ক্ৰমাৎ যেন হ্ৰাস পাইছে স্বামী-স্ত্ৰীৰ মাজত আত্মীয়তা, দুটাকৈ ঘটনাই জোকাৰিছে তিনিচুকীয়া
স্বামীৰ পৰকীয়া প্ৰেমৰ বাবেই চৰমপন্থা ল'লে পত্নীয়ে । কণমানি পুত্ৰৰ সন্মুখতে পত্নীৰ ছুৰীকাঘাতত আহত স্বামী ।

Published : June 6, 2025 at 4:03 PM IST
তিনিচুকীয়া : যান্ত্ৰিকতাৰ মাজত আমিও ক্ৰমাৎ যন্ত্ৰৰ দৰে হৈ গৈছোঁ নেকি ? স্বামী আৰু স্ত্ৰীৰ মাজত প্ৰেমৰ বান্ধোন ক’ৰবাত হেৰাই গৈছে নেকি ? কিয়নো শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পৰকীয়া প্ৰেমৰ লগতে বিবাহ বিচ্ছেদৰ দৰে ঘটনা । যি ঘটনাৰ কাৰণে বহু লোকৰ প্ৰাণো কাঢ়ি লৈছে ৷
শেহতীয়াকৈ অৰ্থাৎ বৃহস্পতিবাৰে স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত তিনিচুকীয়া জিলাৰ কাকপথাৰ ওবন গাঁৱত এগৰাকী মহিলাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰা ঘটনাই অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ । ন্যায় বিচাৰি আৰক্ষীৰ কাষত পৰিয়ালৰ তথা গাঁওবাসীয়ে উপস্থিত হৈ সাব্যস্ত কৰে উত্তপ্ত পৰিস্থিতিৰ ।
এটি পুত্ৰ সন্তান আৰু দুজনী কন্যা সন্তান থকাৰ পাছতো আন এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰেমলীলা চলাই গৈছিল তিনিচুকীয়াৰ কাকপথাৰৰ ওবন গাঁৱৰ প্ৰশান্ত ডাঙৰীয়া নামৰ লোকজনে । বহু বছৰৰ পৰাই চলি আছিল এই প্ৰেমলীলা । কিন্তু এইবাৰ সহ্যৰ সীমা অতিক্ৰম হ'ল প্ৰশান্ত ডাঙৰীয়াৰ পত্নীৰ । স্বামীৰ কৰ্ম-কাণ্ড সহ্য কৰিব নোৱাৰি অৱশেষত কীটনাশক দ্ৰব্য সেৱন কৰি নিজকে শেষ কৰিলে পত্নীয়ে ।
ইয়াৰ পিছতে উত্তেজিত হৈ উঠে স্থানীয় ৰাইজ । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কাকপথাৰ আৰক্ষীৰ কাষ চপাৰ লগতে প্ৰশান্ত ডাঙৰীয়া আৰু তেওঁৰ প্ৰেমিকা বুলি অভিযোগ উত্থাপিত হোৱা বিবাহিত মহিলাগৰাকীকক উচিত শাস্তি বিহাৰ দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইমানতে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ ঘৰত গৈ লপাথপা দিয়ে একাংশ মহিলাই ।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ এগৰাকী মহিলাই কয়, "প্ৰশান্ত ডাঙৰীয়াই ম'বাইলত কথা পাতি থকাৰ বাবেই বৌয়ে কীটনাশক খাই দিলে । প্ৰায় ৮ বছৰ ধৰি সিহতৰ প্ৰেম চলি আছিল, হ'লেও মাজত কেতিয়াবা এৰা-এৰি হ'লেও আকৌ প্ৰেম হৈ যায় । সেইকাৰণে বৌয়ে ছাগে সহ্য কৰিব নোৱাৰিলে । সোমবাৰে নিশা দুই বজাত কীটনাশক খাইছে ।" সোমবাৰে কীটনাশক সেৱন কৰা পত্নীয়ে অৱশেষত বৃহস্পতিবাৰে প্ৰাণ ত্যাগ কৰে ।
- পত্নীৰ ছুৰীকাঘাতত আহত স্বামী :
আনহাতে, তিনিচুকীয়াত নিজৰে পত্নীয়ে কণমানি পুত্ৰৰ চকুৰ সন্মুখতেই স্বামীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এক ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰা ঘটনাই জোকাৰি গৈছে জিলাখনক । বুধবাৰে দিনৰ ভাগত নিজ পত্নীৰ আক্ৰমণত ৰক্তাক্ত হৈ স্বামী সঞ্জয় ভট্টাচাৰ্যই নিজে এটা ভিডিঅ’ৰ জৰিয়তে ঘটনাৰ বৰ্ণনা কৰি কয়, “নিজৰ কণমানি পুত্ৰৰ সৈতে ডিব্ৰুগড়ৰ পৰা আহি কথা পাতি থকাৰ সময়তে চোকা অস্ত্ৰৰে পত্নীয়ে মোক আক্ৰমণ কৰে ৷”
পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্বামী সঞ্জয় ভট্টাচাৰ্যক ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি ডিব্ৰুগড়তে চিকিৎসাধীন অৱস্থাত আছে স্বামী সঞ্জয় ভট্টাচাৰ্য ৷
তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই জানিবলৈ দিয়া অনুসৰি, স্বামী সঞ্জয় ভট্টাচাৰ্য থাকে ডিব্ৰুগড়ত আৰু পত্নীয়ে সন্তানৰ সৈতে তিনিচুকীয়াত বাস কৰে । দুয়োৰে মাজত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছে । তাৰ মাজতে বুধবাৰে স্বামীয়ে আহি কণমানি সন্তানক লগ কৰাৰ সময়তে পত্নীয়ে চোকা অস্ত্ৰৰে স্বামীক আক্ৰমণ কৰে । কিন্তু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কোনো এটা পক্ষই তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা নাই ।

