অসম

assam

এপষেক পূৰ্বেই অসমত আইছিছ সন্ত্ৰাসবাদীৰ অৱস্থিতিৰ খবৰ পাইছিল অসম আৰক্ষীয়ে - ISIS India head Haris Farooqi

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 5:23 PM IST

ISIS Leader Arrest by Assam police: আইছিছ ভাৰতৰ মুৰব্বীৰ লগতে সহযোগীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত সংবাদমেল আৰক্ষীৰ ৷ যুৱক-যুৱতীক সদস্যভৰ্তিৰ ক্ষেত্ৰত পাকৈত হাৰিশ ফাৰুকী ৷ বোমা নিৰ্মাণতো ফাৰুকী পাকৈত ৷

ISIS INDIA HEAD HARIS FAROOQI
আইছিছ ভাৰতৰ মুৰব্বীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

আইছিছ ভাৰতৰ মুৰব্বীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

গুৱাহাটী, ২১ মার্চ :অসম আৰক্ষীৰ জালত পৰা সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতৰ মুৰব্বী, কুখ্যাত সন্ত্ৰাসবাদী হাৰিশ ফাৰুকী ওৰফে হাৰিশ আজমল ফাৰুকীয়ে অসমৰ যুৱক-যুৱতীক সংগঠনটোত সদস্যভৰ্তিৰ বাবে অসমলৈ আহিছিল নেকি ? তাকে লৈ এতিয়া চৰ্চা হৈছে ।

এছ টি এফৰ আই জি পি পাৰ্থসাৰথি মহন্তই বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি সদৰী‌‌ কৰা মতে যুৱক-যুৱতীক আইছিছত সদস্যভৰ্তি কৰাৰ কামত ফাৰুকী পাকৈত । তদুপৰি যুৱক-যুৱতীৰ ব্ৰেইন ৱাছ কৰাৰ ক্ষেত্ৰতো হাৰিশ ফাৰুকী দক্ষ ।

উল্লেখ্য যে এছ টি এফৰ আই জি পি পাৰ্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত ফাৰুকীৰ লগতে তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰেহানক ধুবুৰীৰ পৰা বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছিল । মহন্তই জনোৱা মতে, ফাৰুকী বোমা নিৰ্মাণতো পাকৈত । আনহাতে সন্ত্ৰাসবাদী অৰ্থ সংগ্ৰহতো সিদ্ধহস্ত ফাৰুকী । হাৰিশ ফাৰুকী আৰু অনুৰাগ সিঙে বাংলাদেশৰ পৰা আহি অসমত কিয়‌ প্ৰৱেশ কৰিছিল সেয়া এতিয়াও তদন্ত চলি‌ আছে বুলি পাৰ্থসাৰথি মহন্তই প্ৰকাশ কৰে ।

সংবাদমেলত আই জি পি পাৰ্থসাৰথি মহন্তই কয়, ‘‘১৫ দিন‌ আগতে কেন্দ্ৰীয় চোৰাংচোৱা এজেঞ্চীৰ পৰা‌ খবৰ পাইছিলো ।‌ ধুবুৰীৰ কিছু অঞ্চলত ঘুৰিব পাৰে বুলি খবৰ দিছিল । সেয়ে আৰক্ষী নিয়োগ কৰা হৈছিল । হুগলী জিলাৰ পৰা অসমত ধুবুৰী হৈ প্ৰৱেশ কৰাৰ খবৰো পোৱা গৈছিল ।’’

