অসম

assam

ETV Bharat / state

শিক্ষাদানৰ সমানেই সেউজ বিপ্লৱত ব্য়স্ত এগৰাকী শিক্ষক

ছাত্ৰ-ছাত্ৰীসকলে ৰ'দত বেছি সময় থিয় হৈ থাকিব নোৱৰা দেখি ইয়াৰ কাৰণ জানিবলৈ মন গৈছিল তেওঁৰ । সেয়েহে আৰম্ভ কৰিলে আৰণ্যক কৃষি পাম....

Teacher self reliant with Cultivation
এগৰাকী শিক্ষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 18, 2025 at 8:43 PM IST

জোনাই:বর্তমান সময়ত শাক-পাচলিত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ এক চিন্তনীয় বিষয় হৈ পৰিছে । অধিক উৎপাদনৰ বাবে কৃষকে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে । এই সময়তে পথাৰ আমাৰ, বজাৰ আমাৰ আৰু স্বাস্থ্যও আমাৰ এই লক্ষ্যৰে জোনাইৰ এজন শিক্ষকে শিক্ষকতা বৃত্তিৰ সমান্তৰাকৈ আজৰি সময়ত কৰিছে কৃষিকৰ্ম ৷

ধেমাজি জিলাৰ জোনাইৰ নাহৰগেজেৰা গাঁৱৰ নিবাসী তথা ডেকাপাম হাইস্কুলৰ সহকাৰী শিক্ষক উত্তম পেগুৱে সময়ৰ সদব্যৱহাৰ কৰি তেওঁৰ গাঁৱৰ চাৰিগৰাকী উদ্যমী খেতিয়কৰ সহযোগত 'আৰণ্যক কৃষি পাম' নামেৰে জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰি সেউজ কৰিছে নিজা পথাৰৰ প্ৰায় ১৬ বিঘা ভূমি ৷

এগৰাকী শিক্ষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি (ETV Bharat Assam)

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি:

গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি নিৰ্মাণ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা উত্তম পেগুৰ 'আৰণ্যক কৃষি পাম'ত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত ভোল,জিকা, কেৰালা, ডাংবডি, তিয়ঁহ, ভোট জলকীয়া, জাতিলাও, পানী কোমোৰা, নেমু, ভেণ্ডি আদি পাচলি এতিয়া প্ৰতিদিনে সন্ধিয়া উপলব্ধ হয় জোনাই বজাৰৰ কাৰ পাৰ্কিঙৰ সন্মুখত ৷

এগৰাকী শিক্ষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি (ETV Bharat Assam)

জৈৱিক পদ্ধতিৰে খেতি কৰাৰ উদ্দেশ্য :

জৈৱিক পদ্ধতিৰে খেতি কৰাৰ উদ্দেশ্য সন্দৰ্ভত উত্তম পেগুৱে কয়, "২০১৩ চনত শিক্ষকতা বৃত্তিত যোগ দি দেখিলো যে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাৰ্থনা কৰা সময়ত ৰ'দত বেছি সময় থিয় হৈ থাকিব নোৱাৰে আৰু ছাত্ৰ-ছাত্ৰী অচিন ৰোগত আক্ৰান্ত । তেতিয়া মই উপলব্ধি কৰিছিলো কণ কণ শিশু সকলৰ কিয় এনে হয় । তেতিয়া আমি শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ আগবঢ়াইছিলো আমাৰ থলুৱা খাদ্য যেনে কচুথোৰ, ভেদাইলতা, মাণিমুনি ইত্যাদি খাবলৈ । যিহেতু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা শাক-পাচলি খালে বিভিন্ন ৰোগ হ'ব পাৰে, সেয়েহে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জৈৱিক পদ্ধতিৰে খেতি কৰাটো প্ৰয়োজনীয় । গতিকে স্বাস্থ্যৰ প্ৰতি চিন্তা কৰি তেতিয়াৰ পৰাই নিজৰ বাৰীত এখন সম্পূৰ্ণ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰি গৰুৰ গোৱৰ আৰু ছাগলীৰ মলেৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰাৰ কথা চিন্তা কৰো ।"

এগৰাকী শিক্ষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি (ETV Bharat Assam)

বজাৰত গ্ৰাহকৰ সঁহাৰি :

'আৰণ্যক কৃষি পাম'ত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত পাচলিসমূহ জোনাই বজাৰৰ লগতে অঞ্চলটোৰ বিভিন্ন ঠাইত গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি কয় উত্তম পেগুৱে ৷ কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰি গৰুৰ গোৱৰ আৰু ছাগলীৰ মলেৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি কম দিনৰ ভিতৰতে বজাৰ দখল কৰিবলৈ সক্ষম হোৱাত এতিয়া স্বাৱলম্বিতাৰ পথ দেখি হাঁহি বিৰিঙিছে উত্তম পেগুৰ লগতে তেওঁৰ সহযোগীৰ পৰিয়ালৰ সদস্য়সকলৰ ওঁঠত ৷

এগৰাকী শিক্ষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি (ETV Bharat Assam)

উত্তম পেগুৱে জৈৱিক পদ্ধতিৰেই অকল শাক-পাচলিয়েই নহয়, তেওঁৰ বাৰীত শ শ তামোল গছ, কলগছ, আম গছ আদিও ৰুই সেউজ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ উঠি অহা শিক্ষিত যুৱ প্ৰজন্মই বেয়া কামৰ পৰা বিৰত থাকি উৎপাদনমুখী, সৃষ্টিশীল কামত মনোযোগ দিবলৈ তেওঁ আহ্বান জনাইছে । কিয়নো উপযুক্ত কামত মনোযোগ দিলে এসময়ত তেওঁ দেশৰ সুনাগৰিক হিচাপে পৰিচিত হ'ব।

লগতে পঢ়ক:বালিয়ে পোতা পথাৰ সেউজীয়া হৈছে: সমানে পোখা মেলিছে শস্য আৰু সপোনে - MAIZE CULTIVATION IN DHEMAJI

বালিৰে পৰিপূৰ্ণ পথাৰত সেউজীয়া সপোন ৰচিছে চাৰি ভাতৃয়ে - WATERMELON CULTIVATION