অসম

assam

ETV Bharat / entertainment

জুবিন গাৰ্গৰ ওপজা দিনত মুক্তি পাব ‘১৮ নৱেম্বৰ’, মুকলি হ’ল টিজাৰ-প’ষ্টাৰ

ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ জন্মদিনৰ আধাৰত নতুন ছবি, গৰিমা শইকীয়া গাৰ্গে মুকলি কৰিলে ‘১৮ নৱেম্বৰ’ৰ টিজাৰ ৷

Assamese Movie '18 November' to Release on Zubeen Garg's Birthday; Teaser Out Now
জুবিন গাৰ্গৰ জন্মদিনত মুক্তি পাব নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ (Photo : Poster)

By ETV Bharat Entertainment Team

Published : September 2, 2026 at 4:01 PM IST

গুৱাহাটী :শীঘ্ৰে ছবিগৃহলৈ আহি আছে ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ জন্মদিনৰ আধাৰত নিৰ্মাণ হোৱা ছবি '১৮ নৱেম্বৰ' । মঙলবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত মুক্তি দিয়া হয় ছবিখনৰ প’ষ্টাৰ, টিজাৰৰ লগতে এটি গীত । গৰিমা শইকীয়া গাৰ্গে মুকলি কৰে ছবিখনৰ প’ষ্টাৰ, টিজাৰৰ লগতে ছবিখনৰ গীতটি ।

মনজিৎ শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত ছবিখন চলিত বৰ্ষৰ ১৮ নৱেম্বৰ অৰ্থাৎ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটোৰ দিনা কেইটামান ছবিগৃহত মুক্তি দিয়া হ’ব ৷ লগতে ২০ নৱেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি দিয়া হ’ব ছবিখন । ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ পৰিচালক মনজিৎ শৰ্মাই কয়, "২০২৩ চনত কামপুৰত জুবিন গাৰ্গৰ জন্মদিনৰ দিনা এটা পৰিকল্পনা মনলৈ আহিছিল । সেই পৰিকল্পনাটোৰ বিষয়ে দাদাক জনাইছিলোঁ । এই ছবিখন দাদাৰ লগত একেলগে দেখা এটা সপোন । দাদাৰ লগতে ছবিখন কৰাৰ কথা আছিল, আমাৰ বাবে দাদাই গান এটাও তৈয়াৰ কৰিছিল । আমাৰ স্ক্ৰীপ্টো সম্পূৰ্ণ হৈছিল । কিন্তু অনাকাংক্ষিত ঘটনাটোৰ বাবে ছবিখন হৈ নুঠিল ।"

তেওঁ আগলৈ কয়, "কিছুদিন ৰৈ এতিয়া আমি সকলোৱে একগোট হৈ ছবিখন নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিলোঁ । চিন্তাটো দাদাৰ জন্ম দিনৰ বাবে আহিছিল বাবে নামটো '১৮ নৱেম্বৰ' ৰখা হৈছে । ছবিখন সম্পূৰ্ণৰূপে জুবিন দাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হোৱা নাই যদিও জুবিন দাৰ জন্মদিন ১৮ নৱেম্বৰৰ উল্লেখেৰে এটা কাহিনীয়ে গতি কৰিছে ছবিখনত ।"

আনহাতে ছবিখনৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "মনজিতক জুবিনে খুব ভাল পাইছিল । তেওঁৰ লগত কেইবাটাও প্ৰকল্পত কাম কৰিছিল । মোৰো এটা বিশ্বাস আছিল । এই ছবিখন জুবিনেও কৰাৰ কথা আছিল । ছবিখনৰ কামবোৰ বহুত ধুনীয়াকৈ হৈছে । আশা কৰো ছবিখন ৰাইজে আদৰি ল’ব ।"

"জুবিন দা সদায় আছে, তেওঁৰ আশীৰ্বাদতে ছবিখন আগুৱাইছে ৷ মোৰ বিশ্বাস আছে যে, তেওঁৰ আশীৰ্বাদতে ছবিখন হললৈও আহিব একো অসুবিধা নোহোৱাকৈ ৷ এগৰাকী সাধাৰণ জনতা হিচাপে ক’ব পাৰো যে, ছবিখন সঁচাই বহুত ভাল হৈছে ৷ আপোনালোকে যেতিয়া চাব, সঁচাকৈয়ে ভাল পাব, এনেকুৱা লাগিব যেন প্ৰতিটো মুহূৰ্তত দাদা আছে আমাৰ লগত ৷ আমি সদায় জুবিন দাই ভালপোৱা কাম কৰি যাম", ৰিম্পী দাসৰ ভাষ্য ৷

ৰিম্পী দাসৰ ভাষ্য (ETV Bharat Assam)

উল্লেখ্য যে, এই ছবিখনত অভিনয় কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, ৰিম্পী দাস, সুকন্যা বৰুৱা, পাৰ্থ দত্তকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ছবিগৃহলৈ আহি আছে মনজিৎ শৰ্মাৰ নতুন অসমীয়া কথাছবি (Photo : Poster)

লগতে পঢ়ক :

জুবিন ক্ষেত্ৰত নতুন অসমীয়া ছবি টীম '১৮ নৱেম্বৰ’ৰ শ্ৰদ্ধাঞ্জলি

পুনৰ ৰূপালী পৰ্দালৈ জুবিন গাৰ্গ: নতুন কণ্ঠশিল্পীৰ সন্ধানত প্ৰযোজক গোষ্ঠী