ধিং: চেষ্টাৰ অসাধ্য একো নাই ৷ এই কথাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ভূৰাগাঁৱৰ চাৰিজন যুৱকে । ব্ৰহ্মপুত্ৰৰ খহনীয়াত কৃষি ভূমি হেৰুৱাই এসময়ত বহিঃৰাজ্যত শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰা এই চাৰিওজন যুৱক সম্বন্ধত ককাই-ভাই ।
যোৱা কেইবছৰমানৰ পৰা চাৰি ভাতৃয়ে খহনীয়াগ্ৰস্ত অঞ্চলটোত বালিময় কৃষি পথাৰসমূহ লীজত লৈ তৰমুজ আৰু কেপচিকামৰ খেতিৰ জৰিয়তে সেউজীয়া কৰি তুলিছে ।
জিলাখনৰ ভূৰাগাঁও কৃষি চক্ৰৰ অন্তৰ্গত বাৰুকাটি পথাৰত এই চাৰি প্ৰগতিশীল কৃষক ভাতৃৰ কৃষিকৰ্মই এতিয়া সকলোকে আকৃষ্ট কৰিছে । ভূৰাগাঁও ৰাজহ চক্ৰৰ কুপতিমাৰী গাঁৱৰ ছাদ্দাম হুছেইন, মুছাৰফ হুছেইন, ছফিউল্লাহ আৰু ওবাইদুল হক নামৰ চাৰি ভাতৃৰ যৌথ প্ৰচেষ্টাত ড্ৰাগছ সৰবৰাহ, ছাইবাৰ অপৰাধ আদিৰে ছানি ধৰা অঞ্চলটোত গঢ়ি উঠিছে কৃষি বিপ্লৱ ।

ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে আধাতে শিক্ষা সাং কৰি এদিন কেৰালালৈ কামৰ সন্ধানত ঢাপলি মেলিছিল ছাদ্দাম হুছেইন । পাছত ৬-৭ বছৰ কেৰালাত শ্ৰমিকৰ কাম কৰি ঘৰলৈ উভতি আহে ছাদ্দাম । পৰৱৰ্তী সময়ত দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ আন তিনি ভাতৃৰ সৈতে আলোচনা কৰি যৌথভাৱে কৃষিকৰ্মত নিয়োজিত হোৱাৰ পৰিকল্পনা কৰে । কিন্তু খেতি কৰিবলৈ বান আৰু খহনীয়া বিধ্বস্ত অঞ্চলটোত তেওঁলোকৰ নিজা মাটি নাছিল ।
এনে সময়তে মৰিগাঁও জিলা জলসম্পদ বিভাগে নিৰ্মাণ কৰা এটা মথাউৰিৰ বাবে খহনীয়াত নিঃশেষ হোৱা ভূৰাগাঁও কৃষি চক্ৰৰ অন্তৰ্গত বাৰুকাটি পথাৰত যথেষ্ট পৰিমাণে কৃষিভূমি ওলোৱাত মাটিৰ মালিকপক্ষৰ লগত বিঘাত বছৰি ৮ হাজাৰ টকাকৈ ২০ বিঘা বালিময় ভূমি লীজত লয় । উক্ত বালিময় পথাৰতে চাৰি ভাতৃয়ে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰে তৰমুজ আৰু কেপচিকামৰ খেতি ।
২০২৪ বৰ্ষত উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি পোৱাৰ পাছতো লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা চাৰি ভাতৃৰ মাজত কৃষিকৰ্মৰ প্ৰতি উদ্যম বৃদ্ধি হয় । সেইদৰে এইবেলি পুনৰ চাৰি ভাতৃয়ে উক্ত বাৰুকাটি পথাৰতে ৭০ বিঘা মাটি বিঘাই প্ৰতি ৮ হাজাৰ টকাকৈ লীজত লৈ তাৰে ১৩ বিঘা মাটিত কেপচিকামৰ খেতি কৰাৰ বিপৰীতে ৫৭ বিঘা মাটিত কৰিছে বিভিন্ন জাতৰ তৰমুজৰ খেতি ।
