অসম

assam

বিজেপিৰ সৈতে ইউপিপিএলৰ মিত্ৰতা বেছিদিন নিটিকিব : হাগ্ৰামা মহিলাৰী - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:10 PM IST

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী ৰণডংকা ৷ কোকৰাঝাৰ, দৰং-ওদালগুৰিত বিপিএফ জিকিব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে । প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ গালি খাইছে বুলি দাবী কৰি বিজেপিৰ সৈতে ইউপিপিএলৰ মিত্ৰতা আৰু চৰকাৰ নাথাকিব বুলি মন্তব্য কৰে বি পি এফ প্ৰধানগৰাকীয়ে ৷

UPPL's alliance with BJP does not last long says Hagrama Mahilari
কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী ৰণডংকা

কোকৰাঝাৰ, ৩০ এপ্ৰিল:তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনকলৈ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰত্যেকটা ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে ৷ এই ক্ষেত্ৰত পিছপৰি থকা বিপিএফ দল ৷

মঙলবাৰে হাগ্ৰামা মহিলাৰীয়ে দোতমা ব্লকৰ অধীনৰ চেৰফাংগুৰি, ফকিৰাগ্ৰাম ব্লকৰ জগদৈ, বাওখুংগ্ৰী ব্লকৰ বাঁশবাৰী আৰু ছালাকাটি ব্লকৰ হৰিগাঁৱত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ২-২.৫ লাখ ভোটৰ ব্যৱধানত জিকিব বুলি উল্লেখ কৰে । ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয় যে যোৱা চাৰিটা বছৰত বিটিচিবাসীয়ে একো উন্নয়ন দেখা নাপালে ।

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী ৰণডংকা

সমূহ বড়ো জনতা, সংখ্যালঘু, আদিবাসী, কোচ-ৰাজবংশী, বেংগলী, নাথ-যোগী, গোৰ্খা-নেপালী, ৰাভা, হাজং, সূত্ৰধাৰ আদিকে ধৰি আন সকলো জাতি-জনগোষ্ঠীয়ে সকলোৱে এইবাৰ বিপিএফৰ নাঙলত ছবিত ভোট দিব বুলি ভাষণত উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে । নিজ ভাষণত মহিলাৰীয়ে আপোনালোকক অৰুণোদয় লাগে নে মাটিৰ পট্টা লাগে বুলি জনতাক সম্বোধন কৰি জনতাক মাটিৰ পট্টা দিয়াৰ কথা সদৰী কৰে ।

কোকৰাঝাৰত বিজেপিৰ নিজা প্ৰাৰ্থী নথকাৰ বাবে বিজেপিৰ কৰ্মী-সমৰ্থকসকলে ইউপিপিএলৰ সলনি নাঙলৰ ছবিত হে ভোট দিব বুলি মন্তব্য কৰি দৰং-ওদালগুৰিত ইউপিপিএলৰ কৰ্মী-সমৰ্থক সকলেও বিজেপিৰ সলনি নাঙলৰ ছবিত হে ভোট দিছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল বেয়াকৈ হাৰিব আৰু হৰাৰ পিছত মুখলজ্জাৰ বাবে ৰাস্তাত প্ৰমোদ বড়োৱে ওলাব নোৱাৰিব ।

আনহাতে, প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ গালি খাইছে বুলি সদৰী কৰি মহিলাৰীয়ে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা বেছিদিন নিটিকিব বুলি দাবী কৰে । ইয়াৰোপৰি দ্বীপেন বড়োৱে ভালদৰে জানে যে বিজেপিৰ সৈতে তেওঁলোকৰ মিত্ৰতা আৰু চৰকাৰ নাথাকিব আৰু সেয়েহে যি কেইটা দিন আছে তেওঁলোক লুটৰ ধান্দাত আছে, কামৰ কোনো ধান্দা নাই বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

তদুপৰি হাগ্ৰামা মহিলাৰীয়ে এবছুৰ সভাপতি দ্বীপেন বড়ো এতিয়া দ্বিতীয় চীফ বুলি উল্লেখ কৰি দ্বীপেন বড়ো এবছুৰ সভাপতি হ'লেও এক নং ঠিকাদাৰো বুলি মন্তব্য কৰি তেওঁ কোটি কোটি টকাৰ চাপ্লাই দি আছে বুলি মন্তব্য কৰে । এবছুৰ সভাপতি দ্বীপেন বড়োৰ ওপৰত গুৰুতৰ অভিযোগ কৰি মহিলাৰীয়ে কয় যে, দৰং-ওদালগুৰিৰ বড়ো মানুহখিনিয়ে দিলীপ শইকীয়াক ভোট দিব লাগে বুলি দ্বীপেন বড়োৱে উচতনি দিছিল ।

দ্বীপেন বড়োৰ নিৰ্দেশতে দৰং-ওদালগুৰি সমষ্টিৰ তামুলপুৰ, ভেৰগাঁও, ওদালগুৰিৰ ইউপিপিএলৰ সমৰ্থকসকলে নাঙলৰ ছবিত ভোট দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপনেৰে মহিলাৰীয়ে কয় যে নিৰ্বাচনৰ পিছতে বিজেপিয়ে ইউপিপিএলৰ অক্সিজেন উঠাই ল'ব । মঙলবাৰে অনুষ্ঠিত হোৱা বিপিএফৰ ব্লক পৰ্যায়ৰ নিৰ্বাচনী সভাত বহুসংখ্যক লোকৰ উপস্থিতিত এই মন্তব্য আগবঢ়াই মহিলাৰীয়ে ।

লগতে পঢ়ক:এবছুৰ সমৰ্থন এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ; হাগ্ৰামাকো ক'লে যুঁজ এৰি কৰক সমৰ্থন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details