অসম

assam

ETV Bharat / videos

মদৰ ওপৰত অধিক জোৰ দিছে এইখন চৰকাৰে: ৰকিবুল হুছেইন - Rakibul Hussain slams Assam Govt

🎬 Watch Now: Feature Video

অভয়াপুৰীত দলীয় সভাত সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 17, 2024 at 10:40 PM IST

বঙাইগাঁও,১৭ মে': ৰাজ্যত লোকসভা নিৰ্বাচন অন্ত পৰা পিছত ৰকিবুল হুছেইনে ধুবুৰী সমষ্টি এৰি পলায়ন কৰা বুলি অভিযোগ উঠাৰ সময়তে এইবাৰ ৰকিবুল হুছেইনে সমষ্টিৰ কংগ্ৰেছ কৰ্মীক কৃতজ্ঞতা জনাবলৈ অঞ্চলে অঞ্চলে দলীয় কৰ্মীসকলক লগ ধৰা পৰিলক্ষিত হৈছে । শুকুৰবাৰে অভয়াপুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত এখন দলীয় সভাত উপস্থিত হৈ সাংসদ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ কৰ্মীসকলক উদ্দেশ্য কৰি কয়, "এইবাৰ নিৰ্বাচনত অলপ জয়ী হোৱাৰ দৰে ভাৱ হৈছে ।"  

সভাৰ অন্তত সাংবাদিকসকলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, "মদৰ ওপৰত অধিক জোৰ দিছে এইখন চৰকাৰে । লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত সাধাৰণ ৰাইজে অশান্তি পাইছে । নিৰ্বাচনৰ সময়ত কংগ্ৰেছ কৰ্মীসকলে খুব কষ্ট কৰিছিল, তেওঁলোকক মাত লগাবলৈ বিভিন্ন ঠাইত দলীয় কৰ্মীসকলক লগ কৰি কৃতজ্ঞতা জনাবলৈ মই ইয়ালৈ আহিছোঁ । জনতাৰ মত ইভিএমত বন্দী হৈছে । আল্লাহৰ ওপৰত ভৰষা আছে ।" এই সময়ত বেছিকৈ আনন্দ নকৰিবলৈও দলীয় কৰ্মীসকলক আহ্বান জনায় ৰকিবুল হুছেইনে । 

লগতে পঢ়ক: কংগ্ৰেছত বিসম্বাদ কৰা সকলেই বিজেপিত বিসম্বাদৰ বেমাৰ সৃষ্টি কৰিছে : গৌৰৱ গগৈ - GAURAV GOGOI REACTS ON BJP CONFLICT

কটন বা আন শিক্ষানুষ্ঠানৰ কাৰণে ভিক্ষা খোজক মুখ্যমন্ত্ৰীয়ে: অখিল গগৈ - AKHIL GOGOI CRITICIZES ASSAM GOVT