অসম

assam

ETV Bharat / state

পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ - Death Anniversary of Parag Das

Parag Kumar Das Death Anniversary : ডিব্ৰুগড়ৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী পালন । নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত খোৱাং চাৰিআলিত শ্বহীদ পৰাগ কুমাৰ দাসক স্মৰণ ।

Parag Kumar Das Death Anniversary
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 17, 2024 at 10:57 PM IST

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ (ETV BHARAT ASSAM)

মৰাণ, ১৭ মে': আজি নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী । ৰাজ্যবাসীয়ে বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে সাংবাদিক গৰাকীক । ১৯৯৬ ৰ ১৭ মে'ত গুৱাহাটীৰ ৰাজগড়ৰ ৰাজপথত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল পৰাগ কুমাৰ দাসক । আজি মৃত্যুৰ ২৮ বছৰৰ পিছতো হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰিলে । যাৰ বাবে নিৰ্ভীক আৰু স্পষ্টবাদী সাংবাদিক গৰাকীৰ মৃত্যুৰ এক ন্যায় বিচাৰি আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত শ্বহীদ সাংবাদিক গৰাকীক স্মৰণ কৰা হয় । শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে ।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁতধৰা অনুষ্ঠানত প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাই শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্যাৰ্পন কৰে । এই অনুষ্ঠানটোত প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, সাংবাদিক মনোজ পাণ্ডে, মুন্না ঘাটোৱাল, ইফটিকাৰ হুছেইন, সন্তোষ যাদৱ আদিকে ধৰি কেইবাগৰাকীও সংবাদ কৰ্মীয়ে প্ৰয়াত সাংবাদিকগৰাকী প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তেওঁলোকে পৰাগ কুমাৰ দাসৰ প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰি চৰকাৰক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । আজি কাৰ্যসূচীৰ পাছতে ডিব্ৰুগড় জিলাৰ সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ যৌথ উদ্যোগত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰৰ প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত খোৱাং চাৰিআলিত শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি পালন কৰা হয় ।

লগতে পঢ়ক:চিত্ৰ শিল্পৰ মাধ্যমেৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি চিত্ৰশিল্পীৰ - Death Anniversary Of Parag Das

সাহসী কণ্ঠ পৰাগ কুমাৰ দাসৰ 29 সংখ্যক মৃত্যু দিৱস পালন - Parag Kumar Das Death Anniversary