ETV Bharat / state

বালিয়ে পোতা পথাৰ সেউজীয়া হৈছে: সমানে পোখা মেলিছে শস্য আৰু সপোনে - MAIZE CULTIVATION IN DHEMAJI

বানে পলস পেলোৱা পথাৰত কৃষকে ৰচিছে সপোন । পুৰুষ-মহিলা সকলোৱে ব্য়স্ত মাকৈ খেতিত ।

Farmers self-reliant through Maize cultivation
মাকৈৰ পথাৰত ব্য়স্ত কৃষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 3:28 PM IST

4 Min Read

ধেমাজি: জেঠ মাহৰ প্ৰখৰ ৰ’দত মাকৈ খেতিৰ সেউজীয়া পথাৰত ব্য়স্ত হৈছে কৃষক । এই খেতিত পুৰুষৰ সমানেই আছে মহিলা কৃষকো ৷ বানে গৰকা অঞ্চল এটাতো কেনেদৰে কৃষি বিপ্লৱৰ সূচনা কৰিব পাৰি সেয়াই বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত কৰিছে এইসকল কৃষকে ।

বিগত সময়ছোৱাত ধেমাজি জিলাৰ চকুলোখ্যাত কুমটীয়া জীয়াঢল নদীয়ে ৰতুৱা অঞ্চলত তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ বালিয়ে পুতি পেলাইছিল সেউজীয়া পথাৰখন ৷ পিছে এই সকলো দুখ-যন্ত্ৰণাৰ অন্ত পেলাই অঞ্চলটোৰ কৃষকৰ মনত নতুন সপোনে পোখা মেলিছে ৷ বিঘাই বিঘাই মাকৈ খেতি চপাবলৈ সাজু হৈছে কৃষক ৷ কিছু কিছু পূৰঠ মাকৈ ছিঙিবলৈ আৰম্ভ কৰিছে ৷

মাকৈ খেতিৰ পথাৰত ব্য়স্ত কৃষক (ETV Bharat Assam)

জেঠ মহীয়া ভৰ দুপৰীয়াকো আওঁকান কৰি নদীৰ সাঁকো বগাই পথাৰলৈ অহা-যোৱা কৰিছে ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি অঞ্চলটোত জীয়াঢলৰ প্ৰলয়ংকৰী বানৰ বাবে কৃষকে শালি খেতি কৰিব নোৱাৰে ৷ যাৰ বাবে খৰালি সৰিয়হ, মাহজাতীয় শস্যৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ ৰতুৱা,জংঘল ব্লক, কপাহতলী, বৰঢেকেৰা আদি সাতখন গাঁৱৰ অনিৰুদ্ধ পাঠক, বাবুল বৰা, সুৰুযমণি বৰুৱা, ববিতা বৰা, ধনটি বৰা, ৰঞ্জনা সোণোৱাল, যতীন সোণোৱাল, চিন্তামণি বৰা, চিৰণ চুতীয়া, চেনেহী সোণোৱাল, দিব্যজ্যোতি সোণোৱাল, হৰিদাস বৰা, প্ৰদীপ হাজৰিকাকে আদি কৰি তিনি শতাধিক কৃষকৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে ধেমাজিৰ চেড’ৰ সহযোগত গুৱাহাটীৰ স্বেচ্ছাসেৱী অনুষ্ঠান চেষ্টাই ।

প্ৰখৰ ৰ’দকো নেওচি প্ৰাপ্তিৰ আনন্দত এজন কৃষকে কয়, "এইবাৰ প্ৰথম কৰিছো ভালে লাগিছে ৷ মই অকলে দুবিঘাত গোমধানৰ খেতি কৰিছো ৷ ওচৰতে বেলেগে কৰিছে গোট হিচাপত । কষ্ট নাই এই খেতিত ৷ উৎপাদন ভাল হৈছে ৷ আমাৰ ইয়াত তিনিশমান কৃষকে এই খেতি কৰিছে ৷"

Farmers self-reliant through Maize cultivation
সাঁকো বগাই পথাৰলৈ অহা-যোৱা কৰিছে কৃষকে (ETV Bharat Assam)

একেদৰে এগৰাকী মহিলা খেতিয়কে উৎসাহিত হৈ কয়, "পুৰুষৰ সমানে মহিলাসকলো আগবাঢ়ি আহিছো ৷ ৰ’দ-বৰষুণ আমি অনুভৱ কৰা নাই ৷ আমি কৃষি কৰি সফল হ’ব লাগে ৷ অনুষ্ঠানটোৱে আমাক সকলোখিনি সুবিধা কৰি দিছে । আমি সকলোৱে একগোট হৈ কাম কৰি আগবাঢ়ি যাব লাগে ৷ আমাৰ ইয়াত পানী হয় ৷ পানী হোৱাৰ আগে আগে মাকৈ খেতি চপাব লাগে ৷ যিহেতু আমাৰ ইয়াত আগতেও বানপানী হয়, বানে পলস পেলোৱা বাবে ইয়াত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈয়ে সকলো খেতি ভাল হৈছে ৷"

গ্ৰাম্য অৰ্থনীতি সবল কৰাত চেড'ৰ ভূমিকা :

ধেমাজিৰ আৰ্থ-সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান 'ছচিঅ' ইকনমিক ডেভেল'পমেণ্ট অৰ্গেনাইজেশ্য়ন চমুকৈ চেড'ই ধেমাজি জিলাখনৰ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আহিছে ৷ বিশেষকৈ জিলাখনৰ বানপীড়িত অঞ্চলৰ কৃষকসকলক শালিখেতিৰ পৰিৱৰ্তে বিকল্প খেতিৰ জৰিয়তে জীৱনধাৰণ মান উন্নত কৰি গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত সহায় সহযোগ কৰি আহিছে ৷

এইক্ষেত্ৰত চেড’ৰ সচিৱ নৱজ্যোতি দত্তই কয়, "ইয়াত প্ৰতিবছৰে বানপানী হৈয়ে থাকে ৷ বানপানীৰ সময়ত বান সাহাৰ্য দিয়াৰ কামত আমি প্ৰায়ে আহি থাকো ৷ সেয়ে আমি অনুভৱ কৰিলো যে এই মানুহখিনিক বিকল্প জীৱিকাৰ সন্ধান দিব লাগে ৷ তাৰে প্ৰচেষ্টা চলিল আৰু গুৱাহাটীৰ চেষ্টা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সহযোগিতাত আমি ৩৪৭ জন কৃষকক মাকৈ খেতি কৰিব দিছিলো ৷ বৃহত্তৰ অঞ্চলটোৰ সাতখন গাঁৱৰ ৰাইজে মাকৈ খেতি কৰিছে ৷ এতিয়ালৈকে উৎপাদন ভাল হৈছে ৷ একাংশ মানুহৰ মনত এতিয়াও বিশ্বাস অহাই নাই যে গোমধানৰ খেতি কৰিও লাভান্বিত হ’ব পাৰি ৷"

লগতে পঢ়ক:পাণ খেতিৰে জীৱন-জীৱিকাৰ বাট মোকলাইছে এক দম্পতীয়ে - BETEL LEAF CULTIVATION

যদি উন্নতি কৰিবৰ মন- এনেই সময় নষ্ট নকৰি খেতিত লাগক ! এই কথাই শিকাইছে তিনি যুৱকে - SELF RELIANT WITH AGRICULTURE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.