অসম

assam

৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 3:28 PM IST

Updated : Apr 16, 2024, 3:58 PM IST

Priyanka Gandhi Assam Roadshow: প্ৰতিকূল বতৰ নেওচি অসমত নিৰ্বাচনী বিকুল বজালে প্ৰিয়ংকা গান্ধীয়ে । যোৰহাটত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিলে প্ৰিয়ংকাই । উচ্চ প্ৰশংসা কৰি গৌৰৱ গগৈক পুনৰ সংসদলৈ পঠিয়াবলৈ আহ্বান । বিহু নাচ আৰু মিছিং জনগোষ্ঠীৰ গুমৰাগ নৃত্যত অংশগ্ৰহণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৷

Priyanka Gandhi Assam Roadshow
যোৰহাটত গৌৰৱৰ হৈ প্ৰিয়ংকাই বজালে বিকুল

৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকাৰ

যোৰহাট, ১৬ এপ্ৰিল : "দেশত চৰকাৰ সলনি হ’লে আমি চাহ জনগোষ্ঠীৰ বেতন বৃদ্ধিৰ ব্যৱস্থা কৰিম ৷" যোৰহাটত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’ত প্ৰতিশ্ৰুতি অসমবাসীক । লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ উত্থাপনেৰে এয়া কংগ্ৰেছৰ প্ৰতিশ্ৰুতি আৰু এয়া কৰা হ’ব বুলি অসমত নিৰ্বাচনী ৰণশিঙা বজালে প্ৰিয়ংকা গান্ধীয়ে ।

কাইলৈ অৰ্থাৎ বুধবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ কাৰ্যসূচীৰ । অসমত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিৰ ভিতৰত সন্মানীয় সমষ্টি যোৰহাটত আজি প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই গৌৰৱ গগৈক পুনৰ সংসদলৈ পঠিয়াবলৈ আহ্বান জনায় ।

বৰষুণময় প্ৰতিকূল বতৰৰ মাজতো অসমত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে ৷ যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷ ৰোড শ্ব’ৰ আগে আগে কংগ্ৰেছৰ যোৰহাটৰ প্ৰাৰ্থী, লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈৰ হৈ তিতাবৰত প্ৰিয়ংকা গান্ধীয়ে ৰাইজক সম্বোধন কৰে ৷ প্ৰাৰ্থী গৌৰৱ গগৈৰ লগতে কেইবা হাজাৰ লোকেও প্ৰিয়ংকাৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ।

“গৌৰৱ গগৈয়ে আন্তৰিকতাৰে আপোনালোকৰ সেৱা কৰিব ৷ সংসদত গৌৰৱে আপোনালোকৰ কথা ক’ব । গৌৰৱ গগৈ এজন সৎ গতিশীল ব্যক্তি ৷ গৌৰৱ গগৈয়ে পিতাকৰ দৰেই সকলোতকৈ জনতাক আগস্থান দিয়ে ৷ তাৰ পিচতহে নিজৰ পৰিয়ালক স্থান দিয়ে ৷ গৌৰৱ যেতিয়াৰ পৰা সংসদত আছে তেতিয়াৰ পৰা আপোনালোকৰ কথা কৈ আহিছে” বুলি গৌৰৱক উচ্চ প্ৰশংসা কৰি যোৰহাটৰ ভোটাৰক উদ্দেশ্যি নিজৰ ভাষণত মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে ৷

লগতে প্ৰিয়ংকাই তিতাবৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত কয়, “গৌৰৱে সংসদত আপোনালোকৰ ৪/৫টা বিষয় উত্থাপন কৰিছে । প্ৰথমটো হ’ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমাৰ প্ৰতিশ্ৰুতি । এয়া কৰা হ’ব ।”

ইয়াৰ উপৰিও চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিলে প্ৰিয়ংকা গান্ধীয়ে । চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে বিজেপিয়ে একো কৰা নাই বুলি উল্লেখ কৰি প্ৰিয়ংকাই কয় যে কংগ্ৰেছে চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ কাৰণে প্ৰতিশ্ৰুতি দিছে ৷ ইতিপূৰ্বে চাহ জনগোষ্ঠীৰ মহিলাৰ সৈতে নিজে কথা পতাৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, “চাহ জনগোষ্ঠীৰ মহিলাৰ বেতন তেনেই কম । পূৰ্বেও আমি চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ কথা কৈছিলো ৷ দেশত চৰকাৰ সলনি হ’লে আমি চাহ শ্ৰমিকৰ বেতন বৃদ্ধি কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছো । আমি চাহ শ্ৰমিকৰ বেতন বৃদ্ধি কৰিম ৷ কৰ্ণাটক, হিমাচল আদিত আমি যি কৈছো সেয়া আমি কৰি দেখুৱাইছো ৷”

“মই জ্যোতিষী নহয় ৷ কিমান আসন পাব মই নকও । কিন্তু মই যি দেখিছো সেয়া হ’ল দেশবাসীয়ে পৰিৱৰ্তন বিচাৰিছে” বুলিও লগতে সাংবাদিকৰ সন্মুখত মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে । উল্লেখ্য যে, ১৪নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ মনোনীত তথা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি যোৰহাটত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী । দিনৰ প্ৰায় ১২বজাত যোৰহাট বিমানবন্দৰত অৱতৰণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

অসমীয়া বাপতি সাহোন বিহু আৰু মিচিং জনগোষ্ঠীৰ গুমৰাগ নৃত্য প্ৰদৰ্শনৰ মাজত বিহুৱানেৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বিমান বন্দৰত প্ৰিয়ংকা গান্ধীক আদৰণি জনায় । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অসমীয়া বাপতি সাহোন বিহুৰ সম্ভাষণ গ্ৰহণ কৰাৰ লগতে বিহু দলটোৰ বিহুৱতীসকলৰ সৈতে বিহু নাচত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে ফটো শ্ব’টো অংশগ্ৰহণ কৰে । তাৰ পাচত প্ৰিয়ংকা গান্ধীয়ে মিচিং জনগোষ্ঠীৰ গুমৰাগ নৃত্যত অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে যোৰহাট ৰৰৈয়া বিমানবন্দৰৰ পৰা পোনে পোনে তিতাবৰলৈ ৰাওনা হয় আৰু তিতাবৰত চাৰি কিলোমিটাৰজোৰা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ৷ প্ৰিয়ংকা গান্ধীক সংগ প্ৰদান কৰে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈৰ লগতে বহু নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক:১৪ টা সমষ্টিতেই যোগ্য প্ৰাৰ্থী প্ৰদান কৰা হৈছে: ভূপেন বৰা - Lok Sabha Election 2024

Last Updated : Apr 16, 2024, 3:58 PM IST

ABOUT THE AUTHOR

...view details