অসম

assam

সমগ্ৰ ৰাজ্যজুৰি সৰ্বাংগীন উন্নয়নৰ ধাৰা অব্যাহত আছে : চন্দ্ৰমোহন পাটোৱাৰী

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 10:54 PM IST

Vikas Yatra in Assam : মঙলবাৰে দৰং জিলাত আয়োজন কৰা হয় বিকাশ যাত্ৰাৰ এক কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়াৰ লগতে বহুজন ৷

laid foundation stone
বিকাশ যাত্ৰাৰ এক কাৰ্যসূচী

মঙলদৈ, ৫ মাৰ্চ : আজি পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী এফেয়াৰ্ছ আৰু সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰং জিলাত বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন নতুন প্ৰকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমি পূজন কৰে । বিকাশ যাত্ৰা উপলক্ষে মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস" নীতিৰ আধাৰত বৰ্তমানৰ চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি আছে ।

বিকাশ যাত্ৰাৰ এক কাৰ্যসূচী

মুখ্যমন্ত্ৰী তথা উন্নয়ন আৰু বিকাশৰ হোতা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত সময়ছোৱাত ৰাজ্যখনৰ আন ঠাইৰ লগতে দৰং জিলাতো স্বাস্থ্য, শিক্ষা, যাতায়াত, কৃষি, ক্ৰীড়া, সংস্কৃতি আদি ক্ষেত্ৰসমূহত উন্নয়ন আৰু প্ৰগতি সাধন হৈছে । ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াস প্ৰতিফলিত কৰা এই বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি শুভাৰম্ভ হোৱা প্ৰকল্পসমূহে দৰঙৰ উন্নয়নক নতুন গতি দিব বুলি তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে কয় যে দৰং জিলাই ইতিমধ্যে লাভ কৰা দক্ষতা বিশ্ববিদ্যালয়, মঙলদৈ বাইপাছ আদিয়ে জিলাখনৰ উন্নয়নৰ স্বাক্ষৰ বহন কৰিছে । সাংসদ দিলীপ শইকীয়াই দেশৰ ৰে’ল সংযোগৰ মানচিত্ৰত দৰঙৰ অন্তৰ্ভুক্তি, দৰং জিলাৰ মাজেৰে শোণিতপুৰ জিলা সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু জিলাবাসীয়ে তেওঁৰ এই প্ৰচেষ্টাৰ সুফল লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক :বঙাইগাঁৱত বিকাশ যাত্ৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

দৰং জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক কেইগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে গঢ় দিয়াৰ সপোন দেখিছে আৰু এই সপোন সাকাৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

আমি সকলোৱে এই প্ৰচেষ্টাৰ প্ৰতি সহযোগিতা আগবঢ়োৱাটো সকলোৰে কৰ্তব্য । সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচৰ পৰাই দৰং জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ ফলশ্ৰুতিত মঙলদৈ বাইপাছকে ধৰি বিভিন্ন অভিলাষী প্ৰকল্পৰ কাম সম্ভৱ হৈ উঠিছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ।

তেওঁৰ ভাষণত ঐতিহাসিক পথৰুঘাটৰ উন্নয়নৰ পৰা দক্ষতা বিশ্ববিদ্যালয়লৈকে দৰং জিলাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ এই ধাৰা ভবিষ্যতৰ দিনবোৰতো অব্যাহত থাকিব ।

লগতে পঢ়ক :শিৱসাগৰত অসম চৰকাৰৰ বিকাশ যাত্ৰা

আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে মঙলদৈৰ পৰা পথৰুঘাট হৈ ৰঙিয়ালৈকে পথ উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ কাৰণে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় । তেওঁ কয় যে পথৰুঘাট আৰু ৰঙিয়াত ঔপনিৱেশিক বৃটিছ শাসনৰ বিৰুদ্ধে কৃষকসকলে বিদ্ৰোহ কৰিছিল আৰু এই পথে এই দুই ঐতিহ্যমণ্ডিত স্থানৰ মাজত যাতায়াত অধিক সুচল কৰিব ।

দৰং জিলাত ৰূপায়িত বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বাবে তেওঁ জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়াৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যকালত দৰং জিলাত সাধন হোৱা উন্নয়ন আৰু প্ৰগতিৰ কথা উল্লেখ কৰে ।

এই বিকাশ যাত্ৰাত জিলাখনৰ ভিতৰত মঙলদৈ সমষ্টিয়ে যথেষ্ট সংখ্যক প্ৰকল্প লাভ কৰিছে আৰু ইয়াৰ বাবে বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰৰ শলাগ লয় । সভাত ভাষণ প্ৰদান কৰি দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে বৰ্তমান চৰকাৰৰ কাৰ্যকালত তেওঁৰ সমষ্টিত কৃষিৰ পৰা পথ যোগাযোগলৈকে সকলো ক্ষেত্ৰতে উন্নয়ন সাধন হৈছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :ৰঙাপৰাত মন্ত্ৰী নন্দিতা গাৰ্লোচা: পাঁচটা প্ৰকল্পৰ আধাৰশিলা স্থাপন

অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসেও ভাষণ প্ৰদান কৰে । বিকাশ যাত্ৰা উপলক্ষে মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে ।

উল্লেখ্য যে, আজি মঙলদৈত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰথমে কৰিম চ'কত অসম মালা ২.০ আঁচনিৰ অধীনত মঙলদৈ-ৰঙিয়া সংযোগী পথ উন্নীতকৰণৰ ভূমি পূজন কৰে । এই ৪৩.৬৭৫ কিলোমিটাৰ দৈৰ্ঘৰ প্ৰকল্পৰ বাবে আৱন্টিত ধনৰ পৰিমাণ হৈছে ১৫৬.৮৮ কোটি টকা ।

ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন নতুন প্ৰকল্পৰ ভাৰ্চুৱেলী উদ্বোধন, শিলান্যাস আৰু ভূমি পূজন কৰে । আজি দৰং জিলাত এনেদৰে উদ্বোধন, শিলান্যাস আৰু ভূমি পূজন কৰা প্ৰকল্পসমূহৰ বাবে মুঠ আৱন্টিত ধনৰ পৰিমাণ হৈছে ৩৮৭.৫০ কোটি টকা ।

আজিৰ অনুষ্ঠানত অসম মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :কৃত্ৰিমতা ভাল নোপোৱা বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details