অসম

assam

বিশ্ব বন্যপ্ৰাণী দিৱসটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জল সংকট

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:26 PM IST

World Wildlife Day : ভৱিষ্যতে পৃথিৱীত মানুহ বা আন প্ৰাণীৰ বসবাসৰ উপযোগী কৰি ৰাখিবলৈ প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিবই লাগিব । সেয়েহে প্ৰতি বছৰে ৩ মাৰ্চত পালন কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱস । প্ৰতি বছৰে একোটা বিশেষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাইজক এই বিষয়ে অৱগত কৰা হয় ।

World Wildlife Day 2024
বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ

বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ

কলিয়াবৰ, ৩ মার্চ :আজি বিশ্ব বন্যপ্ৰাণী দিৱস । বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহক অৰণ্যৰ পৰা আঁতৰাই আনিছে যদিও অৰণ্য আৰু বন্যপ্ৰাণী অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে । অৰণ্য আৰু বন্যপ্ৰাণীয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত যথেষ্ট অৰিহণা যোগায় । আমি সকলোৱে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল । জনসংখ্যা বৃদ্ধি, কৃষি আৰু উদ্যোগক্ষেত্ৰৰ বৃদ্ধি আদি বিভিন্ন কাৰণত অৰণ্য ধ্বংস হৈছে । ফলস্বৰূপে অৰণ্যত বাস কৰা জীৱ-জন্তুসমূহো বিপদাপন্ন হৈ পৰিছে । ভৱিষ্যতে পৃথিৱীত মানুহ বা আন প্ৰাণীৰ বসবাসৰ উপযোগী কৰি ৰাখিবৰ বাবেই আমি অৰণ্য আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰা অতিকৈ প্ৰয়োজন । বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয় ।

বৰ্তমান সময়ত বহনক্ষম উন্নয়নৰ পৰিৱৰ্তে যধে-মধে উন্নয়নৰ নামত জীৱকূল আৱাসস্থলী-খাদ্যৰ নাটনি হৈছে । এইক্ষেত্ৰত দিৱসটোৱে জনসাধাৰণৰ মাজত সজাগতাৰ বাহক হিচাপে পালন কৰি আহিছে । আন ঠাইৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীৱকূল বাবে পানীৰ অভাৱ হৈছে । কাৰ্বি পাহাৰৰ পৰা বৈ অহা পঞ্চাশটা জুৰিৰ বৰ্তমান ১২টাহে বোৱতী হৈ আছে । ফলস্বৰূপে পূৰ্বৰ তুলনাত পানীৰ সমস্যাৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত মানুহ আৰু বিভাগ সচেতন নহ'লে ভৱিষ্যতে বিসম পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি শঙ্কা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী তথা শিক্ষক ভূপেন শৰ্মাই ।

এই বছৰৰ বিশ্বপ্ৰাণী আৰু উদ্ভিদৰ বিপদাপন্ন প্ৰজাতিৰ আন্তৰ্জাতিক সন্মিলনে (CITES)আগবঢ়োৱা বিষয়বস্তু হৈছে "মানুহ আৰু গ্ৰহক সংযুক্তি: বন্যপ্ৰাণী সংৰক্ষণত ডিজিটেল উদ্ভাৱনৰ অন্বেষণ" । ১৯৭৩ চনৰ ৩ মাৰ্চত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত CITES শীৰ্ষক সন্মিলনৰ চুক্তি হয় । ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ সংখ্যক অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্যপ্ৰাণী আৰু উদ্ভিদৰ বাণিজ্য অভিৱৰ্তনত ৩ মাৰ্চ দিনটোকে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । তেতিয়াৰ পৰাই প্ৰতি বছৰে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰি অহা হৈছে ।

প্ৰতি বছৰে একোটা বিশেষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এটা আলোচনা আগবঢ়োৱা হয় ।এই বছৰৰ বিষয়বস্তুৰ জৰিয়তে মানুহক প্ৰাকৃতিক বিশ্বৰ লগত সম্পৰ্ক স্থাপনৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ প্ৰতিপালন কৰাত গুৰুত্ব আৰোপ কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে ডিজিটেল উদ্ভাৱনৰ জৰিয়তে জনসাধাৰণৰ মাজত কেনেদৰে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত কমাই জৈৱ-বৈচিত্ৰ্য অটুট ৰাখিব পাৰি, তাৰ প্ৰতি সজাগতা সৃষ্টি কৰা ।

লগতে পঢ়ক:শিৱসাগৰত শিক্ষা বিভাগৰ আজৱকাণ্ড: এদিনতে সম্পন্ন কৰিব লাগিব ১২০০ বিদ্যালয়ৰ হিচাপ

ABOUT THE AUTHOR

...view details