জুবিন ক্ষেত্ৰত নতুন অসমীয়া ছবি টীম '১৮ নৱেম্বৰ’ৰ শ্ৰদ্ধাঞ্জলি
জুবিন ক্ষেত্ৰত উপস্থিত নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ দল, আৱেগিক সকলো ৷ ঈশ্বৰপুত্ৰৰ জন্মদিনটোতে মুক্তিৰ পৰিকল্পনা ৷

By ETV Bharat Entertainment Team
Published : February 21, 2026 at 12:26 PM IST
সোণাপুৰ : অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক বিশেষ দিন হিচাপে চিহ্নিত হ’ল শুকুৰবাৰ দিনটো । সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসমীয়া বোলছবি জগতৰ এদল জ্যেষ্ঠ আৰু কনিষ্ঠ শিল্পী তথা কলাকুশলীৰ উপস্থিতিত ‘১৮ নৱেম্বৰ’ শীৰ্ষক এখন নতুন অসমীয়া চলচ্চিত্ৰৰ মহুৰত অনুষ্ঠান অতি আৱেগিক পৰিৱেশত সম্পন্ন হয় ।
আৱেগিক শুভাৰম্ভ
নতুন ছবিখনৰ কাম আৰম্ভ কৰাৰ পূৰ্বে শিল্পীসকলে ‘ঈশ্বৰপুত্ৰ’ জুবিন গাৰ্গৰ শেষ বিশ্ৰামস্থলীত উপস্থিত হৈ ধূপ-বন্তি জ্বলাই প্ৰাৰ্থনা জনাই আৰু আশীৰ্বাদ বিচাৰে । এই অনুষ্ঠানত সকলো শিল্পী অত্যন্ত আৱেগিক হৈ পৰে আৰু জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’ গাই প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে ।
মহুৰত অনুষ্ঠানত অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা অৰুণ নাথ, বাহাৰুল ইছলাম, জনপ্ৰিয় অভিনেতা যতীন বৰা, অভিনেত্ৰী ৰিম্পী দাসকে ধৰি বহুকেইগৰাকী শিল্পী আৰু কলাকুশলী উপস্থিত থাকে ।
চিনেমাখনৰ নেপথ্যৰ কাহিনী আৰু পৰিকল্পনা
ছবিখনৰ পৰিচালক তথা লেখক মনজিৎ শৰ্মাই জানিবলৈ দিয়ে যে, এই ছবিখনৰ পৰিকল্পনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে থকাৰ সময়তেই কৰা হৈছিল । পৰিচালকগৰাকীৰ মতে ছবিখনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এক বিশেষ ৰূপত উপস্থাপন কৰা হ’ব । সকলো ঠিকে-ঠাকে থাকিলে ঈশ্বৰপুত্ৰৰ অহা জন্মজয়ন্তী অৰ্থাৎ ১৮ নৱেম্বৰত ছবিখন শুভমুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

শিল্পীৰ মনৰ কথা
অভিনেত্ৰী ৰিম্পী দাসে আৱেগিক কণ্ঠৰে কয়, "সদায় ভাল কাম এটা পবিত্ৰ ঠাইৰ পৰা ঈশ্বৰৰ আশীৰ্বাদ লৈ আৰম্ভ কৰা হয় । জুবিনদাই সদায় কৈছিল— ভাল চিনেমা কৰ, ভাল কাম কৰ । আমি আমাৰ প্ৰজন্মৰ সকলোৱে মিলি তেওঁৰ সপোন নিজৰ কৰ্মৰে পূৰণ কৰি যাম ।"
আনহাতে, বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে কয় যে, এইখন এখন অত্যন্ত মননশীল ছবি হ’ব আৰু ইয়াৰ জৰিয়তে শিল্পীজনক এক বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ৷

উল্লেখ্য যে, ছবিখনত অৰুণ নাথ, বাহাৰুল ইছলাম, ৰিম্পী দাস, সুকন্যা বৰুৱা, প্ৰণামী বৰা, ভাস্কৰ বৰা আৰু প্ৰীতি প্ৰিয়দৰ্শনীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব ।
এটি অনাড়ম্বৰ অথচ আৱেগিক অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হোৱা ‘১৮ নৱেম্বৰ’ ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী সকলো কলাকুশলী ।
লগতে পঢ়ক : জুবিন অসমৰ জনতাৰ কণ্ঠ আছিল : প্ৰিয়ংকা গান্ধী