তদুপৰি তেওঁ কয়, ‘‘ ১৮ মাৰ্চত সিহঁতৰ ঘুৰাফুৰাৰ অলপ খবৰ পাও ৷‌ ১৯ মাৰ্চত নিশ্চিত আৰু নিৰ্ভৰযোগ্য খবৰ পাও ধৰমশালালৈ আহিব বুলি ৷ ১৯ মাৰ্চৰ আবেলি মই তালৈ যাওঁ ।‌ ২০ মাৰ্চৰ পুৱা ৪ বজাত ৰাস্তাত বাহনৰ অপেক্ষাত খোজকাঢ়ি থকা অৱস্থাত সিহঁত দুজনক গ্ৰেপ্তাৰ কৰা হয় ।‌ তাৰ পিচত গুৱাহাটীলৈ অনা‌ হয় ৷ ২০ মাৰ্চৰ নিশা নিয়াক গতাই দিয়া‌ হয় । নিয়াই সিহঁতক ইতিমধ্যে নিয়া আদালতত হাজিৰ‌ কৰোৱাইছে ।’’

বাকী ব্যৱস্থা নিয়াই ল'ব বুলি জানিবলৈ দি পাৰ্থসাৰথি মহন্তই কয় যে তদন্ত চলি আছে । অসমৰ ভাগটো অসম আৰক্ষীয়ে জেৰা কৰি তদন্ত কৰিব ।‌ হাৰিশ ফাৰুকী আৰু অনুৰাগ সিঙক অন্য ঠাইলৈ নিয়া হ’ব । তদন্ত প্ৰাথমিক পৰ্যায়ত অব্যাহত আছে । তেওঁলোকৰ পৰা মাত্ৰ ম'বাইল ফোন জব্দ কৰা হৈছে ।

উল্লেখ্য যে ধুবুৰীৰ পৰা বুধবাৰে পুৱা দুই দুধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰাৰ পিচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এক্সৰ জৰিয়তে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে । আৰক্ষীৰ তথ্য মতে ফাৰুকীৰ ঘৰ ডেৰাডুনত । ফাৰুকীৰ সৈতে তেওঁৰ সহযোগী হ'ল পানীপটৰ অনুৰাগ সিং ওৰফে ৰেহান ।

ধৃত সিঙে ইছলাম ধর্ম গ্ৰহণ কৰিছে আৰু তেওঁৰ পত্নী বাংলাদেশী নাগৰিক । যোৱা ছমাহৰ পৰা নিয়াই বিচাৰি ফুৰা ফাৰুকী আৰু সিঙৰ বিৰুদ্ধে নিয়াৰ দিল্লী, এ টি এছ লক্ষ্ণৌ আদিত কেবাটাও গোচৰ ৰুজু হৈ আছে । ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰা কুখ্যাত অপৰাধী দুটাক ধুবুৰীৰ ধৰ্মশালাৰপৰা গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ বিশেষ কর্ম বাহিনী (এছ টি এম)-এ ।

দুয়ো সন্ত্ৰাসবাদীয়ে বাংলাদেশত বাহৰ পাতি আছিল । ইপিনে আৰক্ষীৰ সূত্ৰই জনোৱা মতে ফাৰুকীয়ে বাংলাদেশত এটা কোচিং চেন্টাৰো চলায় । সন্ত্ৰাসবাদী দুটাক যি ঠাইত গ্ৰেপ্তাৰ কৰা হৈছিল, সেই ঠাই অসম-বাংলাদেশ সীমান্তৰ প্ৰায় ৫০ কিলোমিটাৰ‌ দূৰত আৰু এটা উম্মুক্ত পথ । যাৰ বাবে সেইখিনি ঠাইৰে সন্ত্ৰাসবাদী দুটা ধুবুৰীৰ ধৰ্মশালাত প্ৰৱেশ কৰিছিল ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে অনুৰাগ সিং ওৰফে ৰেহানৰ পত্নীও আইছিছৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে । বাংলাদেশত থকা ৰেহানৰ পত্নীকো নিয়াই গ্ৰেপ্তাৰ কৰাৰ‌‌ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক:হাৰিছ ফাৰুকীৰ নিৰ্দেশত ক’ত ক’ত প্ৰস্তুত হৈছে ISIS ৰ নেটৱৰ্ক ? - Haris Farooqi Connections With AMU

ABOUT THE AUTHOR

...view details