ETV Bharat / lifestyle

আজি পবিত্ৰ ঈদ-উল-আজহা...আপোনজনলৈ এনেদৰে পঠাওক শুভেচ্ছাবাৰ্তা

এমাহ ৰোজা ৰখাৰ অন্তত সকলো ইছলাম ধৰ্মৰ লোকে উলহ-মালহেৰে পালন কৰিব ঈদ-উল-আজহা, সেয়ে এই উপলক্ষে আপোনজন, বন্ধলৈ এনেদৰে প্ৰেৰণ কৰক শুভেচ্ছাবাৰ্তা-

Eid Wishes 2025
আজি পবিত্ৰ ঈদ-উল-আজহা...আপোনজনলৈ এনেদৰে পঠাওক শুভেচ্ছাবাৰ্তা (CANVA)
author img

By ETV Bharat Lifestyle Team

Published : June 7, 2025 at 3:25 PM IST

3 Min Read
Choose ETV Bharat

শনিবাৰ (আজি) পবিত্র ঈদ-উল-আজহা বা বকৰীদ । ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিছে ত্যাগৰ উৎসৱ ঈদ-উল-আজহা । ঈদৰ দিনা ইজনে সিজনক সাৱটি প্ৰেম আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে ৷ ঈদ উপলক্ষে ঘৰত সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়, লগতে ঘৰলৈ আলহীৰ আগমন হয় ৷ ঈদৰ দিনা শিশু বা প্ৰাপ্তবয়স্ক হওক সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক সাৱটি ঈদৰ শুভেচ্ছা জনায় ৷ ই এই দিনটোত আপোনজনক ইদী দিয়াৰ নিয়ম আছে ৷

এই সময়চোৱাত বহু লোক কৰ্মসূত্ৰে বা অন্য কাৰণত পৰিয়াল তথা আত্মীয়-স্বজনৰ পৰা দূৰত থাকে (WhatsApp Eid wishes)৷ গতিকে এই সময়ত ভাৰ্চুৱেলী ঈদৰ শুভেচ্ছা প্ৰেৰণ কৰা হয় ৷ আপুনিও আপোনজনক তলত দিয়া ধৰণে ঈদৰ শুভেচ্ছা জনাব পাৰে-

  • ঈদ মোবাৰক ৷ আপোনাৰ জীৱনলৈ আহক সুখ শান্তি আৰু সমৃদ্ধি ৷
  • ৰমজানৰ আশীৰ্বাদ আৰু ঈদৰ আনন্দ আপোনাৰ জীৱনত চিৰদিনৰ বাবে থাকক ৷ ঈদ মোবাৰক ৷
  • ঈদৰ চন্দ্ৰ চাওক, ঈদৰ নামাজ আদায় কৰক আৰু আল্লাহৰ ওচৰত সঁচা অন্তৰেৰে দোৱা কৰক ৷ আল্লাহে আপোনাৰ জীৱন আনন্দৰে ওচপাই দিব ৷ ঈদৰ শুভেচ্ছা ৷
  • ঈদৰ চন্দ্ৰ আপোনাৰ হৃদয়ত জিলিকি উঠক, আপোনাৰ ঘৰত সুখৰ বৰষুণ হওক, আল্লাহ তা’আলাই আপোনাৰ ওপৰত ৰেহেম কৰক ৷ সুখ লাভ কৰক ৷ ঈদৰ শুভেচ্ছা থাকিল ৷
  • এই বিশেষ দিনটোত আল্লাহে আপোনাৰ জীৱনত সফলতা কঢ়িয়াই আনক আৰু সকলো সুখেৰে উপচাই তোলক ৷ সকলোলকৈকে পবিত্ৰ ঈদ মোবাৰক ৷
  • এই ঈদে আপোনাৰ জীৱনলৈ নতুন সুযোগ আৰু অন্তহীন আশীৰ্বাদ কঢ়িয়াই আনক ৷ ঈদৰ বহুত বহুত শুভেচ্ছা ৷
  • ঈদ মোবাৰক ৷ এই বিশেষ দিনটোত আল্লাহৰ ওচৰত আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ বাবে সুস্বাস্থ্য, সুখ, আৰু সফলতা কামনা কৰিলো ৷
  • এই ঈদ প্ৰেম আৰু সম্প্ৰীতিৰ নতুন আৰম্ভণি কৰক ৷ ঈদ মোবাৰক ৷
  • ঈদ মোবাৰক ৷ আল্লাহৰ ওচৰত দোৱা কৰিম তুমি বিচৰা প্ৰতিটো বস্তুই আল্লাহে তোমাক প্ৰদান কৰক ৷
  • ঈদ মোবাৰক ৷ আশা কৰো, ঈদৰ চান্দৰ দৰে তোমাৰ জীৱন উজ্বলি উঠিক ৷
  • মই বিচাৰো আল্লাহ সদায় তোমাৰ লগত থাকক আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত আগবাঢ়ি যোৱাত সহায় কৰক ৷ ঈদ মোবাৰক ৷
  • আশা কৰো আল্লাহে তোমাৰ নামাজ আৰু ৰোজা গ্ৰহণ কৰক ৷ ঈদ মোবাৰক ৷
  • আজি আনন্দৰ দিন ৷ ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ দিন ৷ সকলোলৈ ঈদৰ শুভেচ্ছা ৷
  • আপোনাৰ সুখ, শান্তি, সমৃদ্ধি কামনা কৰি আল্লাহৰ ওচৰত দোৱা! ঈদ মোবাৰক ৷
  • ঈদ হৈছে প্ৰেম, ক্ষমা, আৰু একেলগে থকাৰ সময় ৷ তোমালৈ ঈদৰ শুভেচ্ছা ৷
  • ঈদে আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনক, লগতে জীৱন আনন্দ আৰু সম্প্ৰীতিৰে ভৰাই তোলক ৷ ঈদ মোবাৰক ৷
  • ঈদ-উল-আজহাৰ শুভেচ্ছা ৷ আশা কৰো আল্লাহৰ ওচৰত দোৱা কৰা প্ৰতিটো কামনাই তোমাৰ পূৰণ হওক ৷
  • আশা কৰো এইবাৰৰ দৰে প্ৰতিটো ৰোজা, প্ৰতিটো ঈদ যেন তুমি মোৰ ওচৰত থকা ৷ ঈদ মোবাৰক ৷

লগতে পঢ়ক

  1. আজি ঈদ-উল-আজহা: সুস্বাদু মিঠাইৰে ভৰিছে বজাৰ, কিন্তু হাটত ক্ৰেতাহে নাই
  2. অম্বুবাচীৰ পূৰ্বে মা কামাখ্যাৰ চৰণত এইদৰে ভক্তি প্ৰদৰ্শন ‘চেলিব্ৰিটী শ্বেফ’ বিকাশ খান্নাৰ
  3. অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইজনে সিজনক আলিংগন কৰি জনালে ঈদৰ শুভেচ্ছা