰ সঞ্চালক ডাঃ ইকেদা লালে এই সেৱা সন্দৰ্ভত কয় যে এতিয়াৰে পৰা ভাৰতবৰ্ষৰ ৰোগীসকলে ভিডিঅ’ পৰামৰ্শৰ জৰিয়তে নহয়, অংশগ্ৰহণকাৰী চিকিৎসালয়সমূহত ব্যক্তিগতভাৱে একেবাৰে বিনামূলীয়া পৰামৰ্শ লাভ কৰিব পাৰিব । বিশেষকৈ গ্ৰাম্য আৰু অভাৱগ্ৰস্ত অঞ্চলৰ ৰোগীসকলক লক্ষ্য কৰি এই সেৱা আৰম্ভ কৰা বুলি ডাঃ লালে কয় ।
এই সেৱাই যিসকল ৰোগীক চিকিৎসাৰ প্ৰয়োজন হোৱা সত্বেও গুণগত চিকিৎসা পৰামৰ্শৰ গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে স্বাস্থ্যসেৱাৰ সুৰক্ষা ক্ষেত্ৰ সৃষ্টি কৰিছে । কৰ্কটৰ পৰা ছানি পৰা ৰোগ, শিশুৰ স্বাস্থ্যৰ পৰা মানসিক সুস্থতালৈকে - এই পদক্ষেপক বহু-বিশেষজ্ঞ, স্বেচ্ছাসেৱকৰ দ্বাৰা পৰিচালিত আৰ্হিয়ে এক স্বাস্থ্যসেৱাৰ সুৰক্ষা বেষ্টনীৰ সৃষ্টি কৰিছে বুলি তেওঁ কয় ।
অফলাইন বা অনলাইন যিয়েই নহওক কিয় অংশগ্ৰহণকাৰী প্ৰতিষ্ঠান আৰু পেছাদাৰীসকলে কোনো ধৰণৰ পৰামৰ্শৰ মাচুল নোলোৱাকৈ পৰামৰ্শ প্ৰদান কৰিব । এই সেৱাৰে খৰচ বা জটিলতা নোহোৱাকৈ বস্তি, গ্ৰামাঞ্চল আৰু কম আয়ৰ পৰিয়ালৰ ৰোগীসকলক সময়মতে ৰোগ নিৰ্ণয়, চিকিৎসাৰ পৰামৰ্শ আৰু অনুসৰণমূলক সহায়ৰ দ্বাৰা সবলীকৰণ কৰাটোৱে লক্ষ্য বুলি ডাঃ লালে কয় ।
চকুৰোগ বিশেষজ্ঞ ডাঃ লালৰ নেতৃত্বত আঠগৰাকী জ্যেষ্ঠ চকু বিশেষজ্ঞৰ এটা দলে চকুৰ ছানি পৰা, গ্ল’ক’মা, ৰেটিনাৰ সমস্যা বা অন্যান্য দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰোগীৰ বাবে বিনামূলীয়া চকুৰ পৰীক্ষা আৰু চিকিৎসাৰ নিৰ্দেশনা আগবঢ়াইছে । চকুৰ চিকিৎসকৰ দলটোৰ সৈতে ৯৯৯০৬-৬৬৮৭২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি ডাঃ লালে কয় ।
জ্যেষ্ঠ অস্থিৰোগ বিশেষজ্ঞ তথা টোমাৰ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক ডাঃ এল টোমৰে কয়, "গুণগত অস্থিৰোগৰ চিকিৎসাৰ সুবিধা এজন ব্যক্তিৰ ধন পৰিশোধ কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । '২ ঘণ্টে দেশ কে নাম'ৰ জৰিয়তে আমি আশা কৰিছো যে যিসকলক ইয়াৰ আটাইতকৈ প্ৰয়োজন তেওঁলোকৰ বাবে সময়মতে পৰামৰ্শ আৰু নিৰ্দেশনা সুলভ কৰি তুলিব । সপ্তাহত মাত্ৰ দুঘণ্টা সময় উচৰ্গা কৰি চিকিৎসকে পৰিহাৰযোগ্য দুখ-কষ্ট প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে । এনে সেৱাৰে দুখীয়া ৰোগীক সুযোগ প্ৰদান পাৰে । অস্থিৰোগ সম্পৰ্কীয় সমস্যাৰ বাবে সহায় বিচৰা ৰোগীয়ে ৯৯১০০-০০১৫৯ নম্বৰত ফোন কৰিব পাৰে ।"
তেওঁলোকৰ সৈতে যোগদান কৰিছে দিল্লীৰ হোপ কেয়াৰ ইণ্ডিয়াৰ মানসিক স্বাস্থ্য বিশেষজ্ঞৰ এটা দল । হোপ কেয়াৰ ইণ্ডিয়াৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ তথা সঞ্চালক ডাঃ দীপক ৰাহেজাই কয়, "সামগ্ৰিক সুস্থতাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যসেৱা এক মৌলিক অংশ । তথাপি আৰ্থিক আৰু সামাজিক বাধাই প্ৰায়ে মানুহক সময়মতে সহায় লাভ কৰাত বাধা প্ৰদান কৰে ।"
ডাঃ ৰাহেজাই কয়, "২ ঘণ্টে দেশ কে নাম'ৰ জৰিয়তে আমি নিশ্চিত কৰিব বিচাৰো যে তেওঁলোকৰ সামৰ্থ নথকা বাবে এনে সেৱাৰ পৰা বঞ্চিত হৈ থকা বুলি যাতে কাৰো পৰা শুনিবলগীয়া নহয় । মানসিক স্বাস্থ্যৰ সৈতে জড়িত সহায় বিচৰা লোকসকলে আমাৰ সৈতে ৯৩১১১-১২৩৭৭ নম্বৰত যোগাযোগ কৰিব পাৰে ।"
অন্যান্য বিশেষ বিভাগৰ চিকিৎসকসকলেও-হৃদৰোগ, স্ত্ৰীৰোগ আৰু মেডিচিনৰ চিকিৎসকে ধৰি বহুতেই ক্ৰমাগতভাৱে নামভৰ্তি কৰি আছে । তেওঁলোকৰ চিকিৎসালয় আৰু ক্লিনিকত বিনামূলীয়া অ'পিডি স্থাপন কৰিছে দূৰ অঞ্চলৰ ৰোগীসকলৰ বাবে ভাৰ্চুৱেল পৰামৰ্শৰ ব্যৱস্থাও তেওঁলোকে মুকলি কৰিছে । আগন্তুক মাহত এই পদক্ষেপে একাধিক ৰাজ্যলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । দেশজুৰি চিকিৎসকৰ পৰা অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে বুলি ডাঃ ৰাহেজাই কয় ।
লগতে পঢ়ক:নিতৌ বিলাহী খালে যকৃতত জমা হোৱা চৰ্বি হ্ৰাস পায় নেকি? নতুন গৱেষণাই কি কয় ?
কিয় কম বয়সতে বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সমস্যা ? জানি লওক লক্ষণসমূহ