ETV Bharat / state

আজি ঈদ-উল-আজহা: সুস্বাদু মিঠাইৰে ভৰিছে বজাৰ, কিন্তু হাটত ক্ৰেতাহে নাই - EID AL ADHA 2025

আজি পবিত্র ঈদ-উল-আজহা ৷ মূল্যবৃদ্ধি, বানৰ বাবে সেৰেঙা হৈছে ঈদৰ বজাৰ ৷

Impact of price hike in  Guwahati Bakra Eid 2025 market
ঈদ উপলক্ষে মহানগৰীৰ বজাৰসমূহ ভৰি পৰিছে সুস্বাদু খাদ্য সামগ্ৰীৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 8:26 PM IST

2 Min Read

গুৱাহাটী: শনিবাৰ (আজি) পবিত্র ঈদ-উল-আজহা বা বকৰীদ । ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিছে ত্যাগৰ উৎসৱ ঈদ-উল-আজহা । সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি এই ঈদ উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল । ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ঈদগাহ, মছজিদসমূহ সুন্দৰকৈ সজাই তোলা হৈছে ।

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্রধান উৎসৱ দুটা হৈছে ঈদ-উল-ফিটৰ আৰু আনটো হ’ল ঈদ-উল-আজহা । ৰমজান মাহৰ এমাহ ৰোজা ৰখাৰ অন্তত ঈদ-উল-ফিটৰ উদযাপন কৰা হয় আৰু ইয়াৰ প্ৰায় আঢ়ৈ মাহৰ পিছত পালন কৰা হয় ঈদ-উল-আজহা । এই উৎসৱক বকৰীদ অথবা কোৰবাণী বুলিও জনা যায় । ঈদ-উল-আজহাৰৰ দিনটোত সমূহীয়া নামাজৰ পিছত কোৰবাণী দিয়া প্রথা পালন কৰা হয় ।

ইছলাম ধৰ্মাৱলম্বী লোক (ETV Bharat Assam)

ইপিনে ঈদ উপলক্ষে গুৱাহাটীৰ বজাৰসমূহ ভৰি পৰিছে সুস্বাদু খাদ্য সামগ্ৰীৰে । কিন্তু পূৰ্বৰ তুলনাত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে ৷ ফলত এইবাৰৰ বজাৰ কিছু সেৰেঙা হোৱা দেখা গৈছে ৷ লগতে এইবাৰৰ বানে ঈদৰ বজাৰত ব্যাপক প্ৰভাৱ পেলোৱা দেখা গৈছে ।

বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ ছেৱৈ, ড্রাই ফুইটৰ ব্যৱসায়ীসকলে কয়, ‘‘পাটনা, শিলিগুৰি, বেনাৰস, কলকাতা আদিৰ পৰা লাচ্ছা ছেৱৈ, লাড্ডু ছেৱৈ, ফেনীকে ধৰি বিভিন্ন প্ৰকাৰৰ ছেৱৈ বজাৰলৈ আহিছে ৷ যাৰ মূল্য প্রতি কেজি ১৫০ ৰ পৰা ৫০০ টকা পর্যন্ত । প্ৰতিকেজি ছেৱৈত ২০-৩০ টকা পৰ্যন্ত বৃদ্ধি হৈছে । কিন্তু বিগত বৰ্ষৰ তুলনাত বজাৰ একেবাৰেই সেৰেঙা । বানৰ বাবে একেবাৰেই সেৰেঙা হৈছে বজাৰ ।’’

Bakra Eid 2025
ঈদৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ (ETV Bharat Assam)

ঈদৰ বজাৰ কৰিবলৈ অহা এগৰাকী গ্ৰাহকে কয়, ‘‘এইবাৰ ঈদৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে । সকলোবোৰ সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে । ছেৱৈ কিনিবলৈ আহি চিন্তা কৰিবলগীয়া হৈছে । আগতে তিনি কিলোগ্ৰাম ছেৱৈ লৈছিলো যদিও এইবাৰ তাৰ আধা ল'ব লাগিব ।’’

Bakra Eid 2025
সেৰেঙা ঈদৰ বজাৰ (ETV Bharat Assam)

আনহাতে, ব্যৱসায়ী নেকিব ইমান শইকীয়াই কয়, "কোৰবাণীৰ বাবে গৰু, ছাগলীৰ দাম এইবাৰ বৃদ্ধি হৈছিল যদিও আজিৰ দিনটোত অলপ হ্ৰাস পাইছে । কিন্তু ঈদৰ বজাৰত খাদ্য সামগ্ৰী, ফল আদিৰ মূল্যবৃদ্ধি হৈছে । ঠায়ে ঠায়ে বান হোৱাৰ বাবে এইবাৰ ঈদৰ বজাৰ সেৰেঙা হৈছে ।"

লগতে পঢ়ক : ক্ৰমাৎ যেন হ্ৰাস পাইছে স্বামী-স্ত্ৰীৰ মাজত আত্মীয়তা, দুটাকৈ ঘটনাই জোকাৰিছে তিনিচুকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.