অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি পালন ঈদ-উল-আজহা : বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা

ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিছে ত্যাগৰ উৎসৱ ।

EID AL ADHA Celebration in Jorhat
যোৰহাটত বিশ্ব শান্তিৰ বাবে দোৱা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 7, 2025 at 7:00 PM IST

গুৱাহাটী/যোৰহাট: আজি পবিত্র ঈদ-উল-আজহা বা বকৰীদ । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগৰ উৎসৱ ঈদ-উল-আজহা । বিশ্বজুৰি ত্যাগ, শান্তি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-উল-আজহা উপলক্ষে পুৱাই সমূহীয়া ঈদগাহ-মছজিদত নামাজত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে ।

ইছলাম ধৰ্মাৱলম্বীসকলৰ ত্যাগৰ বাণী নিহিত এই উৎসৱৰ আজিৰ দিনটোত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ পিচত ইজনে-সিজনক আলিংগন কৰি যাচে ঈদ মোবাৰক । অসমৰ ঈদগাহ ময়দান আৰু মছজিদসমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় ।

যোৰহাটত ঈদৰ সমূহীয়া নামাজ (ETV Bharat Assam)

ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । গুৱাহাটীৰ মাছখোৱা ঈদগাহ ময়দান, জালুকবাৰী ঈদগাহ ময়দান, আমবাৰী জামে মাছজিদ আদিকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ ময়দান,মছজিদত সমূহীয়া নামাজ সম্পন্ন হয় ।

ঈদৰ সমূহীয়া নামাজ (ETV Bharat Assam)

যোৰহাটৰ ঈদগাহ ময়দানতো সমূহীয়া নামাজ :

যোৰহাটৰ মাজমজিয়াত থকা ঈদগাহ ময়দানতো হাজাৰ হাজাৰ লোক আল্লাৰ ওচৰত শান্তি কামনাৰে দোৱা কৰে । ঈদৰ এই সমূহীয়া নামাজ আদায়ৰ বাবে বিভিন্ন অঞ্চলৰ পৰা হিলদ'ল ভাঙি ওলাই আহে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে অগনন ইছলাম ধৰ্মাৱলম্বী লোক ।

যোৰহাটত ঈদৰ সমূহীয়া নামাজ (ETV Bharat Assam)

এই সন্দৰ্ভত যোৰহাট কেন্দ্ৰীয় ঈদগাহ সমিতিৰ বিষয়ববীয়া পাৰভেজ হুছেইনে কয়, "১৭ টা মছজিদেৰে গঠিত যোৰহাট কেন্দ্ৰীয় ঈদগাহৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো । এই ঈদে আমাৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই আনক । এই ত্য়াগৰ ঈদে আমাৰ সাতামপুৰুষীয়া যি এনাজৰী হিন্দু-মুছলমানৰ মাজত থকা এনাজৰীডাল আৰু যাতে কটকটীয়া কৰে তাৰ বাবে আমি আল্লাহৰ ওচৰত দোৱা কৰিছো । মানৱ জাতিৰ শান্তিৰ বাবে ইমামে দোৱা কৰিছে ।"

লগতে পঢ়ক:আজি ঈদ-উল-আজহা: সুস্বাদু মিঠাইৰে ভৰিছে বজাৰ, কিন্তু হাটত ক্ৰেতাহে নাই - EID AL ADHA 2025

আজি পবিত্ৰ ঈদ-উল-আজহা...আপোনজনলৈ এনেদৰে পঠাওক শুভেচ্ছাবাৰ্তা - EID WISHES 2025