নৈপৰীয়া চাৰি প্ৰগতিশীল কৃষক ভাতৃয়ে এইবেলি উৎপাদিত কেপচিকাম ইতিমধ্যে বহিঃৰাজ্যলৈ ৰপ্তানি কৰি ৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে মৰিগাঁও জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ প্ৰচেষ্টাত অন্যান্য ৰাজ্যৰ লগতে চাৰি ভাতৃয়ে পশ্চিমবংগৰ শিলিগুৰিলৈকো কেইবাটন কেপচিকাম ৰপ্তানি কৰিছে ।

ছাদ্দাম হুছেইনে জানিব দিয়া মতে, ‘‘১৩ বিঘা মাটিত উন্নত ১২০১ আৰু ইন্দ্ৰ জাতৰ কেপচিকামৰ খেতি কৰি উৎপাদিত ফচলেৰে বৰ্তমান লাভৰ মুখ দেখিবলৈ সক্ষম হৈছো । প্ৰতি কিলোগ্ৰাম কেপচিকাম ১৪ টকা পাইকাৰী দৰত বিক্ৰীৰ জৰিয়তে চাৰি কৃষক ভাতৃ আৰ্থিকভাৱে লাভাম্বিত হৈছো ।’’
তেওঁলোকে আন ৫৭ বিঘা মাটিত কৰা তৰমুজৰ খেতি পৰিদৰ্শন কৰি জিলা কৃষি বিষয়াগৰাকীয়ে কৃষক কেইজনক উৎপাদিত তৰমুজসমূহ উপযুক্ত মূল্যত বিক্ৰী কৰাৰ লগতে বজাৰ দখলৰ বাবে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে ।
চাৰি কৃষক ভাতৃয়ে জনোৱা মতে, ৫৭ বিঘা মাটিত উন্নত ব্লেক চুপৰিমো আৰু ৰেড চিপ জাতৰ তৰমুজৰ খেতি কৰিছে । প্ৰতিবিঘা তৰমুজ খেতিত মাটিৰ চুক্তিৰ ধনসহ প্ৰায় ২৫-২৬ হাজাৰ টকা ব্যয় হোৱাৰ বিপৰীতে ৪৫-৬০ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব পাৰিব বুলি জানিব দিছে ।
আনহাতে, প্ৰতিবিঘা কেপচিকামৰ খেতিত মাটিৰ চুক্তিধন সহ ৩৬-৩৮ হাজাৰ টকা উৎপাদন ব্যয় হোৱাৰ বিপৰীতে ৭০-৮০ হাজাৰ টকা পৰ্যন্ত আহৰণ কৰিব পাৰিব বুলি চাৰি কৃষক ভাতৃয়ে জনাইছে ।
দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনহীনতাৰ বাবে কাম বিচাৰি কেৰালাকে ধৰি বহিঃৰাজ্যলৈ ঢাপলি মেলা ভূৰাগাঁও অঞ্চলৰ প্ৰগতিশীল কৃষক কেইজনে নিজৰ ৰাজ্যতে খেতি কৰি বহিঃৰাজ্যলৈ উৎপাদিত কৃষি সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হোৱাটো এক অনন্য দৃষ্টান্ত হিচাপে চিহ্নিত হৈছে ।
যিটো সময়ত সহজলভ্য ধনৰ প্ৰতি আকৃষ্ট হৈ কম দিনতে ধনী হোৱাৰ দৌৰত নামি ভূৰাগাঁও, লাহৰীঘাট আদি অঞ্চলৰ বহু যুৱকে ড্ৰাগছ সৰবৰাহ, চাইবাৰ অপৰাধ আদিৰ দৰে অনৈতিক কামত জড়িত হৈ সামাজিক আৰু বৌদ্ধিক বাতাবৰণ নষ্ট কৰিছে, সেইটো সময়ত বাৰুকাটিৰ বালিময় পথাৰ সেউজীয়া কৰি ছাদ্দাম, মুছাৰফ, ছফিউল্লাহ আৰু ওবাইদুলে স্বাৱলম্বিতাৰ এক অনন্য আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: কুঁহিয়াৰতলিৰ পৰা কুঁহিয়াৰ পেৰাৰ মাদকতালৈ; পৰম্পৰাগত কৃষিত জীৱনৰ সন্ধান এদল যুৱকৰ